ETV Bharat / state

Political Ups and Downs : বিদায়ী 2022ত অসমৰ ৰাজনীতিৰ পথাৰখনৰ উত্থান-পতনৰ প্ৰতিচ্ছবি

author img

By

Published : Dec 28, 2022, 9:15 PM IST

২০২২ বৰ্ষটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ ৷ শাসকীয় দল বিজেপিৰ বাবে যিমান আশাব্যঞ্জক, সিমানেই নিৰাশজনক আছিল ৰাজ্যখনৰ প্ৰায়বোৰ বিৰোধী দলৰ বাবে ৷ ৰাষ্ট্ৰপতি নিৰ্বাচন, ৰাজ্যসভা নিৰ্বাচনৰ পৰা ধৰি পৌৰ সভা, ঠেঙাল-কছাৰী আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত নিজৰ শক্তি অটুট ৰাখি জয়লাভ কৰিলে বিজেপিয়ে ৷ বিজেপিৰ জয়লাভৰ আটাইকেইটা নিৰ্বাচনে উদঙাই গ’ল অসমৰ সাম্প্ৰতিক ৰাজনীতিৰ প্ৰকৃত ছবিখন ৷ লগতে ইংগিত দিলে ৰাজ্যৰ ৰাজনীতিৰ ভৱিষ্যতৰ ( Political ups and downs in Assam)৷

Political ups and downs
2022 বৰ্ষত অসমৰ ৰাজনীতি

নিউজ ডেস্ক, 28 ডিচেম্বৰ: মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে সময়ৰ পখী ঘোঁৰাত উঠি বিদায় মাগিব ২০২২ বৰ্ষই ৷ বিদায়ী এই বছৰটো অসমৰ বাবে এটা ঘটনাবহুল বছৰ ৷ আৰ্থ-সামাজিক আৰু ৰাজনৈতিকভাৱে এটা গুৰুত্বপূৰ্ণ বছৰ ৷ কোনোবা এটা ৰাজনৈতিক দলৰ বাবে যদি সফলতাই আকাশ চুইছে, তেন্তে আন কোনোবা এটা ৰাজনৈতিক দলে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰিবলগীয়া হৈছে কঠোৰ সংগ্ৰাম Political ups and downs in Assam)৷

তাৰ মাজতে ৰাজনীতিৰ কঠোৰ আৰু চলনাময় পথাৰখনত জনতা ৰ’বলগীয়া হ’ল নীৰৱ দৰ্শক হৈ ৷ সৰু আঞ্চলিক দলসমূহে অস্তিত্বৰ সংকটত পৰি ডাঙৰ মাছৰ সমুখত পৰা সৰু পুঠিমাছৰ দৰে ছটফটাবলগীয়া ৰাজনৈতিক পৰিস্থিতিৰো সাক্ষী বিদায়ী বৰ্ষ-২০২২ (Year End Review 2022)৷ সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এক অন্যতম চৰিত্ৰ হ’ল- আজিৰ যি ব্ৰেকিং নিউজ, কাইলৈ সেয়া অন্তঃসাৰশূন্য হৈ পৰাটো ৷ তথাপি ২০২২ বৰ্ষটো অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে বৈশিষ্ট্যপূৰ্ণ ৷ শাসকীয় দল বিজেপিৰ বাবে যিমান আশাব্যঞ্জক আছিল, সিমানেই নিৰাশজনক আছিল ৰাজ্যখনৰ প্ৰায়বোৰ বিৰোধী দলৰ বাবে ৷

শাসকীয় বিজেপিৰ কেনে গ’ল ২০২২ বৰ্ষটো: ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপিৰ বাবে আপেক্ষিকভাৱে এটা ভাল বছৰ ৷ ন-বিজেপি আৰু পুৰণি বিজেপিৰ সংঘাতে দলটোক কিছু অস্বস্তিত পেলালেও নিজৰ সাংগঠিক ভেটি অটুট ৰাখিবলৈ বছৰটোত আপ্ৰাণ চেষ্টা ৰাজ্যিক বিজেপিৰ ৷ বিদায়ী-২০২২ত কেইবাটাও গুৰুত্বপূৰ্ণ সৰু-বৰ নিৰ্বাচনৰ সন্মুখীন হ’বলগীয়া হ’ল ৰাজ্যৰ ৰাজনৈতিক দলসমূহ৷ আটাইকেইটা নিৰ্বাচনতে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল শাসকীয় বিজেপি ৷

