ETV Bharat / state

Congress slams BJP: হিমন্ত বিশ্ব শৰ্মা চৰকাৰক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা কংগ্ৰেছৰ

author img

By

Published : May 12, 2023, 10:48 PM IST

বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল (Assam Pradesh Congress Committee) ৷ চৰকাৰখনক বাকী আৰু ফাঁকিৰ চৰকাৰ আখ্যা ৷ বিজেপি চৰকাৰৰ দিনত ৰাজ্যত অবাধ ছিণ্ডিকেট চলি থকাৰ অভিযোগ ৷

Congress slams BJP
Congress slams BJP

বিজেপি চৰকাৰৰ ব্যৰ্থতা উদঙাই গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী, ১২ মে' : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন বাকী আৰু ফাঁকিত চলি আছে ৷ দুটা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনক এই আখ্যা দিলে প্ৰদেশ কংগ্ৰেছে ৷ শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত আৰু প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰি দুটা বছৰ সম্পূৰ্ণ কৰা চৰকাৰখনৰ ব্যৰ্থতাসমূহ উল্লেখ কৰে (Two years of Himanta Biswa govt) ৷

সংবাদমেলত সভানেত্ৰী মীৰা বৰঠাকুৰে কয় যে প্ৰকৃততে বিজেপি চৰকাৰখন সাত বছৰীয়া ৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দুটা বছৰ হৈছে ৷ এই দুবছৰীয়া কাৰ্যকালত চৰকাৰখন সকলো দিশতে চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৷ ৰাজ্যখনত ফৰ্মেলিনযুক্ত মাছ বিক্ৰী হৈ থকাৰ লগতে ৯ বিধকৈ শাক-পাচলিত ভয়ংকৰ কীটনাশক দ্ৰব্য থকাৰ কথা পোহৰলৈ অহাৰ পাচতো চৰকাৰখন জনস্বাস্থ্যৰ প্ৰতি অলপো সচেতন নহয় (Assam congress slams BJP govt) ৷

চৰকাৰখনৰ ব্যৰ্থতাসমূহ উল্লেখ কৰি তেওঁ কয় যে, এইখন চৰকাৰে নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিব পৰা নাই ৷ নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীৰ্ষত আছে ৷ শিক্ষাৰ ক্ষেত্ৰতো চৰকাৰৰ ব্যৰ্থতা দাঙি ধৰি তেওঁ কয় যে, ৰাজ্যৰ ৫১ হাজাৰ শিক্ষক-কৰ্মচাৰীক চৰকাৰে দৰমহা দিব পৰা নাই ৷ ছিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীল হোৱা এইখন চৰকাৰৰ দিনতে ৰাজ্যত অবাধে চলি আছে ছিণ্ডিকেট ৷ ছিণ্ডিকেটৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ মৌন (Syndicate in Assam) ৷

তেওঁ লগতে কয় যে, ড্ৰাগছমুক্ত অসমৰ নামত এনকাউণ্টাৰ চলাৰ সময়ত সকলোৱে চৰকাৰখনক প্ৰশংসা কৰিছিল ৷ কিন্তু এতিয়া ৰাজ্যৰ অলিয়ে-গলিয়ে ড্ৰাগছৰ অবাধ প্ৰচলন হৈছে (Operation against drugs in Assam) ৷ ইফালে চৰকাৰখনে সুৰাৰ যোগেদি ৰাজহ সংগ্ৰহ কৰিছে ৷ তেওঁ লগতে কয় যে বিজেপি চৰকাৰৰ দিনৰ এডভাণ্টেজ আসাম ফ্লপ শ্ব’ হ’ল ৷ এক্সপ্ৰেছ হাইৱে, টুইন টাৱাৰ, মেট্ৰ ৰে’ল, স্মাৰ্ট চিটি আদি সপোন হৈয়ে থাকিল ৷ সত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ নামত চৰকাৰে বুলডজাৰৰ ৰাজনীতি কৰি মানুহক হাৰাশান্তি কৰিলে (Eviction drive in Assam) ৷

আনহাতে, মিছন বসুন্ধৰাৰ নামত বহিৰাগত বনিয়াক পানীৰ দৰত মাটি দিয়াৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ ৰে’লৱে মাটি আৰু ৰে’লৱে ষ্টেডিয়াম ব্যক্তিগতকৰণ কৰাৰ প্ৰচেষ্টা চলি আছে বুলি সদৰী কৰি তেওঁ কয় যে, এইখনে চৰকাৰে থলুৱা ঠিকাদাৰসকলক বঞ্চিত কৰি আহিছে ৷

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা চৰকাৰখনে নিজৰ ব্যৰ্থতা ঢাকিবলৈ মাথোঁ চমক সৃষ্টি কৰে বুলি তেওঁ অভিযোগ কৰে ৷ চমক সৃষ্টি কৰিবলৈ চৰকাৰে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাইছিল বুলি তেওঁ কয় ৷ চৰকাৰখনে নিজৰ ব্যৰ্থতা ঢাকিবলৈ ৰাজনৈতিক চমক সৃষ্টি কৰে ৷ দুটা বছৰত ৪২ হাজাৰ কোটি টকা ধাৰ লোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ এজাহাৰ ল’বলৈ সাজু হৈছে (Loan of Assam govt) ৷ তেওঁ কয় যে, এইখন ধাৰ কৰি ঘিউ-মৌ খোৱা চৰকাৰ, বাকী আৰু ফাঁকিৰ চৰকাৰ ৷ সংবাদমেলত মনজিৎ মহন্তই চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰখনৰ ব্যৰ্থতাসমূহ দাঙি ধৰে ৷

লগতে পঢ়ক: Lok Sabha election 2024: সংখ্যালঘুৰ সমৰ্থন বিচাৰি এ আই ইউ ডি এফৰ দুৰ্গত মোডী মন্ত্ৰীসভাৰ মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.