গুৱাহাটী, ৯ নৱেম্বৰ : ৰাজ্যৰ জল পৰিবহন ব্যৱস্থাটোক অধিক গতিশীলতা প্ৰদানৰ লক্ষ্যৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে বিশ্ব বেংকৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । ইয়াৰ দ্বাৰা বিভাগটোৱে বিশ্ব বেংকৰ পৰা ৭৭০ কোটি টকাৰ ঋণ লাভ কৰিছে । টুইটাৰ যোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, কেইবাটাও কাৰ্যসূচী লৈ সোমবাৰে বিয়লি দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা সাক্ষাৎ কৰে বিশ্ব বেংকৰ ৰাষ্ট্ৰ সঞ্চালক জুনেইড আহমেদক । বিশ্ব বেংকৰ ৰাষ্ট্র সঞ্চালক আৰু শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় । অসমৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে একেলগে কাম কৰিব বিশ্ব বেংকে ৷
কেইবাটাও প্রকল্প ৰূপায়ণৰ বাবে অচিৰেই বিশ্ব বেংকে পদক্ষেপ ল’ব ৷ সাক্ষাৎ কালত বিশ্ব বেংকৰ অংশীদাৰিত্বত অসমে বহু কেইটা উল্লেখযোগ্য প্ৰকল্পত কাম কৰাৰ প্ৰসংগত আলোচনা কৰা হয় । সাক্ষাতৰ পাছত টুইটাৰ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বিশ্ব বেংকৰ লগত অসমে একেলগে বিভিন্ন প্ৰকল্পত কাম কৰি যাব ।
লগতে পঢ়ক : মুম্বাইত খহি পৰিল অট্টালিকা : 7 জন আঘাতপ্ৰাপ্ত
দলং আৰু পথৰ আন্তঃগাঁথনি পৰা আৰম্ভ কৰি স্বাস্থ্যখণ্ড আৰু জল সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্রত শেহতীয়া প্ৰযুক্তি আৰু বিজ্ঞানসন্মত তথ্যৰে প্ৰকল্পসমূহ ৰূপায়ণ কৰা হ'ব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, বিশ্ব বেংকৰ অংশীদাৰিত্বত অসমে পৰৱৰ্তী সময়ত আৰু উচ্চ পৰ্যায়ত কাম কৰি যাব ।
উল্লেখ্য যে, সোমবাৰে পাণ্ডু পোৰ্টত অত্যাধুনিক প্ৰযুক্তিৰ জাহাজ মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৭৭০ কোটি টকাৰ বিশ্ব বেংকৰ পৰা ঋণ লৈ আভ্যন্তৰীণ জল পৰিবহনৰ কাম কৰি থকাৰ কথা সদৰি কৰিছিল । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছিল ৪ খনকৈ ষ্টিল কেটামাৰান জাহাজ ।
লগতে পঢ়ক: চিকিৎসকৰ অভাৱ ৰাজ্যৰ বহু চৰকাৰী চিকিৎসালয়ত
বিশ্ব বেংকৰ পৰা লোৱা ঋণৰ ৮০ শতাংশ ভাৰত চৰকাৰে ঘূৰাই দিব আৰু বাকী ২০ শতাংশ অসম চৰকাৰে দিব । ৰাজ্য চৰকাৰে ১০ খন জাহাজ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিছে । ইয়াৰে ৪ খন সোমবাৰে মুকলি কৰা হয় । বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে জাহাজসমূহ ।
উল্লেখ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে দিল্লীলৈ যোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয় । মুখ্যমন্ত্ৰীয়ে পর্যায়ক্রমে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ, শক্তিমন্ত্রী ৰাজকুমাৰ সিং আৰু প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙক সাক্ষাৎ কৰে ।
ইফালে, আলফা (স্বাধীন)ৰ সৈতে শেহতীয়াকৈ প্রত্যক্ষভাৱে যোগাযোগ চলাই যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে বিদ্রোহী সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰে শান্তি আলোচনাৰ ক্ষেত্ৰত কেন্দ্রীয় চৰকাৰৰ সৈতে কেইবাটাও বিষয় লৈ আলোচনা কৰাৰ বাবে দিল্লীত উপস্থিত হৈছে । এই সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়ক: পুত্ৰক হত্যা কৰি শৌচালয়ৰ গাঁতত পুতি থ'লে পিতৃ-মাতৃয়ে