ETV Bharat / state

মহানগৰীৰ বৰছলা বিলত হ’ব জাৱৰ নিষ্কাশন প্ৰকল্প

author img

By

Published : Jun 5, 2022, 10:14 PM IST

ৰাজ্য চৰকাৰে বৰছলা বিল পুতি স্থাপন কৰিব জাৱৰ নিষ্কাশন প্ৰকল্প(Sewage treatment plant in Borsola Beel) ৷ জিলা প্ৰশাসনে সংৰক্ষিত জলাশয় হিচাবে ঘোষণা কৰি থোৱা বৰছলা বিলক অন্য ৰূপ দিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰিছে বিল উন্নয়ন সমিতিৰ লগতে স্থানীয় ৰাইজে ৷

Borsola Beel
মহানগৰীৰ বৰছলা বিলত হ’ব জাৱৰ নিষ্কাশন প্ৰকল্প

গুৱাহাটী, ৫ জুন: ধ্বংসৰ মুখলৈ গতি কৰিছে মহানগৰীৰ বৰছলা বিল (Borsola Beel Guwahati)। ৰাজ্য চৰকাৰে বৰচলা বিল পুতি আৰম্ভ কৰিবলৈ বিচাৰিছে জাৱৰ নিষ্কাশন প্ৰকল্প (Sewage treatment plant in Borsola Beel) । এই কথা পোহৰলৈ অহাৰ পাছতে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ, বৰছলা বিল উন্নয়ন সমিতি ।

সংৰক্ষিত জলাশয় পুতি এই প্ৰকল্প আৰম্ভ কৰিবলৈ বিচৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । বৰছলা বিলত জাবৰ নিষ্কাশনৰ প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায় ৰাইজে । অন্যথা উচ্চ ন্যায়লয়ৰ কাষ চপাৰ হুংকাৰ দিয়ে । চলাবিল উন্নয়ন সমিতি সম্পাদক বিপ্লবানন্দ চৌধুৰীয়ে কয় যে, ২০০০ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ পৰিপ্ৰেক্ষিতত ২০০১ চনত জিলা প্ৰশাসনে বৰছলা বিলক সংৰক্ষিত জলাশয় হিচাবে ঘোষণা কৰিছিল ।

ইপিনে ২০০৮ ত গুৱাহাটী জলাশয় সুৰক্ষা আৰু সংৰক্ষণ আইনৰ অধীনত সংৰক্ষিত জলাশয় হিচাবে বৰছলা বিল অন্তৰ্ভুক্ত হৈছিল । তাৰ পাছতো বিলৰ বহু মাটি ব্যক্তিগতভাৱে বেদখল হোৱাৰ উপৰিও বন বিভাগ, পৰ্যটন নিগমে বিলৰ মাটিত অট্টালিকা নিৰ্মাণ কৰিছে । শেহতীয়াভাৱে বিলৰ মাটিত চৰকাৰে জাৱৰ নিষ্কাশন প্ৰকল্প নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছে । যোৱা ৫ দিন পূৰ্বে জাবৰ নিষ্কাশণ প্ৰকল্প নিৰ্মাণ কৰিব বুলি হৰ্ডিং লগোৱাৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে ।

বৰছলাবিল উন্নয়ন সমিতি সম্পাদক বিপ্লবানন্দ চৌধুৰীয়ে কয়,‘‘ এই সিদ্ধান্তৰ আমি বিৰোধিতা কৰিছো । কিয়নো সংৰক্ষিত জলাশয় বুলি গুৱাহাটী উচ্চ ন্যায়লয়ে দিয়া ৰায়ৰ সম্পূৰ্ণ বিপৰীতে জাবৰ নিষ্কাশন প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে । এই বিষয় সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিম ৷’’

মহানগৰীৰ বৰচলা বিলত হ’ব জাৱৰ নিষ্কাশন প্ৰকল্প

উল্লেখ্য যে, স্মাৰ্ট চিটি প্ৰজেক্টৰ(Guwahati Smart City Project) অধীনত ১২০ কোটি টকাৰে বৰছলা বিলৰ সৌন্দৰ্য বৰ্ধনৰ(Development of Borsola Beel) কাম হাতত লৈছিল যদিও আজিলৈ তাৰ কোনো কাম আৰম্ভ নহ’ল । ৬৫ বিঘা মাটিত থকা বিলখনৰ দৈঘ্য প্ৰায় এক কিলোমিটাৰ । কিন্তু সম্প্ৰতি বেদলখল হৈ বিলখনৰ ৫০ বিঘাও মাটি নাই । বিলৰ মাটি চৰকাৰী বেচৰকাৰীভাৱে বেদখল হৈ থকাৰ অভিযোগৰ লগতে নতুনকৈ জাৱৰ নিষ্কাশন প্ৰকল্প নিৰ্মাণ কৰি বিলখনৰ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰিব ওলোৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: এমাহৰ পিছতো গুৱাহাটীৰ উন্নয়নৰ বাবে কোনো নতুন আঁচনি লোৱা নাই গুৱাহাটী পৌৰ নিগমে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.