ETV Bharat / state

সুৰাৰ পাছত বিদ্যুতৰ মাচুল বৃদ্ধিৰে ৰাজহ সংগ্ৰহৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

author img

By

Published : Jan 1, 2022, 7:33 PM IST

দুটা বিত্তীয় বৰ্ষত লোকচানৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে প্ৰায় ২৭ শতাংশ মাচুল বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে (Government aims to collect revenue by increasing electricity tariff) । প্ৰতি ইউনিট বিদ্যুতৰ ক্ষেত্ৰত দুটকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ এ পি ডি চি এলে । সবিশেষ জানো আহক ৷

assam-government-to-hike-electricity-price
সুৰাৰ পাছত বিদ্যুতৰ মাচুল বৃদ্ধিৰে ৰাজহ সংগ্ৰহৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

গুৱাহাটী, ১ জানুৱাৰী : অৰ্থনৈতিক সংকটৰ সন্মূখীন হোৱা ৰাজ্য চৰকাৰৰে ৰাজহ সংগ্ৰহৰ বাবে লক্ষ্য কৰি লৈছে সাধাৰণ জনতাক । উৎপাদনহীন ৰাজ্যত ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত নিত্য ব্যৱহাৰ্য আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি তথা কৰ বৃদ্ধি কৰিয়েই ৰাজকোষ ভৰাবলৈ অসমৰ চৰকাৰে অন্যতম পন্থা হিচাপে লৈছে । মূল্যবৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে নিৰ্বাচন কৰি লৈছে জনসাধাৰণৰ দুৰ্বলতা থকা আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰী । সেই উদ্দেশ্যে অসম চৰকাৰে প্ৰথমে বৃদ্ধি কৰিলে সুৰাৰ মূল্য (Liquor price hike in Assam) । সেইবিধ সামগ্ৰীৰ প্ৰতি বহু লোকৰে আছে দুৰ্বলতা আৰু দাম বৃদ্ধি হ’লেও সুৰাপায়ীয়ে সুৰাপান নকৰাকৈ নাথাকে ।

সেয়ে বৰ্ধিত মূল্যৰ সুৰাৰ সৈতে সমানুপাতিকভাৱে বৃদ্ধি হোৱা কৰেৰে ৰাজ্যৰ ৰাজকোষৰ শক্তি বৃদ্ধি হোৱাতো নিশ্চিত। সুৰাৰ পাছত এইবাৰ ৰাজ্য চৰকাৰে চকু দিছে বিদ্যুতৰ ওপৰত । য’ত চৰকাৰে হাত দিলেও অসহায় জনসাধাৰণে বৰ্ধিত মাচুল ভৰিবলৈ বাধ্য । সেই উদ্দেশ্য সন্মুখত লৈ বিজেপি চৰকাৰখনে ৰাজ্যত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে ( Assam government to hike electricity price) । বিগত দুটা বিত্তীয় বৰ্ষত লোকচানৰ অজুহাত দেখুৱাই ৰাজ্য চৰকাৰে প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে প্ৰায় ২৭ শতাংশ মাচুল বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে (Government aims to collect revenue by increasing electricity tariff) ।

সাম্প্ৰতিক মূল্যতকৈ প্ৰতি ইউনিট বিদ্যুতৰ ক্ষেত্ৰত দুটকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ উত্থাপন কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড অৰ্থাৎ এ পি ডি চি এলে । প্ৰতি ইউনিটত দুটকাকৈ বৃদ্ধি কৰিলে সেয়া হ’ব সাম্প্ৰতিক মাচুলৰ তুলনাত ২৬.৪৯ শতাংশ বৃদ্ধি । এই ক্ষেত্ৰত এ পি ডি চি এলে কোনো খণ্ডকে ৰেহাই দিব খোজা নাই । অৰ্থাৎ চৰকাৰী আঁচনিৰ জৰিয়তে কম হাৰত বিদ্যুৎ লাভ কৰি থকা হিতাধিকাৰী আৰু আনকি কৃষিক্ষেত্ৰৰ বাবে ৰেহাই মূল্যত যোগান ধৰা বিদ্যুতৰ মাচুলো বৃদ্ধি কৰিবলৈ এ পি ডি চি এলে প্ৰস্তাৱ সাজু কৰি অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত দাখিল কৰিছে ।

নিয়ামক আয়োগে সেই প্ৰস্তাৱত অনুমোদন জনোৱাৰ লগে লগে সৰ্বসাধাৰণে বৰ্ধিত মূল্যত বিদ্যুতৰ মাচুল ভৰিবলৈ বাধ্য হ’ব। এতিয়া এই বিষয়টো লৈ জনসাধাৰণৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই বিষয়টোত বহুতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে সচেতন মহলে । জানিব পৰা মতে, বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ পহিলা এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাটো প্ৰায় নিশ্চিত । সম্প্ৰতি ঘৰুৱা ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰতি ইউনিট বিদ্যুতত গড়ে ৭.৫৫ টকাকৈ মাচুল ভৰিব লাগে ।

সেই ক্ষেত্ৰত নতুন প্ৰস্তাৱত ৯.৫৫ টকা কৰা হৈছে। অৰ্থাৎ প্ৰতি ইউনিটত ২ টকাকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে চৰকাৰী আঁচনি জীৱনধাৰাৰ অধীনত হিতাধিকাৰীয়ে ভৰিব লাগিব প্ৰতি ইউনিটত ১.৭৫ টকাকৈ অতিৰিক্ত মাচুল । ইফালে এতিয়া সাধাৰণ গ্ৰাহকে দি থকা ২০ টকাৰ ‘ফিক্সড চাৰ্জ’ ৪০ টকালৈ বৃদ্ধি কৰিবলৈ প্ৰস্তাৱ দাখিল কৰা হৈছে ।

ইয়াৰ বৃদ্ধিৰ হাৰ এশ শতাংশ । পাঁচ কিলোৱাটৰ তলৰ গ্ৰাহকৰ ‘ফিক্সড চাৰ্জ’ ৫০ টকাৰ পৰা ৭৫ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে । তদুপৰি কৃষি সংযোগৰ মাচুল ১.৭৫ টকাকৈ প্ৰতি ইউনিটত আৰু ‘ফিক্সড চাৰ্জ’ ২৫ টকা বৃদ্ধিৰ প্ৰস্তাৱ দিছে। একেদৰে ৰাজহুৱা আলোকসজ্জাৰ মাচুল প্ৰতি ইউনিটত ১.৪৫ টকা আৰু ‘ফিক্সড চাৰ্জ’ ২৫ টকাকৈ বৃদ্ধিৰ প্ৰস্তাৱ দাখিল কৰা হৈছে। উল্লেখ্য যে ২০২০-২১ বিত্তীয় বৰ্ষত ৯৭৩.৪৯ কোটি আৰু ২০২১-২২ বৰ্ষত ৬৪৫.৬৭ কোটি টকাৰ লোকচান ভৰা বুলি প্ৰস্তাৱত জনাইছে এ পি ডি চি এলে।

লগতে পঢ়ক : বছৰৰ প্ৰথম দিনটোতে পাঠশালাত অচ্যুত লহকৰ-ৰতন লহকৰৰ প্ৰতিমূৰ্তি উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.