ETV Bharat / state

Maligaon Flyover: মালিগাঁৱৰ নীলাচল উৰণ সেতুখন নিৰ্মাণত যথেষ্ট প্ৰত্যাহ্বান আছিল; মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:40 PM IST

অৱশেষত মুকলি কৰা হ’ল মালিগাঁও উৰণ সেতু ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি ৰাইজৰ বাবে উৎসৰ্গা কৰিলে সেতুখন ৷ সেতুখনৰ দৈৰ্ঘ্য হৈছে 2.6 কিলোমিটাৰ ৷

Maligaon Flyover
Maligaon Flyover
অৱশেষত মুকলি কৰা হ’ল মালিগাঁও উৰণ সেতু

গুৱাহাটী, ৩০ আগষ্ট: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মালিগাঁৱৰ নীলাচল উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰে। সেতুখনৰ কামাখ্যা গেটৰ দিশত ফিটা কাটি মুখ্যমন্ত্ৰীয়ে সেতুখন মুকলি কৰে । মালিগাঁও চাৰিআলিত আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত হৈ ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি অতি আনন্দৰ দিন । উৰণ সেতুৰ প্ৰয়োজন দীৰ্ঘদিনীয়া আছিল । তেওঁ কয় যে যদিও সেতুখনৰ আৰম্ভণিৰ পৰা নিৰ্মাণত মুঠ সময় ৩৫ মাহ লাগিছে, আচলতে দলংখন ২৭ মাহত আৰম্ভ কৰি সম্পূৰ্ণ কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে সেতুখন নিৰ্মাণত যথেষ্ট প্ৰত্যাহ্বান আছিল । মালিগাঁৱৰ দৰে ব্যস্ত পথত সেতুখন নিৰ্মাণত যথেষ্ট কষ্ট হৈছিল । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অভিযন্তা, আৰক্ষীৰ লগতে সেতুখনৰ নিৰ্মাণত গুৰুতৰভাৱে আহত হোৱা চাৰিগৰাকী শ্ৰমিকৰ কৃতজ্ঞতা প্ৰকাশ‌ কৰে ।

তেওঁ কয়, ‘‘উৰণ সেতুখন নিৰ্মাণৰ বাবদ ৪২০ কোটি টকা ব্যয়‌ কৰা‌ হৈছে । মালিগাঁৱ উৰণ সেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ । উৰণ সেতুখন গুৱাহাটীৰ ভিতৰতে অন্যতম দীঘলীয়া উৰণ সেতু । সেতুখন নিৰ্মাণত ৩৭২ টা পাইল, ৫২ টা পাইল কেপ নিৰ্মাণ কৰা হৈছে । সেতুখন নিৰ্মাণত ১৮ হাজাৰ মেট্টিক টন চিমেণ্ট, ২০ হাজাৰ কিউবিক মিটাৰ বালি, ৩১,২০০ কিউবিক মিটাৰ অনান্য সামগ্ৰী, ৮,৫০০ মেট্ৰিক টন ষ্টীল ব্যৱহাৰ কৰা হৈছে ৷’’

লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব চন্দন শৰ্মাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত সাংসদ কুইন ওজা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, বিধায়ক অতুল বৰা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰনীয়া আদি উপস্থিত আছিল ।

উল্লেখ্য যে ২০২১ চনত মালিগাঁও উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল । এই সেতুখনৰ এটা অংশ কামাখ্যা গেটৰ পৰা মালিগাঁৱৰ বৰিপাৰাৰ ৰে’লৱেৰ উৰণ সেতুৰ লগ লাগিছে । মালিগাঁৱৰ পৰা‌ উৰণ সেতুখনৰ এট অংশ পাণ্ডুলৈ গৈছে । উৰণ সেতুখন আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ।

লগতে পঢ়ক: Maligaon Flyover : মুকলি হ'ল মালিগাঁৱৰ নীলাচল উৰণ সেতু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.