গুৱাহাটী,6 এপ্ৰিলঃ তবলিগী জামাতৰ জ্যেষ্ঠ সদস্য অসমৰ জনপ্ৰিয় অভিনেতা মিৰেল কুদ্দুছ ৷ শেহতীয়াকৈ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা ঘটনা সন্দৰ্ভত নিজৰ মুখ খোলাৰ লগতে মাৰ্কাজলৈ যোৱা সদস্যৰ প্ৰতি আহ্বান জনালে অভিনেতা তথা তবলিগী জামাতৰ জ্যেষ্ঠ সদস্য মিৰেল কুদ্দুছে ৷
বৰ্তমান সৰুসজাইৰ কোৱাৰেন্টাইনত থকা অভিনেতা গৰাকীয়ে নিজামুদ্দিনলৈ যোৱা যিসকল লোক এতিয়াও পলাই ফুৰিছে তেওঁলোকক নিজৰ কাৰণেই ওলাই আহিবলৈ আহ্বান জনাইছে । লগতে তেওঁ কয়,' চৰকাৰৰ ফালৰ পৰা সকলো সু ব্যৱস্থা ইয়াত কৰা হৈছে । আপোনালোকে চৰকাৰক সহযোগ কৰক। '