ETV Bharat / state

ক্ষুদ্ৰ চাহ খেতিলৈ চৰম ভাবুকি : চাহ পৰিষদৰ নিৰ্দেশক বুঢ়া আঙুলি বটলিং ফেক্টৰীৰ

ৰাজ্যৰ চাহ‌ উৎপাদনৰ লগত ওতপ্ৰোতঃভাৱে জড়িত হৈ থকা‌ বটলিং ফেক্টৰী (Bottling Factory)সমূহৰ নেতিবাচক ভূমিকাই অন্ধকাৰলৈ ঠেলি দিছে ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Farmer)সকলক । চাহ পৰিষদে কেঁচাপাতৰ দাম নিৰ্ধাৰণ কৰি‌ দিয়াৰ‌ পাচতো সেই দাম দিবলৈ সন্মত নহয় ফেক্টৰী কৰ্তৃপক্ষ ।‌‌

author img

By

Published : Jul 29, 2021, 10:02 PM IST

assam-small-tea-garden-facing-threats
ক্ষুদ্ৰ চাহ খেতিলৈ ভাবুকি

গুৱাহাটী, 29 জুলাই : অসমৰ চাহ উদ্যোগৰ জীৱন ৰেখা‌ হিচাপে প্ৰতিপন্ন হোৱা ক্ষুদ্ৰ চাহ বাগিচা (Small Tea Garden)সমূহৰ ভৱিষ্যতৰ প্ৰতি নামি আহিছে ঘোৰ অন্ধকাৰ । কেঁচা চাহপাতৰ দাম সন্দৰ্ভত দীৰ্ঘদিন ধৰি‌ চলি অহা অনিশ্চয়তাৰ পাচত এতিয়া ৰাজ্যৰ 15 লাখ ক্ষুদ্ৰ চাহ খেতিয়কে বাগিচাবোৰ বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । অসমত পঞ্জীয়নভুক্ত ক্ষুদ্ৰ চাহ বাগিচাৰ সংখ্যা হ’ল 1,18,754 খন । এই‌ বাগিচাসমূহৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে 15 লাখ লোকৰ জীৱন আৰু জীৱিকা ৷

লক্ষণীয়ভাৱে অসমৰ মুঠ উৎপাদিত চাহৰ 44 শতাংশ চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক (Small Tea Farmer)সকলে । এই ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ পৰাই কেঁচাপাত সংগ্ৰহ কৰি আহিছে বটলিং ফেক্টৰী (Bottling Factory)সমূহে । 2019 চনৰ শেষ ভাগলৈ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰতি কিল’গ্ৰাম কেঁচা পাত বিক্ৰী কৰিছিল 35 টকাত । কিন্তু ক’ভিড (Covid)কেন্দ্ৰিক পৰিস্থিতিৰ বাবে ফেক্টৰীসমূহে উৎপাদিত চাহৰ চাহিদা হ্ৰাস পোৱা বুলি কেঁচাপাত দাম প্ৰতিদিনেই কমাই আনি‌ছে ৷

শেহতীয়াকৈ কিল’গ্ৰামত 15 টকালৈ নমাই অনাৰ পাচতে হতবাক হৈ পৰিছে প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়ক ৷ ক’ভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিলৈ চাই ভাৰতীয় চাহ পৰিষদে শেহতীয়াকৈ কেঁচাপাতৰ নুন্যতম মূল্য নিৰ্ধাৰণ কৰি দিছিল । এই মূল্য নিৰ্ধাৰণ কৰা‌ হৈছিল জিলা ভিত্তিত ।

লগতে পঢ়ক : মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

কিন্তু আশ্চৰ্যজনকভাৱে চাহ পৰিষদৰ এই নিৰ্দেশাৱলীলৈ বুঢ়া আঙুলি দেখুৱাই খেতিয়কক সেই নুন্যতম মূল্য দিয়াৰ পৰা বিৰত আছে স্থানীয় মালিক আৰু বহুজাতিক কোম্পানীৰ অধীনত থকা বটলিং ফেক্টৰীসমূহে । চাহ পৰিষদৰ বিবৃতি অনুসৰি উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ চাহ উৎপাদনকাৰী জিলাসমূহৰ চাহ খেতিয়কসকলে উৎপাদনৰ মান অনুসৰি কেঁচাপাতৰ দাম পাব । লক্ষণীয় পৰিমাণৰ ক্ষুদ্ৰ চাহ খেতিয়ক নিয়োজিত হৈ থকা শিৱসাগৰত প্ৰতি কিল’গ্ৰামত 31.20 টকা, শোণিতপুৰত 28.72 টকা, তিনিচুকীয়াত 27.03 টকা, যোৰহাটত 32.60 টকা আৰু ডিব্ৰুগড়ৰ কৃষকে 30.14 টকাকৈ কেঁচাপাতৰ দাম পাব বুলি চাহ পৰিষদে নিশ্চিত কৰিছিল ।‌‌

কিন্তু আজি পৰ্যন্ত কোনো চাহ খেতিয়কে উল্লিখিত পৰিমাণৰ দাম ফেক্টৰীৰ পৰা‌ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা‌ নাই ।‌‌ ফেক্টৰী কৰ্তৃপক্ষই দেখুওৱা‌ এনে আচৰণে কেৱল ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবেই নহয়, ৰাজ্যৰ চাহ উদ্যোগ (Tea Industry)ৰ ভৱিষ্যতৰ প্ৰতি অশনি সংকেত আনিছে বুলি সচেতন মহলত চৰ্চিত হৈছে ।‌‌ উল্লেখ্য যে, 2018 চনত অসমৰ মুঠ উৎপাদিত চাহ 691.91 নিযুত কিল’গ্ৰামৰ ক্ষুদ্ৰ চাহ বাগিচাৰ উৎপাদন আছিল 304.44 নিযুত কিল’গ্ৰাম ।‌‌

লগতে পঢ়ক : কেঁচা চাহপাতৰ মূল্য হ্ৰাস: বিপাঙত ক্ষুদ্ৰ চাহ খেতিয়ক

2019 চনত উৎপাদিত 716.49 নিযুত কিল’গ্ৰামৰ ক্ষুদ্ৰ চাহ বাগিচাৰ উৎপাদন আছিল 321.41 নিযুত কিল’গ্ৰাম ।‌‌ ক’ভিডকেন্দ্ৰিক অচলাৱস্থাৰ মাজতো বৰ্তমান ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কে মুঠ উৎপাদিত চাহ 618.25 নিযুত কিল’গ্ৰামৰ 285 নিযুত কিল’গ্ৰাম চাহ উৎপাদন কৰি উৎপাদনৰ এক ধাৰা অব্যাহত ৰাখিবলৈ সক্ষম হৈছিল । কিন্তু সাৰ, ঔষধ আৰু কৰ্মচাৰীৰ বাবদ হোৱা খৰচ ক’ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে বৃদ্ধি কৰাত ফেক্টৰীসমূহে বিচৰা ধৰণে 10-15 টকাত কেঁচাপাত বিক্ৰী কৰিবলৈ অপাৰগ হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে । গতিকে চৰকাৰে যদি ফেক্টৰীসমূহক চাহ পৰিষদৰ দ্বাৰা নিৰ্ধাৰিত মূল্য দিবলৈ বাধ্য কৰাব নোৱাৰে, তেন্তে খেতিয়কে চাহ খেতি পৰিত্যাগ কৰাৰ গত্যন্তৰ নাথাকিব ।

লগতে পঢ়ক : ক’ভিড কেয়াৰ কেন্দ্ৰ নে গৰু গোহালি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.