ETV Bharat / state

আৰক্ষীক ইন্ধনৰ যোগান বন্ধ কৰি দিয়াৰ পিছতে বিত্ত বিভাগে মুকলি কৰি দিলে ৮ কোটি টকা - assam finance department

অৱশেষত ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰি দিলে পেট্ৰ'ল পাম্পক পৰিশোধ কৰিবলগীয়া ধনৰ ৮ কোটি টকা(Assam Govt paid 8 crore to petrol pump) । এতিয়াও ৩ কোটি টকা পেট্ৰ'ল পাম্পক আদায় দিবলৈ বাকী আছে । প্ৰাপ্য ধন লাভ নকৰাৰ বাবে আৰক্ষীৰ বাহনত ইন্ধন যোগান ধৰা বন্ধ কৰি দিছিল উলুবাৰীৰ থানসিং নাথমল পেট্ৰ'ল ডিপোৱে ।

Assam finance department releases 8 crore to be paid to the petrol pump
বিত্ত বিভাগে মুকলি কৰি দিলে পেট্ৰ'ল পাম্পক দিবলগীয়া ৮ কোটি টকা
author img

By

Published : Dec 17, 2021, 7:45 PM IST

গুৱাহাটী, ১৭ ডিচেম্বৰ: প্ৰাপ্য ধন নোপোৱাৰ বাবে গুৱাহাটীৰ পেট্ৰ'ল ডিপোৱে মহানগৰ আৰক্ষীক ইন্ধনৰ যোগান বন্ধ কৰি দিয়াৰ পিছতহে গা লৰিল ৰাজ্যৰ বিত্ত বিভাগৰ । ইন্ধনৰ বাবদ পেট্ৰ'ল ডিপোক পৰিশোধ কৰিবলগীয়া ৮ কোটি টকা মুকলি কৰি দিছে বিত্ত বিভাগে(Assam Finance department releases 8 crore to petrol pump) । ইয়াৰ পিছতে বৃহস্পতিবাৰে পুৱাৰ পৰা পুনৰ আৰক্ষীৰ বাহনত ইন্ধন যোগান ধৰে উলুবাৰীৰ থানসিং নাথমল পেট্ৰ'ল ডিপোৱে ।

উল্লেখ্য যে, দৈনিক বাহনত ইন্ধন ভৰোৱাৰ বাবদ মহানগৰ আৰক্ষীয়ে চুক্তিবদ্ধ কৰা পেট্ৰ'ল ডিপোত চাৰিমাহত ১১ কোটি টকা আদায় নিদিয়াত দুদিন আৰক্ষীৰ বাহনত ইন্ধনৰ যোগান ধৰা নাছিল ডিপো কৰ্তৃপক্ষই(Guwahati police owes 11 crore to petrol pumps) । অৱশ্যে নগদ ধন দি ইন্ধন ক্ৰয় কৰা আৰক্ষীৰ বাহনত ইন্ধন যোগান ধৰিছিল । ইয়াৰ পিছতে বুধবাৰে নিশাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিত্ত বিভাগে মুকলি কৰি দিয়ে ৮ কোটি টকাৰ ছিলিং ।

অৱশ্যে এতিয়াও অনাদায় হৈ আছে ৩ কোটি টকা । এই ধন বিভাগটোৱে কেতিয়া আদায় দিব সেয়া এতিয়াও স্পষ্ট কৰা নাই । যি সময়ত ৰাজ্য চৰকাৰে বিভিন্ন শিতানত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাইছে, সেই সময়তে পেট্ৰ'ল ডিপোত খোদ আৰক্ষীৰ বাহনৰ ইন্ধনৰ বাবদ ১১ কোটি টকা পৰ্যন্ত বাকী ৰোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক:উৎকোচ লৈ গ্ৰেপ্তাৰ SI ছাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.