গুৱাহাটী, ২ জানুৱাৰী : নিজৰ অধীনস্থ তিনিটাকৈ বিভাগৰ ২০২৩ বৰ্ষৰ খতিয়ান আৰু ২০২৪ চনৰ পৰিকল্পনা সংবাদমেলযোগে সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰ্যটন আৰু নিয়োগ বিনিময় বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিছপুৰত মঙলবাৰে তিনিওটা বিভাগৰে খতিয়ান আৰু ২০২৪ৰ পৰিকল্পনা দাঙি ধৰে । নিযুক্তি বিনিময়ৰ বাবে অনলাইনযোগে পঞ্জীয়নৰ ব্যৱস্থা আজিৰে পৰা মুকলি কৰা হয় ।
ৰাজ্যৰ নিৱনুৱাসকলৰ বাবে এই সুখবৰ দি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰৰ সেৱা সেতু পৰ্টেলৰ জৰিয়তে নিয়োগ-নিযুক্তি সম্পৰ্কত পঞ্জীয়নৰ ব্যৱস্থা অব্যাহত আছে । জানুৱাৰী আৰু ফেব্ৰুৱাৰী দুয়োটা মাহত খোলা থাকিব এই অনলাইন পঞ্জীয়নৰ ব্যৱস্থা ৷ ২৯ ফেব্ৰুৱাৰী পৰ্যন্ত জমা দিব পাৰিব নিজৰ নথি-পত্ৰ । অনলাইন পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন কৰা যুৱক-যুৱতীসকলে আগন্তুক দুমাহলৈকে নিজৰ আপডেটেড নথি-পত্ৰ জমা দিব পাৰিব ।
ইয়াৰোপৰি মন্ত্ৰী বৰুৱাই সদৰী কৰে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সময়ত ৮৮ হাজাৰ নিবনুৱাই লাভ কৰিলে চাকৰি ৷ তেওঁলোকৰ বহুতৰ নাম এতিয়াও নিবনুৱা বুলিয়েই আছে । ইতিমধ্যে চাকৰি লাভ কৰাসকলে অনলাইনযোগে নিৰ্দিষ্ট পৰ্টেলত নিয়োজিত হিচাবে উল্লেখ কৰিব লাগিব ৷
ইয়াৰোপৰি নিয়াগ প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনায় যে টাটা টেকন’ল’জীয়ে উচ্চ মাধ্যমিক মাধ্যমিকত উত্তীৰ্ণ বিজ্ঞান শাখাৰ 100 গৰাকী যুৱক-যুৱতী বিচাৰিছে ৷ একেদৰে চাকৰি সম্পৰ্কত বহু মাল্টি নেছনেল কোম্পানীক ৰাজ্য চৰকাৰে প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে কথা-বতৰা আগবঢ়াই নিছে । সেয়ে নিয়োগ বিনিময়ত পঞ্জীয়ন কৰা সকলোকে অনলাইত পুনৰ পঞ্জীয়ন কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ।
মাৰ্চলৈকে অসমৰ ৮০ শতাংশ লোকে বিশুদ্ধ খোৱাপানী পাব: জনস্বাস্থ্য কাৰিকৰী বিভাগৰো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমেলত জনায় যে এই পৰ্যন্ত অসমত জল জীৱন মিছনৰ ৭০ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ জল জীৱন মিছনৰ জৰিয়তে অসমৰ ৭০ শতাংশ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিছে । এই বছৰৰ মাৰ্চলৈকে ৰাজ্যৰ ৮০ শতাংশ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিব । নতুন বছৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দাবী যে নৱবৰ্ষৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অসমৰ এশ শতাংশ লোকে বিশুদ্ধ খোৱাপানী লাভ কৰিব ।
পৰ্যটনে চুব সফলতাৰ শীৰ্ষ: আন দুটা বিভাগৰ লগতে পৰ্যটন বিভাগৰ সফলতাৰ খতিয়ানো দিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । সংবাদমেলত পৰ্যটন মন্ত্ৰী বৰুৱাৰ ঘোষণা- “ পৰ্যটন আইন আমি প্ৰৱৰ্তন কৰিম । ফেব্ৰুৱাৰীৰ অসম বিধান সভাৰ অধিৱেশনত বিধেয়ক আনিম৷” বিদায়ী 2023 বৰ্ষত ঘৰুৱা পৰ্যটকৰ লগতে বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িছে বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে সাগৰ মালা আঁচনিৰ জৰিয়তে ব্ৰহ্মপুত্ৰ নদীৰে সংযুক্ত অসমৰ ৭ টা ধৰ্মীয় স্থানলৈ যাব পাৰিব সাধাৰণ লোকৰ লগতে পৰ্যটকসকল ৷ সেই অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰে জাহাজৰ জৰিয়তে কামাখ্যা, উমানন্দ, পাণ্ডুনাথ, অশ্লকান্ত, দৌল গোবিন্দ, আউনীআটী ধৰ্মীয় স্থানসমূহলৈ পৰ্যটকসকল যাব পাৰিব বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সমষ্টিত জাইকাৰ ফুটা পানীৰ পাইপে কঢ়িয়াইছে শংকা