ETV Bharat / state

অসমীয়া ভাষাক গুৰুত্ব নিদিয়া প্ৰতিষ্ঠানৰ বিৰুদ্ধে সাহিত্য সভাই ল'ব গণতান্ত্ৰিক ব্যৱস্থা - সংবাদমেল

অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ লগতে কঠোৰ অসম সাহিত্য সভা ৷ ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় তথা প্ৰতিষ্ঠানত প্ৰাধান্য পাব লাগিব অসমীয়া ভাষাই। অন্যথা গণতান্ত্ৰিক ব্যৱস্থা লোৱাৰ হুংকাৰ অসম সাহিত্য সভাৰ ।

অসমীয়া ভাষাক গুৰুত্ব নিদিয়া প্ৰতিষ্ঠানৰ বিৰুদ্ধে সাহিত্য সভাই ল'ব গণতান্ত্ৰিক ব্যৱস্থা
author img

By

Published : Jul 31, 2019, 5:59 PM IST

গুৱাহাটী,31 জুলাই : অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ জিলা প্ৰশাসন। এতিয়াৰে পৰা সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয়ে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাক সমানে প্ৰাধান্য দিয়াতো বাধ্যতামূলক। জিলা প্ৰশাসনৰ এই সিদ্ধান্তৰ পাছতে অসম সাহিত্য সভাই এক সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত সাহিত্য সভাৰ দীৰ্ঘদিনীয়া এই দাবীক কাৰ্যকৰী কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে জিলা প্ৰশাসনক। সংবাদ মেলত উল্লেখ কৰে যে ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী বিদ্যালয় তথা প্ৰতিষ্ঠানত প্ৰাধান্য পাব লাগিব অসমীয়া ভাষাই। অন্যথা এই ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থা লোৱাৰ হুংকাৰ অসম সাহিত্য সভাৰ। প্ৰশাসনৰ নিৰ্দেশনাক আওকাণ কৰা ব্যক্তিগত তথা চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অসম সাহিত্য সভাই গণতান্ত্ৰিক ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

অসমীয়া ভাষাক গুৰুত্ব নিদিয়া প্ৰতিষ্ঠানৰ বিৰুদ্ধে সাহিত্য সভাই ল'ব গণতান্ত্ৰিক ব্যৱস্থা

লগতে সংবাদমেলত একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে সৰৱ হয় অসম সাহিত্য সভাৰ সভাপতিগৰাকী। শিক্ষানুষ্ঠানসমূহে যদিহে অতি কম দিনৰ ভিতৰত ভাষা নীতি আৰু শিক্ষা নীতি নিয়ম অনুসৰি নচলে তেন্তে সাহিত্য সভাই কঠোৰ পদক্ষেপ ল'ব বুলি সকীয়নি দিয়ে। আনহাতে এতিয়াও অসমীয়া ভাষা ব্যৱহাৰ নকৰা যিকোনো ব্যৱসায়িক প্ৰতিস্থানৰ ফলকত ক'লা ৰঙ সনাৰো সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে সভাপতি গৰাকীয়ে ।

Intro:অসমীয়া ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কঠোৰ জিলা প্ৰশাসন। এতিয়াৰে পৰা সকলো চৰকাৰী-বে চৰকাৰী বিদ্যালয়ে অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাক সমানে প্ৰাধান্য দিব লাগিব। জিলা প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছতেই অসম সাহিত্য সভাৰ সংবাদমেল। সাহিত্য সভাৰ এটা দীৰ্ঘদিনীয়া দাবীক প্ৰশাসনে কাৰ্যকৰী কৰাৰ ধন্যবাদ জ্ঞাপন কৰে। ৰাজ্যৰ সকলো চৰকাৰী-বে চৰকাৰী বিদ্যালয় তথা প্ৰতিষ্ঠানত অসমীয়া ভাষাই প্ৰাধান্য পাব লাগিব। অন্যথা পুণৰ এই ক্ষেত্ৰত গণতান্ত্ৰিক ব্যৱস্থা লোৱাৰ হুংকাৰ অসম সাহিত্য সভাৰ। প্ৰশাসনৰ নিৰ্দেশনাক আওকাণ কৰা ব্যক্তিগত তথা চৰকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে অসম সাহিত্য সভাই ব্যৱস্থা ল'ব বুলি উল্লেখ কৰে সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

Body:ইফালে সংবাদমেলতে একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে সৰৱ অসম সাহিত্য সভাৰ সভাপতিগৰাকী। শিক্ষানুষ্ঠানসমূহে যদিহে অতি কম দিনৰ ভিতৰত ভাষা নীতি আৰু শিক্ষা নীতি নিয়ম অনুসৰি নচলে তেন্তে সাহিত্য সভাই কঠোৰ পদক্ষেপ ল'ব বুলি সকিয়নি প্ৰদান কৰে। আনহাতে এতিয়াও অসমীয়া ভাষা ব্যৱহাৰ নকৰা ফলকত কলা ৰঙ সনাৰো সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.