ETV Bharat / state

বানত মৃত্যু হোৱা লোকৰ সংখ্যা 14লৈ বৃদ্ধি: আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত

author img

By

Published : May 21, 2022, 1:40 PM IST

বছৰৰ প্ৰথমটোত বানে লৈছে এক ভয়াবহ ৰূপ (Flood in Assam) ৷ প্ৰতিদিনাই ৰাজ্যৰ ন ন অঞ্চল প্লাবিত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ ২৯ খন জিলাৰ আঠ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইতিমধ্যে মৃত্যু মুখত পৰিছে 14 জন লোক ৷

Flood situation is remain same in Assam
বছৰৰ প্ৰথমটোত বানে লৈছে এক ভয়াবহ ৰূপ

গুৱাহাটী, 21 মে’ : ৰাজ্যত অব্যাহত আছে বান বিভীষিকা (Flood situation is remain same in Assam) । বছৰৰ বাৰিষাৰ প্ৰথমটো বানত এতিয়া ককবকাইছে হাজাৰ হাজাৰ ৰাইজে (Flood in Assam) ৷ তথ্য অনুসৰি, শনিবাৰলৈকে ৰাজ্যৰ ২৯ খন জিলা বানত ক্ষতিগ্ৰস্ত হৈছে ।

ৰাজ্যখনত প্ৰথমটো বানপানীত এতিয়ালৈকে চৰকাৰী হিচাপ মতে মুঠ ১৪ জনে প্ৰাণ হেৰুৱাইছে (বানপানীত ৯ আৰু ভূমিস্খলনত ৫)। লগতে ভূমিস্খলনত ৫ খন জিলাৰ বিস্তৰ ক্ষতিসাধন হৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি, এতিয়ালৈকে ৰাজ্যত বানত ২,৫৮৫ খন গাঁও আৰু ভূমিস্খলনত ৫ খন জিলাৰ মুঠ ৮,১২,৬১৯ জন লোক ক্ষতিগ্ৰস্ত হৈছে।

বানপানীত মুঠ ৮১,৯২০,৪১ হেক্টৰ শস্য এলেকা ক্ষতিগ্ৰস্ত হোৱাৰ তথ্য লাভ কৰা হৈছে । ৰাজ্যখনত প্ৰথমটো বানত এতিয়ালৈকে চৰকাৰী হিচাপ মতে মুঠ ১৪ জনে প্ৰাণ হেৰুৱাইছে (বানপানীত ৯ আৰু ভূমিস্খলনত 5)। আনহাতে, ক্ষতিগ্ৰস্ত অঞ্চলত চৰকাৰৰ পক্ষৰ পৰাও উদ্ধাৰ আৰু সাহাৰ্য অভিযান অব্যাহত ৰখাৰ তথ্য লাভ কৰা হৈছে ।

চৰকাৰী তথ্য মতে, শুকুৰবাৰলৈকে এছডিআৰএফ, এনডিআৰএফ আৰু স্বেচ্ছাসেৱকৰ সহায়ত বানত আৰু ভূমিস্খলনত আৱদ্ধ হৈ থকা মুঠ ২১,৮৮৪ জন লোকক উদ্ধাৰ কৰি স্থানান্তৰ কৰা হৈছে । ৰাজ্যত বান ক্ষতিগ্ৰস্ত অঞ্চলত মুঠ ৩৪৩ টা সাহাৰ্য শিবিৰ আৰু ৪১১ টা সাহাৰ্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে । মুঠ ৬,৭৭২ জন বন্যাৰ্ত এই সাহাৰ্য শিবিৰত আছে ।

লগতে পঢ়ক : বানৰ প্ৰবল সোঁতে উটুৱাই নিলে কামপুৰ-কঠীয়াতলী সংযোগী মূল পথ

এতিয়াও বহুত বন্যাৰ্তই মথাউৰিত অবৰ্ণনীয় পৰিৱেশত আশ্ৰয় গ্ৰহণ কৰি আছে । ইপিনে ডিমা হাচাও জিলাত বানত আৱদ্ধ লোকসকলৰ অধিক অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ অব্যাহত আছে । যোৱা দুদিনত ভাৰতীয় সেনাৰ বিমানে বিমানেৰে ডিমা হাচাও জিলাত ২৬৯ লোকক উদ্ধাৰ কৰিছে বুলি য়জানিব পৰা গৈছে ।

আনহাতে, জল আয়োগৰ তথ্য মতে, যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ, শিৱসাগৰৰ নঙলামুৰাঘাটত দিচাং, নগাঁৱৰ কামপুৰ আৰু ধৰ্মতুলত কপিলী নৈ বিপদসীমাৰ ওপৰেদি বৈ আছে । নিমাতীঘাটত ৮৫.৫৪ মিটাৰ বিপদসীমা পাৰ হৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৮৫.৯৬ মিটাৰ আৰু নঙলামুৰাঘাটত দিচাং নৈ বিপদসীমাতকৈ ০.১৩ মিটাৰ ওপৰেদি বৈ আছে ।

আনহাতে, নগাঁৱৰ কামপুৰত কপিলী নৈ বিপদসীমাতকৈ ১.৫৫ মিটাৰ ওপৰেদি বৈ আছে । কামপুৰত কপিলী নৈৰ জলস্তৰৰ বিপদসীমা ৬০.৫০ মিটাৰৰ উচ্চতাত বৈ আছে । আনকি, ধৰ্মতুলতো কপিলী নৈ বিপদসীমাতকৈ ১.০৭ মিটাৰ ওপৰেদি বৈ আছে । ধৰ্মতুলত কপিলী নৈ বিপদসীমাৰ ৫৬ মিটাৰ ওপৰত । ইপিনে, গোৱালপাৰা আৰু ধুবুৰীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে ।

লগতে পঢ়ক : বানত ২৯ জিলাৰ সাত লক্ষাধিক লোক ক্ষতিগ্ৰস্থ : 9 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.