ETV Bharat / state

Assam CM Wife Land controversy: আকৌ মাটি কিনিলে মুখ্যমন্ত্ৰীৰ পত্নীয়ে, কংগ্ৰেছৰ চৰকাৰ হ’লে হ’ব তদন্ত !

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 5:24 PM IST

Updated : Oct 8, 2023, 10:35 PM IST

পুনৰ চৰ্চাত ভূমি বিতৰ্ক । মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে এইবাৰ পাহাৰীয়া জিলাত এহাজাৰ বিঘা ভূমি দখলৰ অভিযোগ । সংবাদমেলত সৰৱ প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতা আৰু মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা । কংগ্ৰেছৰ চৰকাৰ আহিলে এছ আই টি গঠন কৰি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ বিশাল সাম্ৰাজ্যৰ ওপৰত তদন্ত কৰাৰ হুংকাৰ ।

Assam CM Wife Land Scam
আকৌ মাটিত সাঙোৰ খালে মুখ্যমন্ত্ৰীৰ পত্নী

গুৱাহাটী, ৮ অক্টোবৰ : পুনৰ মাটিৰ প্ৰসংগ । এশ-দুশ বিঘা নহয়, এইবাৰ এহাজাৰ বিঘা ভূমি বিতৰ্কত নাম সাঙোৰ খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ । ইতিমধ্যে বিষয়টো সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ আছে । এই সন্দৰ্ভত দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতা আৰু মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰা সৰৱ হৈ পৰে ।

ৰাতুল কলিতাই কয় যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বহু অভিযোগৰ উপৰি শেহতীয়াকৈ ১০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ থকাৰ পাছতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চি এম ভিজিলেন্স লগাব পৰা নাই । ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে তুলিৰাম ৰংহাঙৰ ঘৰলৈ চি এম ভিজিলেন্স পঠিয়ালে তুলিৰাম ৰংহাঙেও মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ ক্ষেত্ৰত চি এম ভিজিলেন্সৰ দাবী কৰিব ।

তেওঁ লগতে কয় যে প্ৰকৃততে মুখ্যমন্ত্ৰীয়ে তুলিৰাম ৰংহাঙৰ লগত মিলি এতিয়া ভৈয়ামৰ পৰা গৈ পাহাৰৰ জনজাতীয় লোকসকলক প্ৰৱঞ্চনা কৰি তেওঁলোকৰ মাটি হস্তগত কৰাৰ ষড়যন্ত্ৰ কৰিছে ।

‘‘মুখ্যমন্ত্ৰীৰ লক্ষ্য হৈছে পত্নীৰ সাম্ৰাজ্য বিস্তাৰ কৰা । যাৰ বাবে পাহাৰৰ জনজাতীয় লোকৰ মাটিত চকু দিছে । মাটিৰ দালাল ধৰাৰ নামত মুখ্যমন্ত্ৰীয়ে যি তৎপৰতা অৱলম্বন কৰিছিল সেয়া ৰসহ্যজনকভাৱে বন্ধ কৰা হ'ল । যেতিয়াই সৰুপথাৰৰ এজন ভূ-মাফিয়া তথা দালালে এখন চাহ বাগিচা মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত বিক্ৰী কৰা বুলি কোৱাৰ পাছতে সেই দালাল ধৰাৰ অভিযান বন্ধ হ'ল ।’’ এইদৰে কয় ৰাতুল কলিতাই ৷

কাৰ্বি আংলঙৰ ৰুথে আংলঙৰ এহাজাৰ বিঘা মাটি অবৈধভাৱে দখল কৰাৰ প্ৰসংগত তেওঁ কয় যে জনজাতীয় ভূমি অজনজাতীয় লোকে ক্ৰয় কৰিব নোৱাৰে যদিও ৰুথে আংলঙত এজাহাৰ বিঘা ভূমি অজনজাতীয় লোকে হস্তগত কৰিছে আৰু দেৱাল নিৰ্মাণ কৰি থকা হৈছে ।

তেওঁ প্ৰশ্ন কৰি কয় যে কিয় মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকৰ মাটি কাঢ়ি নিজৰ পত্নীৰ নামত হস্তগত কৰিছে । যদি হস্তগত কৰা নাই তেন্তে এই সন্দৰ্ভত ভাইৰেল হোৱা অডিঅ'ৰ ক্ষেত্ৰত কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ প্ৰশ্ন কৰে । অডিঅ'টোত মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পত্নীৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হৈছে বুলি তেওঁ কয় । কিন্তু এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

আনহাতে স্থানীয় ৰাইজে অভিযোগ কৰা মতে সৌৰশক্তি প্ৰকল্পৰ নামত জনজাতীয় লোকৰ বসতি থকা আন ১৮ হাজাৰ বিঘা মাটি দখলৰ ষড়যন্ত্ৰ কৰা হৈছে । ইয়াৰ বাবে জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি তেওঁ সংবাদমেলত আন এক অভিযোগ উত্থাপন কৰে ।

তেওঁ লগতে কয় যে পূৰ্বেও কলিয়াবৰৰ ১০৬ বিঘা কৃষিভূমি মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ কোম্পানীৰ নামত ক্ৰয় কৰি দুমাহৰ ভিতৰত ভূমিৰ শ্ৰেণী বিভাজন কৰা হৈছিল । সেই কাম সম্পূৰ্ণ বেআইনীভাৱে কৰা হৈছিল বুলি সদৰী কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ পত্নীয়ে ১০ কোটি টকাৰ ৰাজসাহাৰ্যও লাভ কৰিছিল । ইয়াৰোপৰি তেওঁ কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে এছ আই টি গঠন কৰি মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ বিশাল সাম্ৰাজ্যৰ বিৰুদ্ধে তদন্ত কৰা হ'ব । ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা স্পষ্ট কৰি দিছে বুলি তেওঁ কয় । তেওঁ লগতে কাৰ্বি আংলঙৰ এহাজাৰ বিঘা মাটিৰ প্ৰসংগত উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী কৰে ।

গুৱাহাটীৰ ভয়াৱহ বানপানী দেখা নোপোৱা মুখ্যমন্ত্ৰীয়ে কেৱল মাটিহে দেখা পাই বুলি সদৰী কৰি তেওঁ কয় যে মাটি দেখিলেই মুখ্যমন্ত্ৰীৰ পত্নী জপিয়াই পৰে । মুখ্যমন্ত্ৰীৰ পুত্ৰ-কন্যা ডুবাই ভ্ৰমণত থকাৰ প্ৰসংগত তেওঁ কয় যে গুৱাহাটীবাসী কৃত্ৰিম বানপানীৰ বিভীষিকাৰ মাজত থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ লোক বিনোদনত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক: Caste Census in BJP ruled States: বিজেপি শাসিত ৰাজ্যত জাতিগত লোকপিয়ল সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ মৌনতাক লৈ কংগ্ৰেছৰ প্ৰশ্ন

Last Updated : Oct 8, 2023, 10:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.