গুৱাহাটী,১৬ মে’: ৰাজ্যৰ প্ৰায় ডেৰকুৰি আৰক্ষী অধীক্ষকক সালসলনি ঘটোৱাৰ পিছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ঘটাইছে দ্বিতীয়টো বৃহৎ ৰদ-বদল । দেওবাৰে এক নিৰ্দেশযোগে সালসলনি ঘটোৱা হৈছে বহু কেইখন জিলাৰ উপায়ুক্তক ।
সেই অনুসৰি,
- বিত্ত বিভাগৰ উপ-সচিব আয়ুষ গাৰ্গক বদলি কৰা হৈছে বাক্সাৰ উপায়ুক্ত হিচাপে ৷
- একেদৰে, সমবায় বিভাগৰ যুটীয়া সচিব তেজ প্ৰকাশ ভূষালক বৰপেটাৰ উপায়ুক্ত হিচাপে বদলি ৷
- ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ সচিব বিনীতা পেগুক চৰাইদেউৰ উপায়ুক্ত হিচাপে বদলি ৷
- হাইলাকান্দিৰ অতিৰিক্ত উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহক চিৰাঙৰ উপায়ুক্ত হিচাপে বদলি ৷
- গৃহ বিভাগৰ সচিব প্ৰভাতী থাউচেনক দৰঙৰ উপায়ুক্তৰূপে বদলি কৰা হৈছে ৷
- দৰঙৰ অতিৰিক্ত উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীক ধেমাজিৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়াৰ লগতে কৰিমগঞ্জৰ উপায়ুক্ত আনবামুথান এম পিক ধুবুৰীৰ উপায়ুক্ত পদলৈ বদলি কৰা হৈছে ।
- চাহ জনজাতি উন্নয়ন বিভাগৰ সঞ্চালক মীনাক্ষি দাস নাথক গোৱালপাৰাৰ উপায়ুক্ত পদলৈ বদলি ৷
- শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙক গোলাঘাটৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ৷
- হাইলাকান্দিৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৰোহন কুমাৰ ঝাক । ঝা আছিল শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত ।
- পশুপালন বিভাগৰ সচিব অশোক কুমাৰ বৰ্মনক যোৰহাটৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে
- কাছাৰৰ অতিৰিক্ত উপায়ুক্ত সুমিত চাট্টাৱনক লখিমপুৰৰ উপায়ুক্ত হিচাপে বদলি
- হাইলাকান্দিৰ উপায়ুক্ত মেঘা নিধি দাহালক কোকৰাঝাৰৰ উপায়ুক্ত হিচাপে বদলি
- লখিমপুৰৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগুক কৰিমগঞ্জৰ উপায়ুক্ত হিচাপে বদলি
- শিক্ষা বিভাগৰ সঞ্চালক গীতিমণি ফুকনক নলবাৰীৰ উপায়ুক্ত হিচাপে বদলি
- উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব পাৱাৰ নৰসিং চাম্ভাজীক তিনিচুকীয়াৰ উপায়ুক্ত হিচাপে বদলি
- কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্ত হিৱাৰে নিসাৰ্গ গৌতমক দক্ষিণ শালমাৰাৰ উপায়ুক্ত হিচাপে বদলি
- উদ্যোগ বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ডক শোণিতপুৰৰ উপায়ুক্ত হিচাপে বদলি
- নিৰ্বাচন বিভাগৰ উপ সচিব ড৹ পি উদয় প্ৰবীণক ওদালগুৰিৰ উপায়ুক্ত হিচাপে আৰু
- উদ্যোগ বিভাগৰ উপ সচিব উৎপলা শইকীয়াক পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।