ETV Bharat / state

Textbook in English Medium: শিক্ষাৰ্থীয়ে বিচাৰিলে অসমীয়াতো পাব গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি; ডাঃ ৰণোজ পেগু - শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু

নতুন শিক্ষা নীতিৰ আধাৰতে এপ্ৰিলৰ পৰা আৰম্ভ হ’ল 2023 বৰ্ষৰ পাঠ্যক্ৰম (New education system Assam) ৷ ইতিমধ্য অসম চৰকাৰৰ ফালৰ পৰা বিতৰণ কৰা হৈছে ইংৰাজী ভাষাত ষষ্ঠ শ্ৰেণীৰ গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথি ৷ যাক লৈ বিভিন্ন মহল সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ব্যক্ত কৰিছে নিজৰ প্ৰতিক্ৰিয়া (Assam Education Minister reacts on New education system Assam) ৷

Assam Education Minister reacts on New education system Assam
সময়ৰ লগত খাপখুৱাকৈ পাঠ্যপুথিসমূহৰ সাল-সলনি কৰা হয় : ডাঃ ৰণোজ পেগু
author img

By

Published : Apr 4, 2023, 10:57 PM IST

সময়ৰ লগত খাপখুৱাকৈ পাঠ্যপুথিসমূহৰ সাল-সলনি কৰা হয় : ডাঃ ৰণোজ পেগু

গুৱাহাটী, ৪ এপ্ৰিল : অসম চৰকাৰৰ শিক্ষা বিভাগে ষষ্ঠ শ্ৰেণীত গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰি ইতিমধ্যে বিতৰণ কৰিছে । শিক্ষা বিভাগে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছিল যদিও শিক্ষা বিভাগে পূৰ্বে গ্ৰহণ কৰা সিদ্ধান্তকেই বাহাল ৰাখি গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰি বিতৰণ কৰিছে (Textbook in English Medium) ।

ইফালে এন চি ই আৰ টিয়ে পাঠ্যপুথিৰ পৰা মোগলৰ ইতিহাস আঁতৰ কৰাকলৈয়ো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই দুয়োটা বিষয়কলৈ লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইক্ষেত্ৰত মুখ খুলিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Assam Education Minister reacts on New education system Assam) ।

মঙলবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে কয় যে, এন চি ই আৰ টিয়ে দিয়া পাঠ্যক্ৰমৰ ফ্ৰেমৱৰ্কৰ ভিত্তিত অসমৰ পৰিস্থিতিৰ লগত খাপখোৱাকৈ পাঠ্যপুথিসমূহ প্ৰস্তুত কৰা হয় । আনহাতে, পাঠ্যপুথিসমূহ ফিক্সড নহয় । সময়ৰ লগত খাপখুৱাকৈ পাঠ্যপুথিসমূহৰ সাল-সলনি কৰা হয় ।

পাঠ্যপুথিৰ সাল-সলনি কৰিলেও কিন্তু ফ্ৰেমৱৰ্কটোৰ পৰা আঁতৰি যোৱা নহয় । আনহাতে, ষষ্ঠ শ্ৰেণীৰ দুটা বিষয়ৰ পাঠ্যপুথি ইংৰাজী কৰা সন্দৰ্ভত তেওঁ কয় যে, প্ৰত্যেকখন বিদ্যালয়ে পূৰ্বৰ অসমীয়াৰ মাধ্যমৰ পাঠ্যপুথিসমূহ মজুত ৰাখিব (Mathematics and science subject in English) । কোনো শিক্ষাৰ্থীৰ প্ৰয়োজন হ’লে অসমীয়া মাধ্যমৰ কিতাপসমূহো উপলব্ধ হ’ব ।

আনহাতে, কোনো শিক্ষাৰ্থীয়ে বিচাৰিলে অসমীয়া মাধ্যমৰ কিতাপখন পঢ়িব পাৰিব আৰু উত্তৰো কৰিব পাৰিব । দুটা সুবিধাই উপলব্ধ থাকিব । এইক্ষেত্ৰত জিলা পৰ্যায়তে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ কয় । তেওঁ লগতে কয় যে, অসমীয়াত পঢ়াত কোনো বাধা নাই ।

উল্লেখ্য যে, এইবাৰ ৰাজ্যৰ কণ কণ শিক্ষাৰ্থীৰ মূৰত ৰামটাঙোন সোধাইছে ৰাজ্যৰ শিক্ষা বিভাগে । প্ৰাথমিক পৰ্যায়ৰে পৰা মাতৃভাষাত অধ্যয়ন কৰি অহা শিক্ষাৰ্থীয়ে এইবাৰৰ পৰা গণিত আৰু বিজ্ঞান বিষয় অধ্যয়ন কৰিব লাগিব ইংৰাজী মাধ্যমত । ইতিমধ্যে অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডে ইংৰাজী মাধ্যমত ছপা কৰিছে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি (Class VI Mathematics and Science Textbook in English Medium) । তাকে লৈ বিবুধিত শিক্ষক-শিক্ষাৰ্থীসমাজ ।

লগতে পঢ়ক : Textbook in English Medium: ইংৰাজীত গণিত-বিজ্ঞানৰ পাঠ্যপুথি দেখি স্তম্ভিত শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.