ETV Bharat / state

Deaf and dumb training program : শ্ৰৱণ আৰু বাকশক্তিহীন শিক্ষাৰ্থীৰ বাবে অসমত এখন বিশ্ববিদ্যালয়ৰ স্থাপনৰ পোষকতা মুখ্যমন্ত্ৰীৰ - শ্ৰৱণ আৰু বাকশক্তিহীন শিক্ষাৰ্থী

শ্ৰৱণ আৰু বাক শক্তিহীন শিশুৰ এমুঠি অন্নৰ বাবে বেলেগৰ ওচৰত নিৰ্ভৰশীলতাৰ অৱসান বিচাৰি স্বাৱলম্বী হোৱা আৰু দক্ষতা বিকাশৰ বাবে মহানগৰীৰ ধাৰাপুৰত আয়োজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ 5 দিনীয়া প্ৰশিক্ষণ শিবিৰ । য’ত ভাৰতবৰ্ষৰ 25 খন ৰাজ্যৰ প্ৰায় 555 শ্ৰৱণ আৰু বাক শক্তিহীন শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Assam CM attend deaf and dumb training program in Guwahati
শ্ৰৱণ আৰু বাক শক্তিহীন শিশুকে ধৰি যুৱক-যুৱতীৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰ
author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 9:26 AM IST

শ্ৰৱণ আৰু বাক শক্তিহীন শিশুকে ধৰি যুৱক-যুৱতীৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰ

গুৱাহাটী, 3 অক্টোবৰ : অসমৰ লগতে দেশৰ 555 গৰাকী শ্ৰৱণ আৰু বাক শক্তিহীন শিশুকে ধৰি যুৱক-যুৱতীৰ বাবে আয়োজন কৰা হয় এক বিশেষ প্ৰশিক্ষণ শিবিৰৰ । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে ধাৰাপুৰস্থিত আচাৰ্য তুলসী মহাশ্ৰমন আশ্ৰম তথা তুলসী গ্ৰেণ্ডত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

5 দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই প্ৰশিক্ষণ শিবিৰত শ্ৰৱণ আৰু বাক শক্তিহীন শিশু তথা যুৱক-যুৱতীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে । উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ত সংগঠনটোৱে শ্ৰৱণ আৰু বাক শক্তিহীন শিশুৰ দক্ষতা বিকাশ, মহ শ্ৰৱণ আৰু বাক শক্তিহীন ছাত্ৰ-ছাত্ৰীক নিয়োগ মুখী দক্ষতা প্ৰদান কৰি আহিছে ।

যোৱা 28 ছেপ্টেম্বৰত আৰম্ভ হোৱা প্ৰশিক্ষণ শিবিৰৰ সোমবাৰে সামৰণি অনুষ্ঠান অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । এই অনুষ্ঠান অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত শ্ৰৱণ আৰু বাক শক্তি ছাত্ৰ-ছাত্ৰীৰ বাবে অসমত এখন বিশ্ববিদ্যালয়ৰ স্থাপনৰ প্ৰচেষ্টা হাতত ল’ব ৷ লগতে এইসকল ছাত্ৰ-ছাত্ৰী স্বাৱলম্বী হোৱাৰ বাবেও পৰিকল্পনা কৰাৰ কথাও তেওঁ সদৰী কৰে ৷

এই দক্ষতা বিকাশ 5 দিনীয়া প্ৰশিক্ষণত ভাৰতবৰ্ষৰ 25 খন ৰাজ্যৰ প্ৰায় 555 শ্ৰৱণ আৰু বাক শক্তিহীন ছাত্ৰ-ছাত্ৰী তথা শিশুই যাতে পথত ভিক্ষা খুজিব নালাগে, তাৰ বাবে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত, মেহেন্দি লগোৱা প্ৰশিক্ষণ, মহিলাই কেনেকৈ দৰে নিজৰ কেশ সজ্জা কৰে, নখ ৰঙীন কৰা, চাবোন আদি প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়া হয় । এই প্ৰশিক্ষণ অনুষ্ঠানত ৰাজ্যৰ বহু কেইখন শ্ৰৱণ আৰু বাক শক্তিহীন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

এই প্ৰশিক্ষণৰ জৰিয়তে ইতিমধ্যেই এনে বহু কিশোৰ-কিশোৰীয়ে প্ৰস্তুত কৰা সামগ্ৰী ধাৰাপুৰ অঞ্চলৰ লোকৰ মাজত চাহিদা পাইছে । 22 তম বৰ্ষত ভৰি দিয়া মহাবীৰ ইণ্টাৰকণ্ট্ৰিনেন্ট্ৰেল ছাৰ্ভিছ সংগঠনৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত এইসকল শ্ৰৱণ আৰু বাক শক্তিহীন ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰীক ওচৰৰ পৰা পাই চেল্ফি উঠাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Nagaon Shahid Bhavan : গান্ধী জয়ন্তীৰ দিনাই পুনৰ উদ্বোধন হ’ল নগাঁও শ্বহীদ ভৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.