Political Ups and Downs
বিজেপিৰ বাবে আপেক্ষিকভাৱে এটা ভাল বছৰ

এই বছৰটোতে গুৱাহাটীত বহু মূল্যবান ভূমিত প্ৰাসাদোপম পঞ্চতাৰকাসদৃশ ৰাজ্যিক মুখ্য কাৰ্যালয় স্থাপনেৰে ৰাজ্যবাসীক চমক দিলে ৰাজ্যিক বিজেপিয়ে (Assam BJP new office)৷ ৰাষ্ট্ৰপতি নিৰ্বাচন, ৰাজ্যসভা নিৰ্বাচনৰ পৰা ধৰি পৌৰসভা, ঠেঙাল-কছাৰী আৰু দেউৰী স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচনত নিজৰ শক্তি অটুট ৰাখি জয়লাভ কৰিলে বিজেপিয়ে ৷ বিজেপিৰ জয়লাভৰ আটাইকেইটা নিৰ্বাচনে উদঙাই দেখুৱাই গ’ল অসমৰ সাম্প্ৰতিক ৰাজনীতিৰ প্ৰকৃত ছবিখন ৷ লগতে ইংগিত দিলে ৰাজ্যৰ ৰাজনীতিৰ ভৱিষ্যতৰ ৷

ৰাজ্যসভা নিৰ্বাচনত বিশ্বাসঘাতকতা বিৰোধী কংগ্ৰেছ-এআইইউডিএফ বিধায়কৰ: এই বছৰৰ এক এপ্ৰিলত অসমৰ পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল ৷ শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী আছিল পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰী ৷ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ এই ৰাজ্যসভা নিৰ্বাচনত এ আই ইউ ডি এফে ক্ৰছ ভোটিঙত লিপ্ত হোৱাৰ লগতে শাসকীয় বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰাৰ ফলত বিৰোধীৰ যৌথ প্ৰাৰ্থীৰ পৰাজয় হোৱা বুলি কংগ্ৰেছে প্ৰথমে অভিযোগ উত্থাপন কৰে ।

Political Ups and Downs
কংগ্ৰেছত ঘটিল মোক্ষম আঘাত

বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদমেলত দাবী কৰিছিল, ‘‘আমি স্পষ্ট কৰিব বিচাৰোঁ যে ২৭ জন কংগ্ৰেছ বিধায়কৰ ভিতৰত ২৫ জনেই আমাৰ যুটীয়া প্ৰাৰ্থীক ভোট দিছিল । এটা ভোট অযোগ্য হোৱাৰ বিপৰীতে আন এটা ভোটে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিছিল’’ । কংগ্ৰেছৰ দুই বিধায়ক ছিদ্দিক আহমেদ আৰু শশীকান্ত দাসে ইতিমধ্যে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন কৰিব বুলি ঘোষণা কৰিছিল । সেয়ে, দুয়োগৰাকী বিধায়কক কংগ্ৰেছৰ পৰা নিলম্বন কৰা হৈছিল । শেষত ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচনত শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰীয়ে বিদায়ী সাংসদ তথা বিৰোধীৰ যুটীয়া প্ৰাৰ্থী ৰিপুন বৰাৰ বিৰুদ্ধে বিজয়ী হয় ৷

মাৰ্ঘেৰিটাই ৪৬টা আৰু নাৰ্জাৰীয়ে ৪৪ টা ভোট লাভ কৰাৰ বিপৰীতে বৰাই মাত্ৰ ৩৫ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । বিধানসভাৰ ১২৬ জন সদস্যই ভোটদান কৰিছিল, ইয়াৰে এটা ভোট অযোগ্য বিবেচিত হয় ৷ কংগ্ৰেছৰ অভিযোগৰ বিপৰীতে এআইইউডিএফে অভিযোগৰ আঙুলি তোলে কংগ্ৰেছৰ বিধায়কলৈ ৷ উচ্ছাৰিত হয় কেইবাজনো কংগ্ৰেছী বিধায়কৰ নাম ৷ দুই পক্ষৰ বোকা ছটিওৱাৰ ৰাজনীতিত পিছত তল পৰি ৰ’ল মূল বিষয়- বিশ্বাসঘাতক কোন ? এই নিৰ্বাচনৰ ফলাফলৰ পিছতেই কংগ্ৰেছত ঘটিল মোক্ষম আঘাত ৷

