গুৱাহাটী, 8 মে’: দিছপুৰৰ জনতা ভৱনত সোমবাৰে কেবিনেট বৈঠক অনুষ্ঠিত হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত অনুষ্ঠিত এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে কামৰূপ জিলাৰ চাংসাৰিৰ এইমছৰ ওচৰত অসম ফৰেনছিক গৱেষণা বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব (Assam Forensic Research University) ৷
এই বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে 150 বিঘা মাটি এইমছৰ ওচৰত অধিগ্ৰহণ কৰা হ’ব ৷ সম্প্ৰতি এই বিশ্ববিদ্যালয়ৰ কাম-কাজ সাময়িকভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ চৌদহত পৰিচালনা কৰা হ’ব ৷ ইপিনে বিভিন্ন চৰকাৰী বিভাগত পৰৱৰ্তী সময়ত নিযুক্তি পাবলগীয়া কৰ্মচাৰীসকলৰ কামৰ গতিশীলতা বৃদ্ধি কৰাৰ বাবে প্ৰয়োজন সাপেক্ষে আন বিভাগৰ কামত জড়িত হ’ব লাগিব (Assam cabinet decision) ৷
এই ক্ষেত্ৰত শীঘ্ৰে বিধানসভাত এখন বিল উত্থাপন কৰা হ’ব ৷ বিধানসভাত এই আইনখন গৃহীত হোৱাৰ পিচত নিযুক্তি পোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব ৷ কেবিনেটত প্ৰাক্তন সৈনিকসকলে বা তেওঁৰ পত্নীয়ে অসমত এবাৰ মাটি বা ফ্লেটৰ ক্ৰয় কৰিলে তাৰ পঞ্জীয়ন মাচুল 75 শতাংশ ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উল্লেখ্য যে, অসমত এনে 11 হাজাৰ প্ৰাক্তন সৈনিক আছে ৷
আনহাতে, অসম চৰকাৰৰ বিভিন্ন বিভাগৰ অসামৰিক বিষয়াসকলক এবছৰৰ বিশেষ প্ৰশিক্ষণ দিয়াৰ বাবে এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইফালে গুৱাহাটী পল্টনবজাৰত থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান আৰু কাৰ্যালয়টোৰ ভূমি ৰে’লৱে বিভাগলৈ হস্তান্তৰ কৰা হ’ব ৷
তাৰ পৰিৱৰ্তে অসম পৰিবহন নিগমৰ বাছ আস্থান আৰু কাৰ্যালয় নিৰ্মাণৰ বাবে ৰে’লৱে জালুকবাৰীত 4 কঠাৰো অধিক ভূমি অসম পৰিবহন নিগমক আৱণ্টন দিব ৷ উল্লেখ্য যে কেবিনেট সিদ্ধান্তসমূহ কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী পীযুষ হাজৰীকাই সংবাদমেলৰ জৰিয়তে সদৰী কৰে ৷
লগতে পঢ়ক: Assam Direct Recruitment: নিযুক্তি পত্ৰ বিতৰণৰ দিন 26 মে’লৈ সলনি