ETV Bharat / state

'জ'কাৰ' শব্দক লৈ উত্তাল হ'ল বিধানসভা - অসম বিধান সভা

বিৰোধীৰ মতে, অখিল গগৈক 'জ'কাৰ' বুলি কোৱা হৈছে । গগৈক জ'কাৰ বোলা কথাটোৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু ভৰত নৰহে । অখিল গগৈৰ বিৰুদ্ধে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত উত্থাপন হোৱাৰ পূৰ্বে ৰাজহুৱা কৰাৰ অভিযোগ । শাসক-বিৰোধীৰ তৰ্কযুদ্ধত উত্তপ্ত সদন ।

assam assembly used joker word
'জ'কাৰ' শব্দক লৈ উত্তাল হ'ল বিধানসভা
author img

By

Published : Jul 14, 2021, 2:02 PM IST

গুৱাহাটী, 14 জুলাই : অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা ৷ অধিৱেশনৰ তৃতীয় দিনাও বিশেষভাৱে সৰৱ হোৱা দেখা গ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈক । ৰাজপথৰ সংগ্ৰামৰ পৰা প্ৰথমবাৰৰ বাবে জনপ্ৰতিনিধি হিচাপে বিধানসভাৰ মজিয়ালৈ অহা অখিল গগৈক লৈ প্ৰত্যেক দিনাই সদনত উত্তপ্ত হোৱা দেখা গৈছে ।

বিধায়ক অখিল গগৈক লৈ আজিও উত্তাল হৈ পৰে বিধানসভাৰ মজিয়া ৷ বিৰোধীসকলৰ মতে অখিল গগৈক 'জ'কাৰ' বুলি কোৱা হৈছে । গগৈক জ'কাৰ বোলা কথাটোৰ তীব্ৰ বিৰোধিতা কৰে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু ভৰত নৰহে ।

assam assembly used joker word
'জ'কাৰ' শব্দক লৈ উত্তাল হ'ল বিধানসভা

উল্লেখ্য যে, বিজেপি বিধায়ক মানৱ ডেকাই সদনত অভিযোগ উত্থাপন কৰিছিল যে, অখিল গগৈয়ে সদনত কৰা প্ৰশ্নৰ উত্তৰ সদনত উত্থাপন হোৱাৰ পূৰ্বে ৰাজহুৱা কৰিছিল ।

মানৱ ডেকাৰ এই অভিযোগৰ লগে লগে অখিল গগৈয়ে কয়-' কোনটো ৰুলছ মতে নোৱাৰি মোক জনাওক ৷ মই নাজানো' ৷ অখিল গগৈৰ এই মন্তব্যৰ পিছতে অখিলক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।

মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈক আক্ৰমণ কৰি কয় - 'নতুন বিধায়ক, কিবা কোৱাৰ আগতে শিকি ল’ব লাগে ৷ বাহিৰত ডাঙৰ মানুহ হ'ব পাৰে ৷ সদনত কথা সুকীয়া' ৷

মন্ত্ৰী হাজৰিকাৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়ে প্ৰশ্ন কৰি কয় -'সদন কি চৰকাৰী পক্ষৰহে নেকি? সদন কেৱল শাসক পক্ষৰহে নেকি ?' সেই সময়তে নলবাৰীৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় - 'এয়া আন্দোলনৰ স্থান নহয় ৷ এয়া সদন' ৷

লগতে সংযোগ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় -'সদন আন্দোলনৰ বাবে নহয় ৷ এনেকৈ চলিব দিয়া নহ'ব' ৷ আনহাতে, সদনৰ নিয়ম নমনা বুলি অভিযোগ কৰি বিধায়ক অখিল গগৈক কঠোৰ সমালোচনা কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ।

অধ্যক্ষ দৈমাৰীয়ে কয় -' সদনৰ বাহিৰত যি ইচ্ছা ক'ব পাৰে, কিন্তু সদনত সকলোৱে আইনমতে কথা ক'ব লাগিব' ৷ ইয়াৰ পাছতো অখিল গগৈয়ে অধ্যক্ষক 'মোক কিয় কথা ক'ব নিদিব' বুলি পুনৰাই প্ৰশ্ন কৰাত অধ্যক্ষই কয় - 'কালি আপুনি বহুত সময় কথা কৈছে । আপোনাৰ সময়ত আপুনিও কথা ক'ব পাৰিব' ৷

অধ্যক্ষৰ এই মন্তব্যৰ পিছতে সদনত হাঁহিৰ ৰোল উঠে আৰু কোনোবাই অখিল গগৈক উদ্দেশ্যি 'জ'কাৰ' কোৱা বুলি অভিযোগ কৰে বিৰোধীয়ে । পৰিৱেশ হুলস্থুলীয়া হোৱাত 'এই শব্দ সদনৰ ৰেকৰ্ডত নাযায়' বুলি মন্তব্য কৰে অধ্যক্ষই । লগতে 'অখিল গগৈৰ কোনো কথা ৰেকৰ্ড নহয়' বুলিও মন্তব্য কৰে অধ্যক্ষই ।

লগ লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থিয় হৈ স্পষ্টীকৰণ দি কয় - 'আচলতে জয়ন্ত মল্ল বৰুৱা আৰু মই ব্যক্তিগতভাৱে কথা কোৱাৰ সময়ত জ'কাৰ শব্দটো ব্যৱহাৰ হ'ল ৷ বাকী কাকো কোৱা নাছিল' ৷ মুঠতে অধিৱেশনৰ তৃতীয় দিনাও উত্তাল হৈ পৰে সদন ৷

লগতে পঢ়ক: সংকটে লগ এৰা নাই বিধায়ক অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.