Political Ups and Downs
ৰাজ্যসভা নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছ দলেই ত্যাগ কৰিলে ৰিপুন বৰাই

ৰাজ্যসভা নিৰ্বাচনত পৰাজিত হৈ কংগ্ৰেছ দলেই ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ যোগদান কৰিলে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত ৷ যোগদান কৰি দায়িত্ব ল’লে তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতিৰ (Ripun Bora joined TMC)৷

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিঙত অসমৰ ৰাজনীতিত জোকাৰণি: এই বছৰৰ জুলাই মাহত অনুষ্ঠিত দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনো অসমৰ ৰাজনৈতিক জগতৰ বাবে এক মনকৰিবলগীয়া বিষয় ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰাজ্যৰ বিৰোধী বিধায়কে ভোট দিলে এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক ৷ ৰাজ্যৰ মুঠ ২২ গৰাকী বিৰোধী দলৰ বিধায়কে এন ডি এ প্ৰাৰ্থীগৰাকীক ভোট দিয়াৰ কথাটো বছৰটোৰ ৰাজ্যৰ অন্যতম উল্লেখনীয় ৰাজনৈতিক ঘটনা ৷

অসমৰ মুঠ ৮২জন বিধায়কৰ ভোট নিশ্চিতভাৱে লাভ কৰিব লাগিছিল দ্ৰৌপদী মুৰ্মুৱে ৷ কিন্তু, ভোটগণনাৰ অন্তত ৰাজ্যভিত্তিক তালিকা প্ৰকাশৰ পাছতেই স্পষ্ট হ’ল অসমৰ ক্ৰছ ভোটিঙৰ কথা ৷ ভোটগণনাত বৰ্তমাৰ ৰাষ্ট্ৰপতি মুৰ্মুৱে লাভ কৰিলে অসমৰ ১০৪ টা ভোট ৷ ইফালে, বিৰোধী দল কংগ্ৰেছৰ বিধায়কৰ সংখ্যা ২৭ গৰাকী ৷ ইয়াৰে তিনিজন বিধায়ক নিলম্বিত হৈ আছিল ৷ এআইইউডিএফৰ আছে ১৫ গৰাকী বিধায়ক ৷ তাৰ দুগৰাকীয়ে ভোটদান কৰা নাছিল ৷

একেদৰে, ৰাইজৰ দল আৰু চিপিএমৰো এজনকৈ বিধায়ক আছে বিধানসভাত ৷ এই ঘটনাই উদঙাই দেখুৱালে অসমৰ বিৰোধী দলসমূহৰ একাংশ বিধায়কৰ ক্ষমতালোভী তথা মূল্যবোধহীন ৰাজনীতিৰ প্ৰতিচ্ছবি ৷ বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশোৱন্ত সিনহাই অসমৰ বিৰোধী বিধায়কৰ মাত্ৰ ২০ টা ভোটহে পাবলৈ সক্ষম হ’ল ৷ বাকী ২২ জন বিৰোধী শিবিৰৰ বিধায়কে ক্ৰছ ভোটিঙৰ জৰিয়তে দ্ৰৌপদী মুৰ্মুৰ বিজয়ত বিজেপিক হাত উজান দিলে ৷ ক্ৰছ ভোটিঙৰ বিধায়কৰ সংখ্যাই প্ৰমাণ কৰিলে কংগ্ৰেছ আৰু এআইইউডিএফ দুয়োটা দলৰে বিধায়কে ভোট দিলে দ্ৰৌপদী মুৰ্মুক ৷

