ETV Bharat / state

জি এছ টি বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ

author img

By

Published : Jul 2, 2022, 4:52 PM IST

কেন্দ্ৰীয় চৰকাৰে জিএছ টি কাউন্সিলৰ সভাত গ্ৰহণ কৰা জি এছ টি বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ (Assam Pradesh Congress against increasing GST)। অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ ।

congress
Assam Pradesh Congress againts GST: জি এছ টি বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা কংগ্ৰেছৰ

গুৱাহাটী,২ জুলাই: চৰকাৰে সকলো কৰ বৃদ্ধি কৰি সাধাৰণ ৰাইজক সৰ্বশ্বান্ত কৰা বুলি মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই ( Assam Pradesh Congress general secretary Apurva Kumar Bhattacharya opposed increasing gst)। গুৱাহাটীৰ ৰাজীৱ ভৱনত শণিবাৰে অনুষ্ঠিত এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টচাৰ্যই কয় যে শেহতীয়া দুটা বানত ৰাজ্যৰ সাধাৰণ ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হৈছে (Rajiv Bhawan in Guwahati)। ইয়াৰ মাজতে যোৱা ২৯ জুনত কেন্দ্ৰীয় চৰকাৰে জিএছ টি কাউন্সিলৰ সভা আহ্বান কৰিছিল ।(Central Government GST Council Meeting)। উক্ত সভাক লৈ সকলোৱে আশাবাদী আছিল । এই সভাখনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৰাজ্যক জিএছটিৰ ক্ষতিপূৰণ আদায় দিয়াৰ লগতে বকেয়া লাভ কৰিব বুলি আশা কৰিছিল । কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ।

তেওঁ কয় যে যোৱা ২৯ জুনত কাউন্সিলৰ সভাত কেন্দ্ৰীয় চৰকাৰখনে সাধাৰণ ৰাইজক মাধমাৰ দিবলৈ ৰান্ধনিশালত দৈনন্দিন ব্যৱহাৰ্য খাদ্য-সামগ্ৰী, জলপানত জিএছটি আৰোপ কৰাৰ উপৰি পূৰ্বে নিৰ্ধাৰিত জিএছটিৰ হাৰো বৃদ্ধি কৰাৰ সিদ্ধান্ত কৰিছে । এই সন্দৰ্ভত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয় যে যিবোৰ সামগ্ৰীৰ ওপৰত আগতে ৫ পৰা ৮ শতাংশ জিএছটি আছিল সেই সামগ্ৰীৰ ওপৰত চৰকাৰখনে ১২ শতাংশলৈ জিএছটি বৃদ্ধি কৰিছে । প্ৰায় ৯০০ বিধ সামগ্ৰীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে ১২শতাংশলৈ জিএছ টি বৃদ্ধি কৰিছে ।

কেন্দ্ৰীয় চৰকাৰখনৰ এই পদক্ষেপৰ ফলত সাধাৰণ মানুহৰ অৱস্থা অতি শোচনীয় হ'ব উল্লেখ কৰি তেওঁ কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তুলনাত সাধাৰণ লোকৰ আয় বৃদ্ধি হোৱা নাই । তেওঁ জিএছ টিৰ কাউন্সিলৰ সভাত চৰকাৰখনে সাধাৰণ ৰাইজক মাধমাৰ দিবলৈ ৰান্ধনিশালত দৈনন্দিন ব্যৱহাৰ্য খোৱা খাদ্য-সামগ্ৰী,জলপানত জিএছ টি আৰোপৰ উপৰি পূৰ্বে নিৰ্ধাৰিত জিএছ টিৰ হাৰ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে । চৰকাৰক এই সিদ্ধান্ত প্ৰতাহাৰ কৰিবলৈ দাবী জনায় ।

অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে ক্ষোভেৰে কয় যে ২০১৮ চনৰ ৪ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰখনে বিমুদ্ৰাকৰণৰ জৰিয়তে দেশৰ অৰ্থনীতি ধ্বংস কৰিছে (central government destroyed economy through demonetisation )।চৰকাৰখনৰ জনবিৰোধী নীতিৰ বাবে দেশৰ সাধাৰণ মানুহৰ আৰ্থিক অৱস্থা দিনক দিনে বেয়াৰ দিশে গতি কৰিছে । এই চৰকাৰখনে এসময়ত মানুহৰ উশাহ- নিশাহ লোৱাৰ ওপৰতো কৰ আৰোপ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কটাক্ষ কৰে ।

লগতে পঢ়ক: Landslide in Manipur: বায়ুসেনাৰ বিমানেৰে স্ব গৃহলৈ প্ৰেৰণ সেনাৰ জোৱানৰ নশ্বৰদেহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.