ETV Bharat / state

Assam BJP : বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৮ টাকৈ মর্চাৰ সৈতে বৈঠক সভাপতি ভৱেশ কলিতাৰ

author img

By

Published : Aug 16, 2023, 7:12 PM IST

বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কার্যালয়ত দলটোৰ ৮ টাকৈ মর্চাৰ সৈতে বৈঠক সভাপতি ভৱেশ কলিতাৰ ৷ মর্চা সমূহক অনুশাসন মানি চলিবলৈ সকীয়নি সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ ৷

Assam BJP Crucial Meet with 8 Morchas
বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৮ টাকৈ মর্চাৰ সৈতে বৈঠক
৮ টাকৈ মর্চাৰ সৈতে বৈঠক সভাপতি ভৱেশ কলিতাৰ

গুৱাহাটী, ১৬ আগষ্ট : অনুশাসনহীন হৈ পৰিছে বিজেপিৰ মর্চা সমূহ ৷ বিশেষকৈ পুৰণি আৰু ন-বিজেপি কৰ্মকৰ্তাসকলৰ মাজৰ অন্তঃকন্দল, চিণ্ডিকেটৰাজ, আৰু শেহতীয়াকৈ ইন্দ্ৰানী তহবিলদাৰৰ আত্মহননৰ ঘটনাই বাৰুকৈ অস্বস্তিত পেলাইছে গেৰুৱা দলটোক ৷ সেয়েহে দলৰ কৰ্মকৰ্তাসকলক দলীয় অনুশাসন মানি চলিবলৈ সকীয়নি সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ ৷ বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কার্যালয়ত দলটোৰ ৮ টাকৈ মর্চাৰ সৈতে বৈঠক সভাপতি ভৱেশ কলিতাৰ ৷ যুৱ মৰ্চা, মহিলা মৰ্চা, কৃষক মৰ্চা, সংখ্যালঘু মৰ্চা, অনুসূচীত জনজাতি মৰ্চা, অনুসূচীত জাতি মৰ্চা, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা, চাহ মৰ্চাই ভাগ লয় বৈঠকত ৷ বৈঠকত উপস্থিত থাকে সভাপতি ভৱেশ কলিতাৰ লগতে নৱ নিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে ৷

এই সভাত উপস্থিত থাকি দলীয় অনুশাসন ভংগ কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলি জনায় সভাপতি ভৱেশ কলিতাই ৷ সভাত প্ৰতিটো মর্চাৰ কাম-কাজৰ খতিয়ান ললে সাংগঠনিক সাধাৰণ সম্পাদকে ৷ মর্চাসমূহৰ আগন্তুক কর্মসূচী সন্দর্ভত পৰামর্শ আগবঢ়াই সাধাৰণ সম্পাদক গৰাকীয়ে ৷ লগতে ভৱেশ কলিতাই কয় যে, মৰ্চা সমূহক কিছুমান গাইডলাইন দিয়া হৈছে আৰু এই সমূহ মৰ্চা সমূহে মানি চলিব লাগিব লাগিব ৷ কোনো ব্যক্তিয়ে মৰ্চাত যোগদান কৰাৰ পূৰ্বে তেওঁৰ প্ৰফাইল চোৱা হ’ব বুলিও উল্লেখ কৰে সভাপতিজনে ৷

ইফালে ইন্দ্ৰানী তহবিলদাৰৰ ঘটনা সন্দৰ্ভত সভাপতি ভৱেশ কলিতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয় যে, এইক্ষেত্ৰত সকলো নিয়ন্ত্ৰণ কৰা হ'ব ৷ আৰক্ষী আয়ুক্তক এই সন্দৰ্ভত কোৱা হৈছে বুলি কয় তেওঁ ৷

এই আত্মহত্যাৰ ঘটনাৰ সৈতে সাঙোৰ খাই পৰা দলৰ নেত্ৰী ৰিয়া দাস ওৰফে মাজনী দাসৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব হ’ব বুলিও উল্লেখ কৰে ভৱেশ কলিতাই ৷ দলৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে অপমান সহ্য কৰা নহ’ব বুলি কৈ তেওঁ সকলো মৰ্চাৰ প্ৰতিজন সদস্যক এতিয়াৰে পৰা নিৰীক্ষণ কৰা হ’ব বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : Indrani Tahbildar case: ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ বাবে বিজেপি নেতা অনুৰাগ চলিহাক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.