পিছত পোহাৰি চুপতিত ব্যস্ত হ’ল AIUDF আৰু কংগ্ৰেছ দলৰ নেতা-বিধায়ক ৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিনটোত আৰু তাৰ পূৰ্বেও কেইবাজনো বিজেপিৰ বিধায়কে মুকলিকৈ মন্তব্য কৰিছিল- মুৰ্মুৱে কংগ্ৰেছ-এআইইউডিএফৰ পৰা কমেও ২০ৰ পৰা ২২টা ভোট লাভ কৰিব ৷ বিজেপি নেতাসকলৰ সেই দাবী সত্য প্ৰমাণিত হ’ল ফলাফলৰ সময়ত ৷ আনহাতে, ক্ৰছ ভোটিঙৰ প্ৰসংগত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও পৰৱৰ্তী সময়ত কৰিলে মুকলি মন্তব্য ৷

কংগ্ৰেছৰ ১৫-১৬ গৰাকী আৰু এআইইউডিএফৰ ৫-৬ গৰাকী বিধায়কে দ্ৰৌপদী মুৰ্মুৰ পক্ষত ভোটদান কৰা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ ৰাজ্যসভা নিৰ্বাচনৰ(Rajya Sabha Election 2022) অসমৰ বিৰোধী বিধায়কে ক্ৰছ ভোটিং কৰাৰ ফলত ৰাজ্যৰ বিৰোধী শিবিৰে ল’বলগীয়া হ’ল কলংকৰ দাগ ৷ বহু পৰিমাণে হেৰুৱালে ৰাইজৰ আস্থা৷ ৰাজ্যসভা নিৰ্বাচনৰ দৰে এইবাৰো ৰহস্যৰ আঁৰতে থাকি গ’ল কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিশ্বাসঘাতক বিধায়কসকল আছিল কোন?

পৌৰসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ জয়, ধৰাশায়ী কংগ্ৰেছ: পৌৰসভা নিৰ্বাচনত বি জে পিৰ বৃহৎ জয়, কংগ্ৰেছ ধৰাশায়ী, নিৰ্দলীয়ৰো উত্থান ৷ অসমৰ মুঠ ৮০ খন পৌৰ সভাৰ ৭৭ খন আসনেই দখন কৰে বিজেপিয়ে ৷ এখন কংগ্ৰেছ আৰু দুখন নিৰ্দলীয় দখল কৰে পৌৰ সভা নিৰ্বাচনত । মুঠ ৯৭৭ টা ৱাৰ্ডৰ ৭৫৯ টা ৱাৰ্ডত বি জে পি, ৭৬ টা ৱাৰ্ডত কংগ্ৰেছ আৰু ১৪১টা ৱাৰ্ডত নিৰ্দলীয় জয়লাভ কৰে ।

উল্লেখ্য যে, ২০১৫ চনত অনুষ্ঠিত ৰাজ্যৰ পৌৰ সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ১৫০ টা ৱাৰ্ডত জয় সাব্যস্ত কৰিছিল । কিন্তু এইবছৰৰ ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলে পূৰ্বে জয় সাব্যস্ত কৰা ৱাৰ্ডতকৈ আধা ৱাৰ্ডত জয় লাভ কৰাত ব্যৰ্থ হয় । কংগ্ৰেছে মাত্ৰ নাৰায়ণপুৰ পৌৰসভাত পাঁচটা ৱাৰ্ডত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় ৷ ইপিনে মৰিয়নী আৰু পাঠশালাত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে ।

ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো বিজেপিৰ জয়, কংগ্ৰেছ দ্বিতীয় স্থানত: ২০ জানুৱাৰীত অসমৰ চাৰি জিলাক সামৰি ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুঠ ২১ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয় ৷ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে বিজয় সাব্যস্ত কৰি পৰিষদ গঠন কৰে । বিজেপিয়ে ১৪ টা সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে অগপই ৩ টা, কংগ্ৰেছে মাত্ৰ ৪ টা আৰু নিৰ্দলীয়ই ১ টা সমষ্টিত জয়লাভ কৰে ।

বিজেপিয়ে দখল কৰিলে দেউৰী পৰিষদ, দেউৰী আঞ্চলিক দলৰ আত্মসমৰ্পণ: দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত শাসনাধিস্থ বিজেপি দলে সৰ্বাধিক ১১খন আসন লাভ কৰি পৰিষদ দখল কৰিবলৈ সক্ষম হয় ৷ ৪২ দিনৰ মূৰত ২৭ ডিচেম্বৰত শপতগ্ৰহণ কৰে ৷ মুঠ ২২ খন আসনৰ বাবে ৮ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত বিজেপিয়ে ১১ টা পৰিষদীয় সমষ্টিত জয়লাভ কৰাৰ বিপৰীতে বিজেপিৰ মিত্ৰদল অগপই এটা, কংগ্ৰেছ দলে দুটা আৰু জিমচিয়া পিপল্‌ছ পাৰ্টীয়ে (জেপিপি) ৮ টা পৰিষদীয় সমষ্টিত জয়লাভ কৰে ৷

