নিউজ ডেস্ক, 19 জুলাই : দেওবাৰলৈ বানত ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ 25 খন জিলা ৷ ইয়াৰ লগতে প্ৰলয়ংকাৰী বানত আক্ৰান্ত হৈছে মুঠ 27,30,638 গৰাকী লোক ৷ বৰ্তমানলৈকে বানত মৃত্যু হৈছে 84 গৰাকী লোকৰ ৷
বানত প্লাৱিত হোৱা জিলাসমূহ হৈছে- ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, বাক্সা, নলবাৰী, বৰপেটা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কামৰূপ, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু কাছাৰ ৷
ইয়াৰোপৰি আক্ৰান্ত হোৱা গাঁৱৰ সংখ্যা 2,633 খন ৷ ৰাজ্যখনত বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে স্থাপন কৰা হৈছে 287 টা আশ্ৰয় শিবিৰ ৷
লগতে পঢ়ক : নাবালিকা ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ ষাঠিৰোৰ্ধৰ ব্যক্তি