ETV Bharat / state

Assam Govt Utilization Certificate: ব্যৱহাৰিক প্ৰমাণপত্র নিদিয়া বাবেই আধৰুৱা হৈ ৰৈছে বহু প্ৰকল্পৰ কাম

কেন্দ্ৰীয় পুঁজিৰ ধন ব্যয়ৰ প্ৰমাণ-পত্ৰ দাখিলত ব্যৰ্থ অসম চৰকাৰ । আগবঢ়া নাই বহু কেইটা প্ৰকল্পৰ কাম । ড'নাৰ মন্ত্ৰণালয়ে প্ৰদান কৰা ধনৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল নকৰাৰ বাবে কেইবাটাও প্ৰকল্পৰ ধন বন্ধ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে । ৰাজ্য চৰকাৰে উত্তৰ-পূব পৰিষদৰ জৰিয়তে লাভ কৰা ধনৰ প্ৰায় ১৫.৮৯ কোটি টকাৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰা নাই । কেন্দ্ৰীয় চৰকাৰে অসমত কেইবাটাও প্ৰকল্পৰ বাবে প্ৰদান কৰিবলগীয়া ৪০.৫৫ কোটি টকা প্ৰদান কৰা নাই । পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ অকর্মণ্যতাৰ বাবে কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰিব নোৱৰাত বেংকত পৰি আছে শ শ কোটি টকা ।

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 7:27 PM IST

Etv BharatAssam Govt Utilization Certificate
ব্যৱহাৰিক প্ৰমাণপত্র নিদিয়া বাবেই আধৰুৱা হৈ ৰৈছে বহু প্ৰকল্পৰ কাম

গুৱাহাটী, ২২ অক্টোবৰ : কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ধনৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিলত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰ । বিশেষকৈ ড'নাৰ মন্ত্ৰণালয়ে প্ৰদান কৰা ধনৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল নকৰাৰ বাবে এতিয়া কেইবাটাও প্ৰকল্পৰ ধন বন্ধ কৰি দিছে কেন্দ্ৰীয় চৰকাৰে ।

ড'নাৰ মন্ত্ৰণালয়ৰ শীর্ষ সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় পুঁজিৰ ধন ব্যয়ৰ প্ৰমাণ-পত্ৰ দাখিলৰ বাবে অসম চৰকাৰক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো বিষয়টোত কোনোধৰণৰ গুৰুত্ব দিয়া নাই অসম চৰকাৰে । এতিয়াও ৰাজ্য চৰকাৰে উত্তৰ-পূব পৰিষদৰ জৰিয়তে লাভ কৰা ধনৰ প্ৰায় ১৫.৮৯ কোটি টকাৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰা নাই । যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে অসমত কেইবাটাও প্ৰকল্পৰ বাবে প্ৰদান কৰিবলগীয়া ৪০.৫৫ কোটি টকা প্ৰদান কৰা নাই ।

লক্ষণীয় বিষয় যে কেন্দ্ৰীয় চৰকাৰে কোনো প্ৰকল্পৰ বাবে প্ৰথম কিস্তিত যি ধন প্ৰদান কৰে সেই ধন ব্যয়ৰ ব্যাৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰাৰ পাছতহে দ্বিতীয় কিস্তিৰ ধন প্ৰদান কৰে । কিন্তু অসমত ড'নাৰ তথা উত্তৰ-পূব পৰিষদে অনুমোদন জনোৱা প্ৰকল্প ন-দহবছৰ পাৰ হৈ যোৱাৰ পাছতো আজিলৈকে একমাত্ৰ ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল নকৰাৰ বাবেই বহুতো প্ৰকল্প সম্পূৰ্ণ হোৱা নাই ।