নিৰ্বাচনত বিজেপি দলে সৰ্বাধিক আসন লাভ কৰাত দলৰ নেতা-কৰ্মীৰ মাজত আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে ৷ উল্লেখ্য, কংগ্ৰেছ দলে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো শোচনীয় পৰাজয়ৰ মুখ দেখে ৷ আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ গৃহসমষ্টি বিহপুৰীয়াত দলে এখনো আসন লাভ নকৰিলে ৷ ইফালে পৰৱৰ্তী সময়ত জেপিপিয়েও মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰকাৰন্তৰে বিজেপিৰ ওচৰত আত্মসমৰ্পণ কৰে ৷

এই গোটেইকেইটা নিৰ্বাচন লক্ষ্য কৰিলেই ওলাই পৰে বিজেপিৰ উত্থানৰ বিপৰীতে কংগ্ৰেছ-এআইএইডিএফকে ধৰি নৱগঠিত ৰাইজৰ দল, অসম জাতীয় পৰিষদ আদি দলৰ সংগ্ৰামৰ কথা ৷

বিপন্ন বড়োভূমিৰ ৰাজনীতি: বড়োভূমিৰ ৰাজনীতিয়ে প্ৰায় বছৰটো ৰাজ্যখনত শিৰোনাম দখল কৰে ৷ বিটিচিৰ মূৰব্বী প্ৰমোদ বড়োৰ পৰা ক্ষমতা কুক্ষিগত কৰিবলৈ হাগ্ৰামা মহিলাৰীৰ একপক্ষীয় বিজেপিপ্ৰেম আৰু অহৰহ বিজেপিৰে মিত্ৰতা স্থাপনৰ প্ৰচেষ্টাই উত্তাল কৰি ৰাখে বিটিএডিৰ ৰাজনীতি ৷ বছৰটোৰ শেষৰফালে নৱেম্বৰ মাহত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নাগপুৰলৈ গৈ বিজেপিৰ মাৰ্গদৰ্শক এৰএছএছৰ এজন নেতাৰ চৰণ চুই থকা এখন ফটোৱে ৰাজ্য তোলপাৰ লগায় ৷ লগতে ফাদিল হয় হাগ্ৰামাই পুনৰ ক্ষমতা বিচাৰি বিভিন্ন সময়ত প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ আৰু বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডালৈ প্ৰৰণ কৰা তিনিখন পত্ৰ ৷

ইফালে প্ৰমোদ বড়োৱে হাগ্ৰামাৰ বিৰুদ্ধে ১০০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ তুলি CBI তদন্ত হ’ব বুলি বাৰম্বাৰ দাবী কৰে ৷ আনহাতে, আগন্তুক লোকসভা আৰু বিধানসভা নিৰ্বাচন বিটিএডিত বিজেপিয়ে অকলেই খেলিব বুলি বিজেপিয়ে ঘোষণা কৰিছে ইতিমধ্যে ৷ বড়োভূমিত বিজেপিৰ সংগঠন সবল কৰাতো গুৰুত্ব দিছে বিজেপিয়ে ৷ সেয়ে, মিত্ৰজোঁটত থকা ইউপিপিএলৰ লগতে বিজেপিৰে মিত্ৰতা কৰিবলৈ উদ্বাউল হৈ থকা বিপিএফ দুয়োটা দলেই এতিয়া ভুগিছে অস্তিত্ব হেৰুওৱাৰ ভয়ত ৷

