ETV Bharat / state

Pandu college diamond jubilee : লক্ষ্যহীন জীৱনক অৰ্থপূৰ্ণ বুলি অভিহিত কৰিব নোৱাৰি : মুখ্যমন্ত্ৰী

author img

By

Published : Apr 26, 2023, 6:50 AM IST

গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত পাণ্ডু মহাবিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । উদ্ভাৱনেই হ’ল অনাগত দিনত ৰাষ্ট্ৰই সঠিক স্থান লাভ কৰাৰ মূল চাবিকাঠি । জীৱনত একোটা লক্ষ্য নিৰ্দ্ধাৰণ কৰি সেই লক্ষ্য পূৰ্ণৰ দিশত নিষ্ঠাৰে কাম কৰি যাবলৈ ছাত্র-ছাত্ৰীসকলক আহ্বান মুখ্যমন্ত্ৰীৰ (CM at diamond jubilee celebrations of Pandu College) ।

Pandu College diamond jubilee
পাণ্ডু মহাবিদ্যালয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
পাণ্ডু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন সমাৰোহ

গুৱাহাটী, 25 এপ্রিল : উদ্ভাৱনেই হ’ল অনাগত দিনত ৰাষ্ট্ৰই সঠিক স্থান লাভ কৰাৰ মূল চাবিকাঠি- এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । ১৯৬২ চনত স্থাপন হোৱা অসমৰ উচ্চ শিক্ষাৰ এক অন্যতম শিক্ষানুষ্ঠান পাণ্ডু মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন সমাৰোহত মংগলবাৰে মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে এইদৰে কয় । ভাষণত মুখ্যমন্ত্ৰীয়ে নিজ নিজ পেচা আৰু বিশেষজ্ঞতাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰা বহু প্রাক্তন ছাত্ৰ-ছাত্ৰীৰ জৰিয়তে বিগত ছয় দশক ধৰি উচ্চ শিক্ষাৰ এই অগ্ৰণী প্রতিষ্ঠানখনে ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে (diamond jubilee celebrations of Pandu College)।

মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে যে পাণ্ডু মহাবিদ্যালয়ে অনাগত দিনতো পূৰ্বতকৈ অধিক উদ্যমেৰে সমাজত শিক্ষাৰ প্ৰসাৰ অভিযানৰ দিশত নিৰন্তৰ কাম কৰি যাব । অনাগত ২৫ বছৰ অমৃতকাল হিচাবে উদযাপনৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই পাণ্ডু মহাবিদ্যালয়ৰ অধ্যাপক তথা প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলক স্বাধীনতাৰ শতবার্ষিকী উদযাপনৰ সময়ত ৰাষ্ট্ৰই যাতে সঠিক স্থান লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে অৰিহণা আগবঢ়াবলৈ আহ্বান জনায় । পাণ্ডু মহাবিদ্যালয়ক অঞ্চলটোৰ এক অন্যতম আকাংক্ষিত শিক্ষানুষ্ঠান হিচাবে ৰূপান্তৰিত কৰাটো নিশ্চিত কৰাৰ বাবে তেওঁ এই উচ্চ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়ন আৰু শৈক্ষিক বিকাশৰ লক্ষ্যৰে ১৫ বছৰীয়া ৰোডমেপ প্ৰস্তুত কৰিবলৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিক আহ্বান জনায় (Assam CM at Pandu College) ।

মুখ্যমন্ত্রীগৰাকীয়ে কয় যে আন্তঃগাঁথনি আৰু নতুন শৈক্ষিক পাঠ্যক্ৰমৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত লুকাই থকা সুপ্ত প্রতিভা বিকশাই তোলাৰ বাবে এক পৰিৱেশ গঢ় দিয়াৰ ওপৰতো গুৰুত্ব দিয়া উচিত । প্ৰজ্ঞাৰ সাধনা আৰু জ্ঞানৰ অন্বেষণক ভাৰতীয় সভ্যতাৰ দুটা অবিচ্ছেদ্য গুণ বুলি উল্লেখ কৰি সৰ্বাংগীন বিকাশৰ বাবে পাণ্ডু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক এই দুটা গুণ আয়ত্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । গুণোৎসৱ, সাপ্তাহিক ভিত্তিত আৰু ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ অভিনৱ পন্থা গ্ৰহণ কৰাৰ প্ৰসংগ উল্লেখ কৰি ইয়াৰ জৰিয়তে প্রশাসন ব্যৱস্থাটোক সাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱা হৈছে বুলি মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে (CM at Pandu College) ।

কোনো লক্ষ্যহীন জীৱনক অৰ্থপূৰ্ণ বুলি অভিহিত কৰিব নোৱাৰি বুলি মুখ্যমন্ত্রীগৰাকীয়ে কয় । অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, লোকসভাৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেণ শৰণীয়া, পাণ্ডু মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেশ কাকতিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল (MP Pabitra Margherita) ।

লগতে পঢ়ক : Threatening by Khalistani supporter: অমৃতপালৰ গ্ৰেপ্তাৰৰ পাচত পুনৰ ভাবুকিপূৰ্ণ অডিঅ’ প্ৰেৰণ খালিস্তানী সমৰ্থক সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.