ETV Bharat / state

Himanta Biswa Sarma on Rahul Gandhi: প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ গ্ৰহণ নকৰিলে দিছপুৰ আৰক্ষীয়ে

author img

By

Published : Feb 15, 2022, 4:58 PM IST

ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ কৰা একেই আৰক্ষীয়ে আজি অৰ্থাৎ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে (Assam Police Refused to Accept FIR Against CM) । দিছপুৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অপৰাগত প্ৰকাশ কৰি উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে । চৰকাৰখনে আৰক্ষীক চাপত ৰখাৰ অভিযোগ মীৰা বৰঠাকুৰৰ ।

Uttarakhand case
প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ গ্ৰহণ নকৰিলে দিছপুৰ আৰক্ষীয়ে

গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত এজাহাৰ গ্ৰহণ কৰা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে (Assam Police Refused to Accept FIR Against CM) । যাক লৈ ক্ষোভিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া ৷ ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা টুইটকলৈ অসমত বি জে পিৰ যুৱ মৰ্চা আৰু বিজেপিৰ মহিলা মৰ্চাই সোমবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি থানাই থানাই এজাহাৰ দাখিল কৰিছিল (FIR against Rahul Gandhi)

আনকি দিছপুৰ থানাত মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ উপস্থিতিত ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয় । দেশৰ মানচিত্ৰৰ পৰা উত্তৰ-পূৱক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে । লক্ষণীয় বিষয় যে, ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ কৰা একেই আৰক্ষীয়ে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে ।

উল্লেখ যে, ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য (Himanta Biswa's controversial stamentment in Uttarakhand) কৰা সন্দৰ্ভত মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এখন এজাহাৰ দিয়াৰ ব‍াবে উপস্থিত হৈছিল । কিন্তু দিছপুৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অপৰাগত প্ৰকাশ কৰি উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক : 'শাসকীয় দলৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে' : মানিক সৰকাৰ

এই ঘটনাক লৈ জাঙুৰ খাই উঠিছে প্ৰদেশ কংগ্ৰেছ । প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মীৰা বৰঠাকুৰৰ নেতৃত্বত যোৱা সজাতি দলটোৰ পৰা এজাহাৰ গ্ৰহণৰ পৰা বিৰত থাকিল দিছপুৰ আৰক্ষী । ঘটনা সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সজাতি দলটোৱে । চৰকাৰখনে আৰক্ষীক চাপত ৰক্ষা বুলি অভিযোগ উত্থাপন কৰিছে মীৰা বৰঠাকুৰে ।

সকলোৰে জ্ঞাত যে, ১১ ফেব্ৰুৱাৰীত উত্তৰাখণ্ডৰ এখন নিৰ্বাচনী সভাত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীক (CM Himanta Biswa targetting Rahul Gandhi)। নিৰ্বাচনী সভাত ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ মুখ্যমন্ত্ৰী শৰ্মাই প্ৰশ্ন তুলিছিল । মুখ্যমন্ত্ৰীগৰাকীৰ এনে মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল ।

তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক অপসৰণৰ দাবী জনাইছে । ইফালে মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰৌশনলাল বিট্টুৱে মহাৰাষ্ট্ৰৰ ৰামনগৰ থানাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে । অসমতো কংগ্ৰেছে জোৰদাৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।

ঘটনাৰ তীব্ৰ নিন্দা কৰি সোমবাৰে অসম প্ৰদেশ যুৱ কংগ্ৰেছে গুৱাহাটীৰ দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল । মঙলবাৰে প্ৰদেশ কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দিব বিচাৰিছিল যদিও দিছপুৰ আৰক্ষীয়ে গ্ৰহণ নকৰিলে ।

লগতে পঢ়ক : পহ্লাদ ব্ৰহ্ম অপৰাধী, ধৰ্মৰ অৱতাৰ মুখ্যমন্ত্ৰী হিমন্ত !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.