ETV Bharat / state

Athletics competition at Sarusajai: দুদিনীয়াকৈ সৰুসজাইত অনুষ্ঠিত এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

সৰুসজাইত দুদিনীয়াকৈ আয়োজিত এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি ৷ শ্ৰেষ্ঠ দল শিৱসাগৰ, দ্বিতীয় শ্ৰেষ্ঠ দল ডিব্ৰুগড় জিলা (Two day athletics competition concludes at sarusajai) ৷

author img

By

Published : Apr 1, 2023, 6:52 AM IST

two day athletics competition concludes at sarusajai
সৰুসজাইত এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

গুৱাহাটী, 1 এপ্ৰিল : অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় এথলেটিকছ প্ৰতিযোগিতাৰ ৷ দুদিনীয়াকৈ আয়োজিত ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ সফল সামৰণি পৰে 31 মাৰ্চৰ দিনা । ৰাজ্যৰ 34 খন জিলাৰ জুনিয়ৰ পৰ্যায়ৰ মাজত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাৰ (Assam Athletics Association) ৷

১৪ ,১৬ ,১৮ আৰু ২০ বছৰ বয়সৰ ল’ৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত হয় প্ৰতিযোগিতাখন ৷ মুঠ ৫৫০গৰাকী এথলীটে অংশগ্ৰহণ কৰে এথলেটিকছ প্ৰতিযোগিতাখনিত । প্ৰতিযোগিতাৰ দুয়োটা দিনতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই ১৫২ পইন্টেৰে শিৱসাগৰ জিলা দলে শ্ৰেষ্ঠ দল আৰু ১৪৯ পইন্টেৰে ডিব্ৰুগড় জিলা দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । আনহাতে প্ৰতিযোগিতাখনত ব্যক্তিগত শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ১৪ বছৰ অনুৰ্ধ্ব ল'ৰাৰ শাখাত মহান বড়ো (ওদালগুৰি), ১৪ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত দিশা নাথ (গুৱাহাটী), ১৬ বছৰ ল'ৰাৰ শাখাত অংশুমান ভাগৱতী (নলবাৰী), ১৬বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত শিবাৰ্ছী মৰাণ (তিনিচুকীয়া), ১৮বছৰ অনুৰ্ধ্ব ল'ৰা শাখাত সন্দীপ টাই (যোৰহাট), ১৮বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত কাদম্বৰী মুদিয়াৰ(নলবাৰী) ই বিজয়ী হ’বলৈ সক্ষম হয় (Athletics competition organized by Assam Athletics Association) ৷

লগতে, ২০বছৰ অনুৰ্ধ্ব ল'ৰা শাখাত পিন্টু বৰঠাকুৰ (শিৱসাগৰ) আৰু ২০ বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত গুৱাহাটীৰ নিকুমনি পাঠকে শ্ৰেষ্ঠ এথলেটৰ খিতাপ দখল কৰে । প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানৰ দিনা বঁটা বিতৰণ কৰা হয় ৷ পদক বিজয়ী খেলুৱৈসকলৰ লগতে বিজয়ী আৰু বিজেতা দলক প্ৰশিক্ষক অনিতা গুহ ৰয়, অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভৰালীৰ লগতে অসম এথলেটিকছ সন্থাৰ বাবুল খান, কৰুনাধৰ দত্ত, কৰুণজ্যোতি শইকীয়া, নিপন দাস, গোবিন্দ মালাকৰ আৰু অসম অলিম্পিক সন্থাৰ দেৱজিৎ গগৈয়ে বঁটা সমূহ প্ৰদান কৰে ( athletics competition at sarusajai stadium) ।

লগতে পঢ়ক : Silsako eviction Drive: পুনঃসংস্থাপন আৰু ক্ষতিপূৰণ প্ৰদানৰ দাবীৰে চচলত শিলসাঁকোৰ উচ্ছেদিতৰ প্ৰতিবাদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.