ETV Bharat / state

কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনিৰ ক্ষেত্ৰত প’ৰ্টেল আধাৰিত জমা ব্যৱস্থা প্ৰৱর্তনৰ নিৰ্দেশ - অসম ছেকেণ্ডাৰী স্বাস্থ্য সেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প

জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক । অসম ছেকেণ্ডাৰী স্বাস্থ্য সেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ কামৰ অগ্ৰগতি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু প্ৰস্তাৱিত কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনি সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা (Assam CM reviewed various issues related to health sector)। বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ।

Assam Secondary Healthcare Systems Reforms Project
কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনিৰ ক্ষেত্ৰত প’ৰ্টেল আধাৰিত জমা ব্যৱস্থা প্ৰৱর্তনৰ নিৰ্দেশ
author img

By

Published : Feb 22, 2022, 10:48 PM IST

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনতা ভৱনত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় । বৈঠকত ৰাজ্যৰ স্বাস্থ্য খণ্ড সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰা হয় (Assam CM reviewed various issues related to health sector) । বৈঠকত অসম ছেকেণ্ডাৰী স্বাস্থ্য সেৱা প্ৰণালী সংস্কাৰ প্ৰকল্প (Assam Secondary Healthcare Systems Reforms Project), ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ কামৰ অগ্ৰগতি, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু প্ৰস্তাৱিত কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনি সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰাৰ লগতে কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ।

Assam Secondary Healthcare Systems Reforms Project
কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনিৰ ক্ষেত্ৰত প’ৰ্টেল আধাৰিত জমা ব্যৱস্থা প্ৰৱর্তনৰ নিৰ্দেশ

উল্লেখ যে, ৰাজ্য চৰকাৰে ৰাজ্যখনত ছেকেণ্ডাৰী স্বাস্থ্য সেৱা প্ৰণালী শক্তিশালী কৰাৰ বাবে প্ৰতিষ্ঠানগত সংস্কাৰৰ লগতে সকলো আন্তঃগাঁথনি বিকাশ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । এই লক্ষ্যৰে চৰকাৰে তামুলপুৰত এখন মাতৃ আৰু শিশু সেৱা চিকিৎসালয়, সমগ্ৰ অসমৰ পাঁচটা স্থানত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত অভিযানৰ অধীনত ৫০ খন বিছনাযুক্ত চিকিৎসালয়, শুৱালকুছিত ১০০ খন বিছনাযুক্ত চিকিৎসালয় আৰু জিলা চিকিৎসালয়ৰ অংশ হিচাপে বিকশিত হ'ব লগা উচ্চ মানৰ জি এন এম নাৰ্ছিং স্কুল নিৰ্মাণৰ পৰিকল্পনা কৰিছে ।

স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠক মুখ্যমন্ত্ৰীৰ

বৈঠকত ৰোগীসকলৰ বাবে চিকিৎসা সম্বন্ধীয় প্ৰণালী অসুবিধামুক্ত কৰিবলৈ চিকিৎসা মহাবিদ্যালয়ত অ' পি ডিৰ বাবে অনলাইন বুকিং আৰু জৰুৰীকালীন কেছৰ বাবে উপযুক্ত পাৰ্কিং সুবিধাৰ সৈতে গ্ৰীন কৰিড’ৰ খোলাৰ বাবে নিৰ্দেশনা প্ৰদানৰ উপৰি মুখ্যমন্ত্ৰীয়ে নৱগঠিত জিলাসমূহত ৫ খন জিলা চিকিৎসালয়ৰ চলিত নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।

তদুপৰি কৰ্কট ৰোগ, মধুমেহ, কাৰ্ডিঅ’ভাস্কোলাৰ ৰোগ আৰু ষ্ট্ৰ’ক প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অধীনত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, জি এম চি এইচত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও আলোচনা কৰি ব্যৱহাৰযোগ্য পৰিকল্পনাত অনুমোদন জনাই মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰীৰ স্বাস্থ্য নিশ্চিত আঁচনি ৰূপায়নৰ খচৰা পৰ্যালোচনা কৰোতে সকলো চৰকাৰী কৰ্মচাৰীৰ বাবে তেওঁলোকৰ চিকিৎসা বিল পোনপটীয়াকৈ আপলোড কৰি জমা দিব পৰাকৈ প’ৰ্টেল আধাৰিত জমা ব্যৱস্থাৰ প্ৰৱর্তন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে । নতুন প্ৰণালীৰ অধীনত অটল অমৃত অভিযান ছ'চাইটীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ নেতৃত্বত একক গ্ৰহণযোগ্যতাৰ পৰিষদ গঠন হ’ব ।

আনহাতে, অটল অমৃত অভিযান ছ'চাইটীৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়ে উচ্চ প্ৰযুক্তিগত প্ৰক্ৰিয়াৰে ‘কেচলেছ’ভাৱে প্ৰমাণীকৰণ আৰু অন্য প্ৰয়োজনীয় প্ৰক্ৰিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰাৰ লগতে বিভাগটোক এটা প'ৰ্টেল বিকশিত কৰিবলৈ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসহ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সুস্থিৰ অভিজ্ঞতাৰ নিশ্চয়তাৰে উপযুক্ত নিৰ্দেশনা প্ৰস্তুত কৰিবলৈও সংশ্লিষ্ট কর্তৃপক্ষক আহ্বান জনায় । বৈঠকত স্বাস্থ্য বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক : স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.