ETV Bharat / state

গৃহত সোমাল পাছপ'ৰ্ট : জনসংযোগৰ সৈতে মুদ্ৰণ-লেখন বিভাগ

বিগত দীৰ্ঘসময় জুৰি পাৰপত্ৰ বা পাছপ'ৰ্ট বিভাগটো এটা সুকীয়া বিভাগ আছিল যদিও আজিৰে পৰা নতুন নিৰ্দেশযোগে এই বিভাগটোক গৃহ বিভাগৰ সৈতে একত্ৰিত কৰা হয় ।

গৃহত সোমাল পাছপ'ৰ্ট, জনসংযোগৰ সৈতে মুদ্ৰণ-লেখন বিভাগ

author img

By

Published : Aug 5, 2021, 10:36 PM IST

গুৱাহাটী, ৫ আগষ্ট : ৰাজ্যৰ প্ৰশাসনিক সংস্কাৰ বিভাগে বৃহস্পতিবাৰে দুটা পৃথক পৃথক নিৰ্দেশযোগে দুটা গুৰুত্বপূৰ্ণ বিভাগক আন বিভাগৰ সৈতে একত্ৰিত কৰে । সেই অনুসৰি বিগত দীৰ্ঘসময় জুৰি পাৰপত্ৰ বা পাছপ'ৰ্ট বিভাগটো এটা সুকীয়া বিভাগ আছিল ৷ বৃহস্পতিবাৰৰ পৰা নতুন নিৰ্দেশযোগে এই বিভাগটোক গৃহ বিভাগৰ সৈতে একত্ৰিত কৰা হয় ।

গৃহত সোমাল পাছপ'ৰ্ট, জনসংযোগৰ সৈতে মুদ্ৰণ-লেখন একত্ৰিত
গৃহ বিভাগৰ সৈতে একত্ৰিত পাছপ'ৰ্ট বিভাগ

ঠিক একেদৰে মুদ্ৰণ আৰু লেখন সামগ্ৰী বিভাগটোও সুদীৰ্ঘ সময়ৰ পৰা আছিল এটা স্বতন্ত্ৰৰীয় বিভাগ । কিন্তু এতিয়াৰে পৰা এই বিভাগটোক তথ্য আৰু জনসংযোগ বিভাগৰ সৈতে একত্ৰিত কৰা হয় । ৰাজ্যৰ প্ৰশাসনিক সংস্কাৰ বিভাগৰ প্ৰধান সচিব অৰ্চনা বাৰ্মাই বৃহস্পতিবাৰে জাৰি কৰা দুটা পৃথক নিৰ্দেশযোগে এই বিভাগ দুটাক আন বিভাগৰ সৈতে একত্ৰিত কৰে ।

গৃহ বিভাগৰ সৈতে পাছপ'ৰ্ট, জনসংযোগৰ সৈতে মুদ্ৰণ-লেখন একত্ৰিত
বৃহস্পতিবাৰে জাৰি কৰা হৈছে নিৰ্দেশনা

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাত কেতবোৰ নতুন পৰিৱৰ্তন অনা হ’ব ।

লগতে পঢ়কঃ অৱশেষত অন্ত পৰিল বিধানসভাত "উগ্ৰপন্থী" শব্দক লৈ চলা বিৰ্তক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.