গুৱাহাটী, ২ জুলাই: ঋণৰ ওপৰত ঋণ লৈ তত্ নোপোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ ল'ব এক হাজাৰ কোটি টকাৰ ঋণ। ৪ জুলাইত মুকলি বজাৰৰ পৰা ৰিজাৰ্ভ বেংকৰ জৰিয়তে এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ বাবে ইতিমধ্যে বিত্ত বিভাগে প্ৰস্তাৱ দাখিল কৰিছে।
লক্ষণীয় বিষয় যে, ৪ জুলাইত ল'বলগীয়া ঋণৰ পৰিমাণ যোগ কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ দুবছৰ চাৰিমহীয়া কাৰ্যকালত লোৱা ঋণৰ পৰিমাণ ৪৬, ৫০৮ কোটি টকা হ'বগৈ । আনহাতে ৰাজ্যখনৰ মুঠ ঋণৰ পৰিমাণে অতিক্ৰম কৰিছে ১.৩৭ লাখ কোটি টকা।
বিত্তমন্ত্রী অজন্তা নেওগে বাজেট ভাষণত সদৰী কৰা অনুসৰি ২০২৩-২৪ বৰ্ষত ৰাজ্য চৰকাৰে ২৫ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেই অনুসৰি প্ৰতি বছৰে ঋণৰ পৰিমাণ বৃদ্ধি পাই আহিছে। ২০২৩-২৪ বৰ্ষত অসম চৰকাৰে মুঠ ১,৩৯,০০০ কোটি টকাৰ বাজেট প্রস্তুত কৰিছে।
লক্ষণীয় বিষয় যে ৰাজ্য চৰকাৰে লোৱা ঋণৰ অধিকাংশই হিতাধিকাৰী আঁচনি ৰূপায়ণত ব্যয় হৈছে। এক কথাত হিতাধিকাৰী বৃদ্ধিয়ে আনিছে সংকট। উল্লেখ্য যে প্রধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰৰ সহযোগিতাৰ বাবেই ৰাজ্যখনৰ উন্নয়নমূলক কাম-কাজ হোৱা বুলি প্রশংসাৰ মাজেৰেই বান দুৰ্যোগকে ধৰি অন্যান্য শিতানত আৰ্থিক মঞ্জুৰি প্ৰদানৰ অনুৰোধ জনাই অহা সময়তে ৰাজ্য চৰকাৰে পুনৰ ঋণ ল’ব।
উল্লেখ্য যে, শেহতীয়াকৈ বিহু নৃত্যত অংশ লোৱা ১১,৫৬৬ গৰাকী বিহুৱা-বিহুৱতীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰমাণপত্ৰ আৰু ২৫ হেজাৰ টকাকৈ মাননী আগবঢ়োৱা হৈছে। চৰকাৰখনৰ এনেবোৰ কাৰ্যৰ দ্বাৰা ৰাজকোষ টনকিয়াল যেন অনুমান হয় যদিও ঋণৰ ওপৰতে চলি আছে চৰকাৰ। চৰকাৰখনে ৰাজহ সংগ্ৰহৰ নামত নিত্য নতুন কৰৰ বোজা জাপি দিয়াতে ক্ষান্ত নাথাকি প্রতি মাহেই ঋণৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে। চৰকাৰখনে ঋণৰ ধন উৎপাদনশীল কামত ব্যৱহাৰ কৰাৰ সলনি বিভিন্ন হিতাধিকাৰীৰ নামত ব্যয় কৰি আছে।
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম মাহটোতে চৰকাৰে এহেজাৰ কোটি টকাৰ ঋণ লোৱাৰ বিপৰীতে মে’ মাহত তিনি হেজাৰ কোটি টকা আৰু জুন মাহত এহেজাৰ কোটি টকাৰ ঋণ লৈছিল। এইবাৰ অহা ৪ জুলাইত ল’ব এহেজাৰ কোটি টকাৰ ঋণ। ইয়াৰ পৰা স্পষ্ট যে ঋণৰ আশ্ৰয় নল’লে চৰকাৰখনে এটা মাহো বিত্তীয় সুস্থিৰতা বজাই ৰাখিব পৰা নাই। যিমানেই হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি পাইছে সিমানেই চৰকাৰে ঋণ লোৱাৰ লগতে কৰৰ বোজা জনতাৰ ওপৰত জাপি দিছে।
লগতে পঢ়ক: Dispur MLA Atul Bora: প্ৰতিক্ৰিয়া-অসন্তুষ্টিৰে মুখ্যমন্ত্রীলৈ দিছপুৰৰ বিধায়ক অতুল বৰাৰ পত্র