17 মাৰ্চ, বকোঃ বকোৰ পাঠশালাকোঠত উদ্ধাৰ সদ্যজাত কন্যাৰ মৃতদেহ। দেওবাৰে বকো নৈত স্থানীয় একাংশ ৰাইজে প্ৰত্যক্ষ কৰে এটি শিশুৰ মৃতদেহ৷ ইয়াৰ পাচতে স্থানীয় ৰাইজৰ তৎপৰতাত উক্ত স্থানত বকো আৰক্ষী উপস্থিত হৈ নৈৰ পৰা উদ্ধাৰ কৰে নৱজাতকটিৰ মৃতদেহটো।
এয়া কোনো পাষাণ মাতৃৰ অবৈধ প্ৰেমৰ পৰিণতি নে কন্যা সন্তান বুলি হত্যা কৰা হ'ল এই নৱজাতকটিক এই বিষয়ত বৰ্তমানো সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ৷ উল্লেখ্য যে মৃত শিশুটি প্ৰায় ৫ দিন পূৰ্বেই নৈত পেলাই দিয়াৰ সন্দেহ আৰক্ষী তথা ৰাইজৰ।