ETV Bharat / state

Assam Startup fest: ‘‘নতুনৰ উন্মেষ, সৃষ্টিৰ প্ৰেৰণাৰে ষ্টাৰ্ট আপ অসম’’ শ্লোগানেৰে গুৱাহাটীত অসম ষ্টাৰ্ট আপ ফেষ্ট - অসম ষ্টাৰ্ট নেষ্ট

নতুনৰ উন্মেষ, সৃষ্টিৰ প্ৰেৰণাৰে ‘‘ষ্টাৰ্ট আপ অসম’’ শ্ল’গানেৰে অসম ষ্টাৰ্ট আপ মহোৎসৱ । অহা 23 আগষ্টৰ পৰা 25 আগষ্টলৈ আমবাৰীৰ ‘নেষ্ট’ত অনুষ্ঠিত হ'ব অসম ষ্টাৰ্ট আপ ফেষ্ট 2023 ৷

Assam Startup fest
Assam Startup fest
author img

By

Published : Aug 17, 2023, 10:55 PM IST

উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াৰ সংবাদমেল

গুৱাহাটী, 17 আগষ্ট: মহানগৰীৰ আমবাৰীস্থীত অসম ষ্টাৰ্ট নেষ্টৰ কাৰ্যালয়ত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বড়াৰ সংবাদমেল ৷ অসম ষ্টাৰ্ট আপ ফেষ্ট 2023 সন্দৰ্ভত সংবাদমেল সম্বোধন মন্ত্ৰী বিমল বড়াৰ । সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে বহু কেইটা গুৰুতত্বপূৰ্ণ সিদ্ধান্ত ।

অহা 23 আগষ্টৰ পৰা 25 আগষ্টলৈ আমবাৰীৰ নেষ্টত অনুষ্ঠিত হ'ব অসম ষ্টাৰ্ট আপ ফেষ্ট ২০২৩ । ‘‘নতুনৰ উন্মেষ, সৃষ্টিৰ প্ৰেৰণাৰে ষ্টাৰ্ট আপ অসম’’ এই থীম ৰখা হৈছে অসম ষ্টাৰ্ট আপ মহোৎসৱৰ । এই মহোৎসৱৰ জৰিয়তে সামগ্ৰীৰ বিপণন, বিজ্ঞাপন সকলো বিষয়ে অৱগত হ'ব ।

35 জন উদ্যোগীৰ ষ্টাৰ্ট আপ প্ৰদৰ্শন হ'ব ষ্টাৰ্ট আপ মহোৎসৱত । লগতে তেওঁ উল্লেখ কৰি কয় ‘‘ষ্টাৰ্ট আপ ইণ্ডিয়া’’ প্ৰধানমন্ত্ৰী গৰাকীৰ এটা শ্ল'গান আছিল । অসমতো খুব সুন্দৰকৈ আগবাঢ়িছে ষ্টাৰ্ট আপৰ কাম । ষ্টাৰ্ট আপৰ দ্বাৰা বহু নিবনুৱা আত্মনিৰ্ভৰ হৈছে ।

আনহাতে ৰাজ্যৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগে 255 টা ষ্টাৰ্ট আপ বৰ্তমান প্ৰতিপালন কৰি আছে । ইয়াৰে 109 টাক উদ্যোগ বিভাগে আগবঢ়াই দিছে । লগতে ইয়াৰ দ্বাৰা 4900 গৰাকীয়ে কৰ্ম সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে ।

ষ্টাৰ্ট আপৰ দ্বাৰা ৰাজ্যত বৰ্তমানলৈ 14 লাখতকৈ অধিক লোক লাভান্বিত হৈছে । উল্লেখযোগ্য যে অসম ষ্টাৰ্ট আপ ফেষ্টত ভাৰতবৰ্ষৰ বিভিন্ন ষ্টাৰ্ট আপৰ লগত জড়িত বিভিন্ন লোকৰ লগতেই ষ্টাৰ্ট আপ গুৰু টি এন হৰি উপস্থিত থাকিব । এই মহোৎসৱৰ দ্বাৰা অসম আৰু এখোজ দিশত আগবাঢ়িব বুলি আশাবাদী মন্ত্ৰীগৰাকী ।

উল্লেখ্য যে অসম চৰকাৰে ৰাজ্যত ষ্টাৰ্ট আপৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি অহা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Anti Corruption unit raid: এইবাৰ হাত দাঙিলে হাফলং লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.