তেজপুৰ, গুৱাহাটী, ২১ ছেপ্টেম্বৰ : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মঙলবাৰে বিয়লি নাগালেণ্ডৰ ডিমাপুৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিৱ’ৰ উপস্থিতিত নগা চছিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ডৰ ইচাক মুইভা গোটৰ লগত এক বৈঠকত মিলিত হয় । মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটাৰ যোগে উল্লেখ কৰে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ মতে উত্তৰ-পূৰ্বাঞ্চলৰ শান্তি শৃংখলা ৰক্ষাৰ স্বাৰ্থতে এন এছ চি এন ৰ বিষয়য়ববীয়া সকলৰ লগত আলোচনাত মিলিত হৈছে তেওঁ ।
![assam cm met nscn im leaders in dimapur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-08-cm-meeting-at-nagaland-7209925_21092021201422_2109f_1632235462_920.jpg)
ইতিমধ্যে, নগা শান্তি চুক্তিৰ আধাৰত পূৰ্বতে ভাৰত চৰকাৰৰ মধ্যস্থতা কৰা বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিয়ে এই নগা শান্তি চুক্তিৰ ফ্ৰেম ৱৰ্কৰ আৰম্ভ কৰিছিল আৰু কেন্দ্ৰৰ সৈতে কেইবালানিও আলোচনা চলিছিল । নগা ফ্ৰেম ৱৰ্ক 2015 ত আৰম্ভ হৈছিল যদিও, কেবালানিও আলোচনাৰ পিছত এই শান্তি চুক্তিৰ মধ্যস্থতা কৰা আৰ এন ৰবি আৰু NSCN(IM)ৰ মাজত 2019 চনত কিছু মত বিৰোধ হোৱাৰ কথা প্ৰকাশ পাইছিল আৰু পৰৱৰ্তী সময়ত ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে কেন্দ্ৰই নিযুক্তি দিয়ে ।
![assam cm met nscn im leaders in dimapur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-21sept-04-pix-nscnimprobablykumardas-7203907_21092021202459_2109f_1632236099_598.jpg)
মঙলবাৰে বিয়লি ডিমাপুৰৰ আৰক্ষী অথিতি শালত মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ উপস্থিতিত এই আলোচনাৰ পুনৰ আৰম্ভ হয় ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিমাপুৰত কয় যে, নগা শান্তি প্ৰক্ৰিয়াত আৰু কিছু সময়ৰ প্ৰয়োজন আছে ৷ মুইভাৰ সৈতে সাক্ষাৎ সৌভাগ্যপূৰ্ণ বুলিও অভিহিত কৰে । এই আলোচনাত উপস্থিত আছিল ইন্টালিজেন্স ব্যুৰো ৷ এন এছ চি এন আই এম ৰ নেতা Rh. Raising য়ে জনায় যে 2015 চনত প্ৰদান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰম্ভ হোৱা নগা ফ্ৰেমৱৰ্ক চুক্তিৰ আধাৰত সকলো বিষয়ৰ ওপৰত আলোচনা হোৱাটো তেওঁলোকে বিচাৰিছে ।
লগতে পঢ়ক : চৰ-চাপৰিৰ লোকৰ বাবে OBC ৰ মৰ্যদা : সাংসদ আব্দুল খালেকৰ প্ৰস্তাৱ প্ৰত্যাখ্যান মুখ্যমন্ত্রীৰ