গুৱাহাটী, 27 এপ্ৰিল: ৩ মে'ৰ পিছত লক ডাউন প্ৰত্যাহাৰ কৰা হ'ব নে পুনৰ বৃদ্ধি কৰা হ'ব সেই বিষয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোমবাৰে পুৱা 10 বজাৰ পৰা দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ যোগে আলোচনা কৰি মতামত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ প্ৰায় তিনি ঘন্টাজোৰা এই ভিডিঅ' কনফাৰেঞ্চত দেশৰ আন সমুহ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে অংশগ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে,দিছপুৰৰ জনতা ভৱনৰ পৰা এই ভিডিঅ' কনফাৰেঞ্চত ভাগ লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত উপস্থিত থাকে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৷ লক ডাউন প্ৰত্যাহাৰ কৰা নকৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিবলগীয়া সিদ্ধান্তই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীক জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷
লগতে পঢ়কঃ কোৱাৰেন্টাইন চেন্টাৰত খাদ্য সামগ্ৰী বিতৰণত বিধায়ক ৰূপজ্যোতি কুৰ্মীক বাধা