ETV Bharat / state

Assam Higher Education Department : ৰাজ্যৰ মহাবিদ্যালয়সমূহত নিযুক্তি বন্ধৰ নিৰ্দেশ

author img

By

Published : Mar 24, 2023, 7:45 AM IST

ৰাজ্যৰ মহাবিদ্যালয়সমূহত বন্ধ নিযুক্তি (recruitment closed in colleges of Assam) । ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে জাননী । নতুন নিযুক্তি বোৰ্ড গঠন নোহোৱা পৰ্যন্ত বন্ধ থাকিব সকলো ধৰণৰ নিযুক্তি । আনহাতে, মহাবিদ্যালয়সমূহত নিযুক্তিৰ ক্ষেত্ৰত কোনো ভূমিকা নাথাকিব মহাবিদ্যালয় কৰ্তৃপক্ষৰ ।

Higher Education
Higher Education

গুৱাহাটী, ২৪ মাৰ্চ : অসমৰ উচ্চ শিক্ষা খণ্ডলৈ আন এক অশনি সংকেত । যিটো সময়ত অসমৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰে বছৰত এক লাখ নিযুক্তিৰ কথা কৈ আহিছে, তেনে সময়তে অসমৰ উচ্চ শিক্ষা খণ্ডত দেখা গৈছে তাৰ বিপৰীত ছবি । কিয়নো খোদ ৰাজ্য চৰকাৰেই উচ্চ শিক্ষা খণ্ডত নিযুক্তি প্ৰক্ৰিয়াত প্ৰতিবন্ধকতা লগাইছে (recruitment closed in higher education sector of Assam) ।

শেহতীয়াভাৱে ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে এক জাননী জাৰি কৰিছে (recruitment closed in colleges of Assam) । এই জাননী মতে, উচ্চ শিক্ষা বিভাগৰ অধীনত থকা মহাবিদ্যালয়সমূহত সকলো নতুন নিযুক্তি বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে (Assam higher education department closed recruitment) । যোৱা ২১ মাৰ্চত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সচিব কবিতা ডেকাই জাৰি কৰা DHE/CE/AC/921/2022/77 নং জাননীমৰ্মে উচ্চ শিক্ষা বিভাগৰ অধীনত থকা মহাবিদ্যালয়সমূহত সকলো নতুন নিযুক্তি বন্ধ কৰাৰ নিৰ্দেশ দিছে ।

উচ্চ শিক্ষা বিভাগে জাৰি কৰা জাননী
উচ্চ শিক্ষা বিভাগে জাৰি কৰা জাননী

ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে এই নিৰ্দেশনাযোগে বন্ধ ঘোষণা কৰিছে নতুন নিযুক্তি তথা পদোন্নতিও । জানিব পৰা মতে, শিক্ষা বিভাগে মহাবিদ্যালয়ৰ নিযুক্তিৰ বাবে গঠন কৰিব এখন নতুন বোৰ্ড (new recruitment board for colleges of Assam) । উক্ত বোৰ্ড গঠন তথা কাৰ্যকৰী নোহোৱা পৰ্যন্ত মহাবিদ্যালয়সমূহত বন্ধ থাকিব সকলো ধৰণৰ নতুন নিযুক্তি । আনহাতে, এতিয়াৰে পৰা মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াত কোনো ভূমিকা নাথাকিব মহাবিদ্যালয় কৰ্তৃপক্ষৰ ।

উল্লেখ্য যে বিগত কেবিনেটত মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত আলোচনা হৈছিল । কেবিনেট বৈঠকত মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত হোৱা আলোচনামৰ্মে ৰাজ্যত গঠন কৰা হ'ব মহাবিদ্যালয়ৰ নিযুক্তিৰ বাবে এখন নতুন নিযুক্তি বোৰ্ড । এই বোৰ্ডে উচ্চ শিক্ষা বিভাগৰ অধীনত থকা মহাবিদ্যালয়সমূহত নিযুক্তি প্ৰক্ৰিয়াত ভূমিকা গ্ৰহণ কৰিব ।

লগতে পঢ়ক :Air Pollution in Assam : ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ আঁচনি ৰূপায়ণত ব্যৰ্থ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.