ETV Bharat / state

প্ৰসংগ এনকাউন্টাৰ: পৰৱৰ্তী শুনানি ২১ ফেব্ৰুৱাৰীত - Fake encounter case

অসমত ধাৰাবাহিকভাবে চলি থকা এনকাউন্টাৰসমূহ প্ৰকৃতাৰ্থত ভুৱা নেকি ? ৰাজ্যত বৰ্তমানলৈকে কিমানটা এনকাউন্টাৰ সংঘটিত হৈছে ? এই সন্দৰ্ভত ২১ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ে (The Gauhati High Court) গ্ৰহণ কৰিছে এক শুনানিৰ ৷

Fake encounter case
পৰৱৰ্তী শুনানি ২১ ফেব্ৰুৱাৰীত
author img

By

Published : Feb 10, 2022, 10:14 PM IST

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী : অসমত ধাৰাবাহিকভাৱে চলি থকা এনকাউন্টাৰসমূহ প্ৰকৃতাৰ্থত ভুৱা (Fake encounter case in Assam) ৷ এই সন্দৰ্ভত দাখিল হোৱা এটা গোচৰৰ শুনানি বৃহস্পতিবাৰে গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে (The Gauhati High Court) ২১ ফেব্ৰুৱাৰীত পুনৰ শুনানিৰ দিন ধাৰ্য কৰে । উল্লেখযোগ্য যে, আৰিফ জোৱাদ্দাৰ নামৰ দিল্লীৰ এজন অধিবক্তাই এই সন্দৰ্ভত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (PIL No. 86/2021) তৰিছিল ।

আবেদনখনত কোৱা হৈছিল যে, ২০২১ বৰ্ষৰ মে' মাহৰ পৰা অসমত কমেও ৮০ টা এনে ভূৱা এনকাউন্টাৰ ৰাজ্যৰ আৰক্ষী বাহিনীয়ে সংঘটিত কৰিছে ৷ য’ত ২৮ জন লোক নিহত আৰু ৪৮ জন আঘাতপ্ৰাপ্ত হৈছে । ইতিপূৰ্বে এই আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ে কেইবাবাৰো গ্ৰহণ কৰিছে ।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা পূৰ্বৰ এক শুনানিত দাখিল কৰা এক শপতনামাত কোৱা হৈছিল যে, ৰাজ্য চৰকাৰে এনে ১৭ টা এনকাউন্টাৰৰ নিজাববীয়া তদন্ত চলাই আছে ।

৮ ফেব্ৰুৱাৰীত চৰকাৰে দাখিল কৰা শপতনামাত কোৱা হৈছিল যে, ২৮ জন লোক এই পৰ্যন্ত এনে এনকাউন্টাৰত নিহত হৈছে । আনহাতে, ২০২১ চনৰ ২২ মে'ত কাৰ্বি আংলঙত আৰক্ষীৰে হোৱা এনকাউন্টাৰত ৬ জন ডি এন এল এ সদস্য নিহত হৈছিল । সেই ঘটনাৰো তদন্ত কৰা হৈছিল ।

সেই সংঘৰ্ষত নিহত ডি এন এল এ সদস্যকেইজনৰ পৰা জব্দ হোৱা অস্ত্ৰ শস্ত্ৰ সমূহৰ কতোৱেই তেওঁলোকৰ ফিংগাৰপ্ৰিন্ট পোৱা হোৱা নাছিল বুলি তাৎপৰ্যপূৰ্ণভাৱে শপতনামাত উল্লেখ কৰা হয় ।

গতিকে এতিয়া স্বাভাৱিকতে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাই যোৱা ইটোৰ পিছত সিটো এনকাউন্টাৰৰ বৈধতা আৰু সত্যতাক লৈও প্ৰশ্ন উত্থাপিত হৈছে ।

লগতে পঢ়ক : উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল কৃষি বিভাগৰ জ্যেষ্ঠ সহায়িকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.