গুৱাহাটী, ২৬ ছেপ্টেম্বৰঃ ক'ভিড ১৯ ৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি অন্যান্য ৰাজ্যসমূহৰ লগতে পাঠ্যক্ৰমৰ ৩০ শতাংশ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । সেই অনুসৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠ্যপুথিৰ পৰা ৩০শতাংশ অধ্যায় কৰ্তন কৰিছে । লক্ষনীয় বিষয়টো হ'ল যে পণ্ডিত জৱাহৰলাল নেহৰুৰ জীৱন আৰু কাৰ্যৰ ওপৰত ৰচিত কেইবাটাও অধ্যায় ইতিমধ্যে পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে । চৰকাৰৰ এনে কাৰ্যত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিৰোধী কংগ্ৰেছ দলে ।
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । পত্ৰখনত কোৱা হৈছে যে যিকোনো নিৰক্ষৰ লোকেও স্বীকাৰ কৰিব যে আধুনিক ভাৰতৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী নেহৰুৰ অৱদান কি আছিল । পাঠ্যক্ৰমৰ পৰা ইতিমধ্যে নেহৰুৰ ৰাষ্ট্ৰ নিৰ্মাণৰ নীতি, বৈদেশিক নীতি আদি অধ্যায়সমূহ প্ৰত্যাহাৰ কৰা হৈছে ।
পত্ৰখনত আৰু কোৱা হয় যে বিশ্বত শীতল যুদ্ধ চলি থকা সময়তে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ কাণ্ডাৰী হোৱা বাবে আজিও বিশ্ববাসীয়ে নেহৰুক স্মৰণ কৰে । এইগৰাকী ৰাষ্ট্ৰনেতাৰ বিষয়ে শিক্ষাৰ্থীসকলে জনাটো অত্যন্ত প্ৰয়োজন । সেয়েহে পাঠ্যপুথিৰ পৰা আন কেতবোৰ অধ্যায় বাদ দি হ'লেও নেহৰু সম্পৰ্কীয় অধ্যায়সমূহ বাহাল ৰাখিবলৈ বিৰোধী দলপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় ।