সমষ্টি পুনৰ নিৰ্ধাৰণ: সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিব অসমৰ ৰাজনীতি বছৰটোৰ শেষত নিৰ্বাচন আয়োগৰ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ কথা ঘোষণা ৷ স্বাভাৱিকতেই এয়া ৰাজ্যখনৰ ৰাজনীতিৰ বছৰটোৰ এক ডাঙৰ খবৰ৷ সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাজৱযখনৰ ৰাজনৈতিক সমীকৰণ সলনি কৰাৰ পূৰ্ণ ইংগিত বহন কৰিছে ৷ অসমত বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি ২৭ ডিচেম্বৰত আৰ পি আইন ১৯৫০ৰ ধাৰা ৮এ অনুসৰি ঘোষণা ভাৰতৰ নিৰ্বাচন আয়োগৰ ৷

Political Ups and Downs
বছৰটোৰ শেষত নিৰ্বাচন আয়োগৰ অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়াৰ কথা ঘোষণা

২০০১ চনৰ লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হ’ব ৷ এই প্ৰক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত ৰাজ্যত নতুন প্ৰশাসনিক একক সৃষ্টিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে আয়োগে ৷ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ, নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলৰ নেতৃত্বত আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক এই বিষয়টো ৰাজ্য চৰকাৰে যাতে নতুন প্ৰশাসনিক ইউনিট সৃষ্টি নকৰে তাৰ ওপৰত ৰাজ্যত সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে । অহা ১জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ দিয়া হয় এই নিষেধাজ্ঞা ৷ ৰাজ্যখনৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ সামঞ্জস্যৰ উদ্দেশ্যে ২০২১ৰ লোকপিয়লৰ পৰিসংখ্যা ব্যৱহাৰ কৰা হ’ব ।

আগনাবাঢ়িল NRCৰ কাম : ৰাজ্যখনৰ দীৰ্ঘদিনীয়া বিদেশী সমস্যা সমাধানৰ একমাত্ৰ পথ বুলি এসময়ত সকলো পক্ষই পতিয়ন যোৱা NRCৰ কাম বছৰটোত অলপো আগনাবাঢ়িল ৷ NRCক লৈ বিতৰ্ক বাঢ়িল ৷ বিপৰীতে কেগৰ প্ৰতিবেদনত NRCৰ ডাটা অপাৰেটৰৰ পাৰিশ্ৰমিকক লৈ ২৫০ কোটি টকাৰ কেলেংকাৰীৰ কথাহে পোহৰলৈ আহিল ৷

Political Ups and Downs
আগনাবাঢ়িল NRCৰ কাম

উচ্চতম ন্যায়ালয়ত CAAৰ শুনানি : ৰাজ্যখনৰ এক অন্যতম জলন্ত বিষয় CAA. নাগৰিকত্ব সংশোধনী আইন বাতিলৰ একমাত্ৰ পথ বাকী ৰৈছে উচ্চতম ন্যায়ালয়ৰ মজিয়া ৷ উচ্চতম ন্যায়ালয়ত দেশৰ বিভিন্ন পক্ষৰ লগতে অসমৰ পৰাও একাধিক পক্ষই CAA বাতিলৰ বাবে আবেদন দাখিল কৰিছিল ৷ এই সন্দৰ্ভত দেশৰ শীৰ্ষ ন্যায়ালয়ে দুটা শুনানি গ্ৰহণ কৰে এই বছৰটোত ৷

প্ৰথমটোত শুনানিত উচ্চতম ন্যায়ালয়ে অসম চৰকাৰক বিষয় সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে যদিও দ্বিতীয় শুনানি পৰ্যন্ত ৰাজ্য চৰকাৰে কোনো শপতনামা দাখিল কৰাৰ পৰা বিৰত থাকে ৷

Political Ups and Downs
একাধিক পক্ষই দাখিল কৰিলে CAA বাতিলৰ বাবে আবেদন

এইদৰেই একৈশ শতিকাৰ তৃতীয়টো দশকৰ দ্বিতীয়টো বছৰ-২০২২ বৰ্ষটোত অসমে কঢ়িয়াবলগীয়া হ’ল ৰাজনৈতিক পৰিক্ৰমা ৷ অসমৰ ৰাজনৈতিক ইতিহাস বহন কৰি বিদায়ী বছৰটোৱে বুকুত লৈ যাব ৰাজনীতিৰ খলা-বমা আৰু উত্থান-পতনৰ এখিলা বিচিত্ৰ পৃষ্ঠা ৷

লগতে পঢ়ক: Delimitation of Constituencies: সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু মন্ত্ৰী অজন্তা নেওগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.