ETV Bharat / state

আজি বিশ্ব আদ্ৰভূমি দিৱস, দ্বীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাত ক্ষুব্ধ প্ৰকৃতি প্ৰেমী

বিশ্ব আদ্ৰভূমিৰ লগত সংগতি ৰাখি পশু চিকিৎসালয় মহাবিদ্যালয় প্ৰেক্ষাগৃহত বনবিভাগৰ কৰ্মশালা

author img

By

Published : Feb 2, 2019, 10:53 PM IST

আজি বিশ্ব আদ্ৰভূমি দিৱস, দ্বীপৰ বিল সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ ভূমিকাত ক্ষুব্ধ প্ৰকৃতি প্ৰেমী

গুৱাহাটী, ২ ফেব্ৰুৱাৰী : আজি বিশ্ব আদ্ৰভূমি দিৱস । আদ্ৰভূমি ৰক্ষাৰ স্বাৰ্থত সমগ্ৰ বিশ্ববাসীয়ে ২ ফেব্ৰুৱাৰীৰ দিনটো আদ্ৰভূমি দিৱস ৰূপে পালন কৰে । বিশ্ব আদ্ৰভূমি দিৱস উপলক্ষে মহানগৰীৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বনবিভাগৰ উদ্যোগত আয়োজন কৰা হয় এক কৰ্মশালাৰ । এইবাৰৰ আদ্ৰভূমি দিৱসৰ মূল থিম আছিল 'আদ্ৰভূমি আৰু জলবায়ু পৰিৱৰ্তন' । এইবাৰৰ থিমৰ লগতে সংগতি ৰাখি পশু চিকিৎসালয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত কৰ্মশালাত আদ্ৰভূমি সমূহে বিশ্ববাসীক কিদৰে ৰক্ষা কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰা হয় । কিন্তু বনবিভাগৰ এনেধৰণৰ কৰ্মশালাই কি প্ৰভাৱ পেলাইছে মহানগৰীৰ হাঁওফাও ৰূপে পৰিচিত দ্বীপৰ বিল বেদখল আৰু প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত !

undefined

অসমত থকা প্ৰায় ৩৫০০ আদ্ৰভূমি সমূহৰ ভিতৰত অধিকাংশই এতিয়া সংকটৰ গৰাহত । ইয়াৰে এক অন্য়তম উদাহৰণ হ'ল দ্বীপৰ বিল । অসমৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ লগতে দ্বীপৰ বিললৈ প্ৰত্যেক বছৰে বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমন ঘটে । কাৰণ দ্বীপৰ বিল পৰিচিত বিভিন্ন উদ্ভিদ আৰু জীৱ জন্তুৰ বাসস্থান ৰূপে । দ্বীপৰ বিলক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন দল সংগঠনৰ লগতে প্ৰকৃতি প্ৰেমী ৰাইজে দাবী জনাই আহিছে । কিন্তু চৰকাৰৰ হেমাহিতাৰ বাবে সকলো যেন এতিয়া ফটুকাৰ ফেন । দ্বীপৰ বিল সংক্ষৰণৰ ক্ষেত্ৰত চৰকাৰৰ এনে হেমাহিতাত এতিয়া ক্ষোভিত প্ৰকৃতি প্ৰেমী ।

Intro:এফালে অসমৰ একমাত্ৰ ৰামচাৰ ছাইটৰ দ্বীপৰ বিলৰ অস্তিত্ব সংকটত আনফালে বন বিভাগে আদ্ৰভূমি ৰক্ষাৰ বাবে পাতিছে কৰ্মশালা।

Body:আজি বিশ্ব আদ্ৰভূমি দিৱস। ২ ফেব্ৰুৱাৰীত আদ্ৰভূমি ৰক্ষাৰ স্বাৰ্থত বিশ্ববাসীয়ে পালন কৰে আদ্ৰভূমি দিৱস। সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো বন বিভাগে পালন কৰিলে আদ্ৰভূমি দিৱস। এই দিৱস উপলক্ষে বন বিভাগে পশু চিকিৎসালয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰিলে এক কৰ্মশালাৰ। যি সময়ত অসমৰ একমাত্ৰ ৰামচাৰ ছাইটৰ দ্বীপৰ বিলৰ অস্তিত্ব সংকটত পৰিছে সেই সময়তে বন বিভাগে অসমৰ আদ্ৰভূমি সমূহ ৰক্ষাৰ বাবে আয়োজন কৰিছে কৰ্মশালাৰ। অসমৰ বিভিন্ন আদ্ৰভূমি সমূহৰ ভিতৰত দ্বীপৰ বিল অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ দ্বীপৰ বিলৰ জৈৱ বৈশিষ্টই বাসস্থান প্ৰদান কৰি আহিছে বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে জীৱ জন্তুক। অসমৰ বিভিন্ন প্ৰজাতিৰ চৰাইৰ লগতে দ্বীপৰ বিলৰ জৈৱ বৈশিষ্টৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতিবছৰে ইয়ালৈ আহে বহু পৰিভ্ৰমী চৰাই কিন্তু বৰ্তমান বেদখল আৰু প্ৰদূষণৰ কবলত পৰা দ্বীপৰ বিলৰ অস্তিত্ব সংকটত। দ্বীপৰ বিলক বেদখল আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন দল সংগঠৰ লগতে পৰিৱেশ প্ৰেমী ৰাইজে দাবী জনাই অহাৰ লগতে আৰু চৰকাৰেও ইয়াক ৰক্ষা কৰাৰ আশ্বাস প্ৰদান কৰিছে যদিও বাস্তৱ ক্ষেত্ৰত দ্বীপৰ বিল ৰক্ষাৰ বাবে চৰকাৰৰ কোনো পদক্ষেপ দৃষ্টিগোচৰ হোৱা নাই।

বাইট ১: দিব্যধৰ গগৈ, বনবিষয়া

পৰি3ৱেশ প্ৰেমী ৰাইজ দ্বীপৰ বিলৰ অস্তিত্বক ৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কোনো পদক্ষেপক গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হোৱাৰ লগতে অসম থকা বিভিন্ন আদ্ৰভূমি সমূহো ৰক্ষাৰ দাবী জনাইছে। অসমত থকা প্ৰায় ৩৫০০ আদ্ৰভূমি সমূহৰ ভিতৰত অধিক সংখ্যক আদ্ৰভূমিৰ অস্তিত্ব বিভিন্ন কাৰণত সংকটত পৰিছে।

বাইট ২: মুবিনা আখটাত, পৰিৱেশ বিশেষজ্ঞ

Conclusion:প্ৰতি বছৰে ২ ফেব্ৰুৱাৰী তাৰিখে উদযাপন আদ্ৰভূমি দিৱসৰ এইবাৰৰ থিম আছিল আদ্ৰভূমি আৰু জলবায়ু পৰিৱৰ্তন। বৰ্তমান সমগ্ৰ বিশ্বৰ বাবে জলবায়ু পৰিৱৰ্তন এক গুৰুত্বপূৰ্ণ সমস্য হিচাপে দেখা দিছে আৰু এই সমস্যাৰ পৰা আদ্ৰভূমি সমূহে বিশ্ববাসীক কিদৰে ৰক্ষা কৰিব পাৰে আজি ইয়াৰ ওপৰতে কৰ্মশলাত আলোচনা কৰা হয়।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.