তথ্য অনুসৰি ২০১২ চনতে দৰং কলেজত ২.৩০ কোটি টকাৰে এটা আৰ চি চি গৃহ নিৰ্মাণৰ বাবে উত্তৰ-পূব পৰিষদে অনুমোদন জনাইছিল যদিও আজিও উক্ত প্ৰকল্প সম্পূৰ্ণ নহ'ল । একেদৰে উক্ত বৰ্ষত ধন আবণ্টন দিয়া ২.৭২ কোটি টকীয়া সোণাৰি স্প'ৰ্টছ কমপ্লেক্সৰ কাম, নাৰায়ণপুৰত নির্মাণ কৰা ৪.৯৭ কোটি টকীয়া দেউৰী সাংস্কৃতিক গৃহ প্ৰকল্পৰ কামো আজিলৈকে সম্পূৰ্ণ হৈ উঠা নাই ।

ইফালে ২০১৪ চনতে উত্তৰ-পূব পৰিষদে অনুমোদন জনোৱা ৩.৩৩ কোটি টকীয়া ডিব্ৰুগড়ৰ টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ, ১.৮৮ কোটি টকীয়া মুছলপুৰৰ শালবাৰী বজাৰ, ২০১৫ চনতে অনুমোদিত তেজপুৰৰ বিহগুৰিৰ চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩.১৮ কোটি টকীয়া গৃহৰ কামো আজিলৈকে সম্পূৰ্ণ হোৱা নাই । এয়া মাত্ৰ কেইটামান সাধাৰণ উদাহৰণহে । এনেধৰণৰ বহু প্ৰকল্প আছে যিবোৰৰ কাম এতিয়াও আধৰুৱা হৈয়ে আছে ।

এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে অসমত প্ৰকল্পসমূহৰ ধন ক’ত কিদৰে ব্যৱহাৰ কৰিলে সেই সন্দৰ্ভত ব্যৱহাৰিক প্ৰমাণ-পত্ৰ দাখিল কৰাৰ বাবে কেইবাখনো পত্ৰ প্ৰেৰণ কৰিছে । কিন্তু ইয়াৰ পাছতো বিষয়টোত ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াত এতিয়া বহুতো প্ৰকল্পৰ কাম আধৰুৱা হৈ থকাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

ইফালে ৰাজ্যৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগৰ অকর্মণ্যতাৰ বাবে কেন্দ্ৰীয় আঁচনি ৰূপায়ণ কৰিব নোৱৰাত বেংকতে পৰি আছে শ শ কোটি টকা । কেন্দ্ৰীয় অনুদানৰ পুঁজি ব্যয় কৰিব নোৱাৰি বেংকত জমা হৈছে সুদৰ ধন । কেন্দ্ৰীয় চৰকাৰৰ কেইবাখনো অভিলাষী আঁচনি সময়মতে ৰূপায়ণ কৰিব নোৱৰাৰ ফলত বেংকতে শ শ কোটি টকা পৰি আছে ।

বিশেষকৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় বিত্তীয় আয়োগৰ পুঁজি জিলাই জিলাই বিতৰণ কৰি দিয়াৰ পাছতো পঞ্চায়তীৰাজ ব্যৱস্থাৰ জৰিয়তে স্থানীয় নিকায় আৰু চহৰৰ নিকায়সমূহে সময়মতে ধন ব্যয় কৰিবলৈ অসমৰ্থ হৈছে । ফলত বেংকত জমা থকা ছেভিংছ একাউণ্টৰ ধনৰ জৰিয়তে সুদ হিচাপতো কোটি কোটি টকা জমা হৈছে ।

লক্ষণীয় বিষয় যে জিলা পৰিষদৰ লগতে গাঁও পঞ্চায়ত আৰু স্থানীয় পৌৰসভাই ৰাজ্যখনত চতুৰ্দশ আৰু পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজি ব্যয় কৰাত ব্যৰ্থ হোৱা বাবেই এনে অহেতুক পৰিস্থিতিৰ সৃষ্টি হৈছে । তথ্য অনুসৰি ৰাজ্যখনৰ জিলাসমূহত এইপর্যন্ত এনে সুদৰ ধন প্ৰায় ৩০ কোটি টকা বেংকত জমা হৈ আছে যদিও এতিয়ালৈ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে সেই ধন ওভতাই পঠিওৱা অথবা কোনো নতুন প্ৰকল্পৰ নামত ব্যয় কৰাৰ নিয়ম-নীতি প্ৰৱৰ্তন কৰা নাই ।

