গুৱাহাটী, ৩ জুলাইঃ দেশৰ তীৰ্থস্থান অথবা বিদেশ ভ্ৰমণ কৰিব বিছৰা লোকসকলৰ বাবে সুখবৰ । অতি কম খৰচতে ভাৰত ভ্ৰমণৰ সুবিধা দিব ৰে'ল বিভাগে ।
ভাৰতীয় ৰেল বিভাগৰ অধীনস্থ Indian Railway Catering and Tourism Corporation নামৰ সংস্থাটোৱে ভাৰত তথা বিদেশ ভ্ৰমণ যাত্ৰীৰ বাবে হাতত লৈছে এক বিশেষ পদক্ষেপ । চলিত বৰ্ষৰ আগষ্ট মাহতেই যাব প্ৰথমটো ভ্ৰমণ । অতি কম খৰচতে হৰিদ্বাৰ, হৃষিকেশ, বেনাৰচলৈ যাব পাৰিব যাত্ৰীসকলে । ভাৰত ভ্ৰমণৰ নামত প্ৰতিজন যাত্ৰীৰ পৰা ৮,৫০০ টকা ধাৰ্য কৰিছে ৰে'ল বিভাগটোৱে । তাৰোপৰি খোৱা-লোৱা, বিভিন্ন পৰ্যটন স্থলী পৰিভ্ৰমণ কৰা আদিৰ বাবে যাত্ৰীয়ে ব্যয় কৰিব নালাগে কোনো অতিৰিক্ত ধন । লগতে যাত্ৰীসকলৰ ভ্ৰমণৰ সময়ত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী, গীত মাতৰ ব্যৱস্থা কৰিছে বিভাগটোৱে ।
অকল সেয়াই নহয়, বিদেশ ভ্ৰমণৰ বাবেও ব্যৱস্থা হাতত লৈছে Indian Railway Catering and Tourism Corporation চমুকৈ আই আৰ চি টি চিয়ে । আণ্ডামান, থাইলেণ্ড আৰু ভূটানলৈ ভ্ৰমণৰ সুবিধা ল'ব পাৰিব আপুনি । এই ভ্ৰমণৰ বুকিং IRCTCৰ ৱেবছাইটত উপলব্ধ বুলি জানিবলৈ দিয়ে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।
লগতে আন এটা বাতৰি - প্ৰথমবাৰৰ বাবে বড়ো ভাষাত কালজয়ী নাট চিৰাজ