ETV Bharat / state

নতুন বছৰত ন-উদ‍্যমেৰে কাম কৰিব অসম গণ পৰিষদে

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 8:16 PM IST

Asom Gana Parishad : ২০২৪ বর্ষত দলটোক অধিক শক্তিশালী কৰাৰ বাবে কাম কৰিব অসম গণ পৰিষদে ৷ বছৰৰ অন্তিমটো দিনত সাংবাদিকৰে হোৱা মত বিনিময়ত দলটোৰ নতুন সংকল্পসমূহৰ বিষয়ে সদৰী কৰে ৷

Asom Gana Parishad
নতুন বছৰত ন উদ‍্যমেৰে কাম কৰিব অসম গণ পৰিষদে

গুৱাহাটী, 31 ডিচেম্বৰ: দেওবাৰে অসম গণ পৰিষদৰ গুৱাহাটীস্থিত কাৰ্যালয়ত সাংবাদিকৰ সৈতে মত বিনিময় কৰে দলটোৰ নেতৃবৃন্দই । মত বিনিময় অনুষ্ঠানটোত উপস্থিত থাকে উপস্থিত সভাপতি অতুল বৰা, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, কেশৱ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণীধৰ চৌধুৰীকে ধৰি দলৰ আন বহুকেইগৰাকী কৰ্মকৰ্তা ৷

সাংবাদিকৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত দলৰ ভৱিষ্যৎ পৰিকল্পনা আৰু বিগত বৰ্ষত হৈ যোৱা কাৰ্যাৱলী সন্দৰ্ভত বক্তব্য প্ৰদান কৰে সভাপতি অতুল বৰাই । নতুন বছৰত ন-উদ্যমেৰে কাম কৰা হ'ব বুলি কয় বৰাই । নৱ প্ৰজন্মক লগত লগত লৈ কাম কৰাৰ সংকল্পৰ কথা ক’লে অসম গণ পৰিষদৰ সভাপতিগৰাকীয়ে ।

এই সন্দৰ্ভত সভাপতি অতুল বৰাই কয়, ‘‘ ২০২৪ বৰ্ষৰ লক্ষ্য হৈছে অধিক শক্তি বৃদ্ধি কৰা । ২০২৪ বৰ্ষটোত অসম গণ পৰিষদে ৰাজনৈতিকভাৱে অধিক শক্তি বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে । যিহেতু ২০২৪ বর্ষত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।’’

লোকসভাত অসম গণ পৰিষদৰ প্ৰতিনিধি বৰ্তমান নাই আৰু ৰাজ্যসভাত এগৰাকী সাংসদ আছে বুলি উল্লেখ কৰি অতুল বৰাই কয় যে ২০২৩ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা তেওঁলোকে দলটোক শক্তিশালী কৰিবলৈ প্ৰতিটো সমষ্টিতে কাম কৰি আছে । নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতীয়ে অগপ দলৰ তৃণমূলত দায়িত্ব লোৱাত উৎসাহিত হোৱা বুলিও মন্তব্য কৰে অতুল বৰাই ।

২০২৪ বর্ষৰ বাবে অসম গণ পৰিষদে হাতত লোৱা পৰিকল্পনাসমূহৰ সন্দৰ্ভতো মন্তব্য কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ অসম গণ পৰিষদৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদেও যথেষ্ট কাম কৰি থকা বুলি উল্লেখ কৰে অতুল বৰাই ৷

লগতে পঢ়ক: চাহ শ্ৰমিকক সঠিক দিশত আগুৱাই নিয়াৰ সংকল্প অগপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.