ETV Bharat / state

Assam police officers assets: 300 আৰক্ষী বিষয়াই ঘোষণা কৰা নাই সম্পত্তিৰ তালিকা - আৰক্ষী অধীক্ষক লীনা দলে

আৰক্ষী বিষয়াৰ আৰ্থিক স্বচ্ছতাক লৈ প্ৰশ্ন ! আজিলৈ ৩০০ আৰক্ষী বিষয়াই ঘোষণা কৰা নাই নিজ সম্পত্তি তালিকাৰ ঘোষণা (Assam police officers assets) ৷ সম্পত্তিৰ তালিকা ঘোষণা কৰা নাই বিতৰ্কিত উচ্চপদস্থ আৰক্ষী বিষয়া লীনা দলে, ৰুণা নেওগ আৰু ইতিমধ্যে এছ আই পৰীক্ষা কেলেংকাৰীত জেলৰ ভাত খোৱা কুমাৰ সঞ্জিত কৃষ্ণইয়ো ।

Assam police officers assets defaulters
300 আৰক্ষী বিষয়াই ঘোষণা কৰা নাই সম্পত্তিৰ তালিকা
author img

By

Published : Jun 3, 2023, 5:25 PM IST

গুৱাহাটী, ৩ জুন : এফালে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষী সঞ্চালক প্ৰধানৰ অসমৰ আৰক্ষীক দুৰ্নীতিমুক্ত স্বচ্ছ আৰু 'স্মাৰ্ট পুলিচ' ৰূপে গঢ় দিয়াৰ চেষ্টা ৷ আনফালে আন একাংশ আৰক্ষী বিষয়াৰ সন্দেহজনক ভূমিকাই জনসাধাৰণক প্ৰশ্ন তুলিবলৈ বাধ্য কৰিছে (Assam police officers assets) ৷ আচৰিত লাগিলেও মন কৰিবলগীয়া এতিয়াও নিজৰ সম্পত্তিৰ তালিকা দাখিল কৰা নাই ৩০০ জনকৈ অসম আৰক্ষীৰ বিষয়াই । এই বিষয়ে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই তালিকাত থকা কেইজনমান উচ্চ পদস্থ আৰক্ষী বিষয়াৰ নামে বিশেষভাৱে চৰ্চা লাভ কৰিছে (List of police properties) ৷

নিজৰ সম্পত্তি তালিকা ঘোষণা কৰাত ব্যৰ্থ হোৱা ৩০০ আৰক্ষীৰ তালিকাত আছে বিতৰ্কিত লীনা দলে, ৰুণা নেওগ ৷ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যু আৰু নকল সোণৰ বিতৰ্কত সাঙুৰ খাই পৰিছে হাইলাকান্দিৰ বৰ্তমানৰ আৰক্ষী অধীক্ষক লীনা দলে (SP Leena Doley) ৷ লখিমপুৰৰ প্ৰাক্তন অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু নগাঁৱৰ প্ৰাক্তন ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাৰো নাম আছে এই তালিকাত । অসম আৰক্ষীয়ে নিজে প্ৰকাশ কৰি তথ্য এয়া ৷ সম্পত্তিৰ তালিকা ঘোষণা কৰাত ব্যৰ্থ হোৱা আন এজন হ’ল দুৰ্নীতিৰ অভিযোগত অভিযুক্ত আৰক্ষী বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ।

২০২১ চনত অসম কঁপোৱা কুখ্যাত আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষা কেলেংকাৰীৰ অন্যতম অভিযুক্ত এই সঞ্জিত কৃষ্ণ। উল্লেখযোগ্য যে, পূৰ্বে নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আছিল লীনা দলে। কিন্তু মৰিকলঙৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত হাই-প্ৰফাইল মৃত্যুৰ গোচৰৰ তদন্ত চলি থকাৰ মাজতে গৃহ বিভাগে তেওঁক বদলি কৰিছিল হাইলিকান্দিৰ আৰক্ষী অধীক্ষক ৰূপে ৷ ইফালে লখিমপুৰত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰা ৰুণা নেওগ বঙালমৰাত ভুৱা সোণ আৰু জাল নোটৰ অসাধু চক্ৰৰ সৈতে জড়িত বুলি অভিযোগ উঠি আহিছে। জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ মাজতে ৰুণা নেওগক বদলি কৰি জ্যেষ্ঠ কৰ্মচাৰী বিষয়া হিচাপে গাঁও প্ৰতিৰক্ষা সংস্থা, অসম, গুৱাহাটীৰ মুখ্য নিয়ন্ত্ৰক হিচাপে নিযুক্তি দিয়া হয়।

এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে যে বিভাগীয় নিৰ্দেশনা থকা স্বত্বেও এই তিনিশ আৰক্ষী বিষয়াই কিয় নিজৰ সম্পত্তিৰ তালিকা এতিয়ালৈ ঘোষণা কৰা নাই ? চৰ্চা হৈছে যে আয় আৰু সম্পত্তিৰ পৰিমাণৰ মাজত বৃহৎ তফাৎ থকাৰ বাবেই এই তিনিশ আৰক্ষী বিষয়াই ঘোষণা কৰা নাই নিজৰ সম্পত্তিৰ তালিকা ৷

উল্লেখযোগ্য যে, সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বৰ সময়ত আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়াৰ কাৰ্যকালত সকলো আৰক্ষী বিষয়াৰ সম্পত্তিৰ তালিকা ঘোষণাৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু এই পদক্ষেপ কাৰ্যত সফল হৈ নুঠিল বুলি এতিয়া প্ৰমাণিত হৈছে । বেজৰ নাকতে খৰ ৷ বিভাগীয় নিৰ্দেশনা মানি আৰ্থিক স্বচ্ছতা মানি চলিব নুখোজে শ শ আৰক্ষী বিষয়াই ৷ ইয়াৰ অন্তৰ্নিহিত কাৰণ কি ? এতিয়া কথা হ’ল মেকুৰীৰ ডিঙিত টিলিঙা আঁৰিব কোনে ?

লগতে পঢ়ক: Protest in Dibrugarh: জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও টেট শিক্ষকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.