ETV Bharat / state

Journalist Arun Lochan Das : প্ৰবীণ সাংস্কৃতিক সাংবাদিক-বিশিষ্ট লেখক অৰুণ লোচন দাসৰ দেহাৱসান - অৰুণলোচন দাস জীৱনী

প্ৰবীণ সাংস্কৃতিক সাংবাদিক, বিশিষ্ট লেখক অৰুণলোচন দাসৰ সোমবাৰে দেহাৱসান ঘটে ৷ অসমীয়া চিনেমাৰ ইতিহাসৰ পৰা আৰম্ভ কৰি আন যিকোনো সাংস্কৃতিক তথ্যৰ বাবে সকলোৰে এগৰাকী নিৰ্ভৰযোগ্য ব্যক্তি আছিল অৰুণলোচন দাস ৷

Journalist Arun Lochan Das
অৰুণলোচন দাসৰ দেহাৱসান
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 5:51 PM IST

গুৱাহাটী, ২৩ অক্টোবৰ : মহানৱমীৰ দিনটোৰ আন এক দুঃখবৰ । অসমৰ এগৰাকী প্ৰবীণ সাংস্কৃতিক সাংবাদিক, বিশিষ্ট লেখক অৰুণলোচন দাসৰ সোমবাৰে দেহাৱসান ঘটে ৷ অসমীয়া চিনেমাৰ ইতিহাসপৰা আৰম্ভ কৰি আন যিকোনো সাংস্কৃতিক তথ্যৰ বাবে সকলোৰে এগৰাকী নিৰ্ভৰযোগ্য ব্যক্তি আছিল অৰুণলোচন দাস ৷

অৰুণলোচন দাসৰ যোৱা 12 অক্টোবৰৰ দিনা হৃদৰোগত আক্ৰান্ত হয় ৷ তাৰ পাচত যোৱা কেইবাদিনো ধৰি মহানগৰীৰ নেমকেয়াৰ হাস্পতাল আৰু গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হৈ আছিল৷ সকলোৱে আশা কৰিছিল তেওঁ আৰোগ্য হৈ উভতি আহি অসমীয়া সাংস্কৃতিক সাংবাদিকতাৰ জগতখনত পুনৰ জেউতি বিলাই যাব ৷ কিন্তু সোমবাৰে দিনৰ দুই বজাত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অৰুণলোচন দাসে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 71 বছৰ ৷

উল্লেখ্য যে, মৃত্যুৰ পূৰ্বলৈকে সাংস্কৃতিক সাংবাদিকতাৰ ক্ষেত্ৰখনত জড়িত হৈ থকা অৰুণলোচন দাস 1976 চনতে সাংস্কৃতিক সাংবাদিকতাৰ সৈতে জড়িত হৈছিল ৷ দাস আছিল 'সাংস্কৃতিক সাংবাদিক সন্থা, অসম'ৰ প্ৰতিস্থাপক সভাপতি ৷ আনহাতে মৃত্যুৰ পূৰ্বলৈকে উক্ত সন্থাৰ উপদেষ্টা হিচাবে আছিল অৰুণলোচন দাস ।

ইয়াৰোপৰি বিগত চাৰিটা দশক ধৰি ৰাজ্যৰ প্ৰায়সমূহ কাকত, আলোচনীত সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন বাৰ্তা, সমালোচনা লিখি আহিছিল অৰুণলোচন দাসে । উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন সাংস্কৃতিক সাপ্তাহিক কাকত 'চিত্ৰ সংবাদ'ৰ সহযোগী সম্পাদকো আছিল অৰুণলোচন দাস ।

‘লাইমলাইট’ নামেৰে তেওঁ সাংস্কৃতিক সংবাদসমূহ পৰিৱেশন কৰাৰ এটা সংস্থাৰো জন্ম দিছিল ৷ ইয়াৰোপৰি ১৯৯৬ চনত সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকা বিভিন্ন শিল্পী, অভিনেতা-অভিনেত্ৰী, কলা-কুশলী, পৰিচালক আদিৰ নাম, ঠিকনা, ফোন নম্বৰ সম্বলিত লাইমলাইট ফিল্ম ডাইৰেক্টৰীও প্ৰকাশ কৰি উলিয়াইছিল৷ তদুপৰি অসমীয়া ছবিৰ বিভিন্ন বিষয়ক লৈ ভালেসংখ্যক গ্ৰন্থও তেওঁ লিখি থৈ গৈছে অৰুণলোচন দাসে । শ্ৰেষ্ঠ লেখক হিচাবে ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল অৰুণলোচন দাসে ।

অৰুণলোচন দাসৰ উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত দুটাকৈ খণ্ডত প্ৰকাশ পোৱা '১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত' গ্ৰন্থখন আছিল অন্যতম । তেওঁৰ আন কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আছিল 'এৰি অহা দিনবোৰত অসমীয়া চিনেমা’, ‘শ্বুটিং ৰিপ'ৰ্ট’, ‘কি নাম দি মাতিম’, ‘অসমীয়া চলচ্চিত্ৰ (১৯৩৫-১৯৯১)’, ‘অসমীয়া চিনেমাৰ কথা’, ‘অসমৰ সুৱদী সুৰীয়া গীত’ ইত্যাদি ৷ আনহাতে ‘উইণ্ডমিল আৰু টিউলিপ ফুলৰ দেশত' গ্ৰন্থখনিয়ে পঢ়ুৱৈ সমাজৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

১৯৫৪ চনৰ ২৯ মে'ত গুৱাহাটীৰ উজান বজাৰত জন্মগ্ৰহণ পৰা অৰুণলোচন দাসে ১৯৭৬ চনত আৰতি দাস বৈৰাগীৰ 'জোনবিৰি' আলোচনীখনৰ জৰিয়তে কৰ্মজীৱন আৰম্ভ কৰিছিল ৷ ১৯৭৯ চনত 'ৰূপকাৰ' আলোচনীখনৰ যোগেদি চলচ্চিত্ৰ সাংবাদিকতাত জড়িত হৈ পৰা সাংস্কৃতিক সাংবাদিকগৰাকীয়ে জীৱনৰ ২৫ বছৰ বয়সতে, ১৯৭৯ চনত প্ৰকাশ পোৱা প্ৰথম বহুৰঙী অফচেটত মুদ্ৰিত চলচ্চিত্ৰ আলোচনী 'আকাশ'ৰ সম্পাদনাৰ সৈতে জড়িত হৈছিল । ১৯৯০ চনৰ পৰা ১৯৯২ চনলৈকে দুটা বছৰ তেওঁ 'চিত্ৰ সংবাদ'ৰ সহযোগী সম্পাদক আছিল ।

নিজৰ সাংস্কৃতিক সাংবাদিকতাৰ অভিজ্ঞতাৰে ১৯৭৯ চনত তেওঁ নিজে 'লাইমলাইট' নামৰ এটি প্ৰতিষ্ঠানৰ জন্ম দিয়ে । এই সংস্থাটিৰ বেনাৰতেই ১০০ খনৰো অধিক ছবিৰ তেওঁ প্ৰচাৰৰ ডিজাইন কৰিছিল । মৃত্যুৰ সময়ত পত্নী, এগৰাকী কন্যা আৰু জোঁৱাইক এৰি থৈ গৈছে প্ৰয়াত দাসে ।

লগতে পঢ়ক: Last rites of Dr Birendranath Dutta : ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ব লোক-সংস্কৃতিৰ গৱেষক ড৹ বীৰেন্দ্ৰনাথ দত্তক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.