উল্লেখ্য যে ৰাজ্যৰ জিলা পৰিষদে পঞ্চদশ বিত্তীয় আয়োগৰ পৰা লাভ কৰা অনুদানৰ পৰিমাণ হৈছে ২০২০-২১ বৰ্ষত ১,৩৩৭.১২ কোটি টকা, ২০২১-২২ বৰ্ষত ৯,৬৩৯.৫০ কোটি টকা আৰু ২০২২-২৩ বৰ্ষত ৪৮৬.৩০ কোটি টকা । আনহাতে পঞ্চদশ বিত্তীয় আয়োগৰ অনুদানৰ পুঁজিসমূহ দুটা শিতানত মোকলাই দিয়া হয় । মুক্ত পুঁজি আৰু নিৰ্ধাৰিত পুঁজি । মুক্ত পুঁজিৰ দ্বাৰা গাঁও পঞ্চায়তৰ প্ৰয়োজন অনুসৰি অগ্ৰাধিকাৰ ভিত্তিত গাঁও পঞ্চায়ত ভৱন, চৰকাৰী বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ, গাঁও অঞ্চলত থকা স্বাস্থ্যকেন্দ্ৰৰ মেৰামতি, সামূহিক পুখুৰী নিৰ্মাণ, খেলা-ধূলা আৰু সাংস্কৃতিক অনুষ্ঠানৰ বাবে মুকলি মঞ্চ নির্মাণ আদি কামত ব্যয়ৰ বাবে ধার্য কৰা হয় ।

তেনেদৰে আয়োগৰ নিৰ্ধাৰিত পুঁজিসমূহ খোৱাপানী যোগান আৰু অনাময় ব্যৱস্থাৰ উন্নয়নৰ বাবে ধার্য কৰা হৈছে । আনহাতে ষষ্ঠ ৰাজ্যিক অসম বিত্তীয় আয়োগৰ অনুদানৰ পুঁজিসমূহ দুটা শিতানত আৱণ্টন দিয়া হয় । এই শিতান দুটা হ’ল Devolution Grant আৰু Specific Grant. ইয়াৰে Devolution পঞ্চায়তীৰাজ অনুষ্ঠানৰ ৰাজহৰ সামঞ্জস্য ৰক্ষা আৰু সেৱাৰ মান উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়, লগতে প্ৰয়োজন অনুসৰি ৰাজ্য চৰকাৰৰ বিশেষ অনুমোদনৰ জৰিয়তে নিৰ্ধাৰিত পঞ্চায়ত প্ৰতিনিধিসকলৰ মাহিলি পাৰিতোষিক আদায় দিয়াৰ বাবেও ব্যৱহাৰ কৰা হয় ।

তথ্য অনুসৰি ৰাজ্যখনৰ জিলা পৰিষদ আৰু গাঁও পঞ্চায়তে বিগত সময়ছোৱাত পঞ্চদশ বিত্তীয় আয়োগৰ লগতে পঞ্চম ৰাজ্যিক বিত্ত আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগে মোকলাই দিয়া পুঁজি ব্যয় কৰিব নোৱৰাত জিলাসমূহৰ জিলা পৰিষদৰ নামত মুঠ সূতৰ ধন জমা হৈছেগৈ ১৪.৭০ কোটি টকা আৰু গাঁও পঞ্চায়তৰ নামত সুদৰ ধন জমা হৈছেগৈ ১২.২৪ কোটি টকা ।

এনেদৰে জিলাসমূহে কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰৰ ধন পঞ্চায়তী ব্যৱস্থাৰ নামত ব্যয় কৰিব নোৱৰাৰ বাবে মূলধনৰ পৰা কোটি কোটি টকা বেংকতে জমা হৈ পৰি আছে ।

লগতে পঢ়ক : APSC recruitment scam : ন্যায়িক তদন্ত সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিলৰ বাবে সাজু আয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.