ETV Bharat / state

পৰৱৰ্তী নিৰ্বাচনত চৰকাৰে বেলট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰক: অসম সংগ্ৰামী মঞ্চ - ইভিএম

দেশৰ নিৰ্বাচনৰ ক্ষেত্ৰত ইভিএমৰ ব্যৱস্থাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সংগ্ৰামী মঞ্চই ৷ মঞ্চৰ স্পষ্ট মত, ২১ ৰ নিৰ্বাচনত ইভিএমৰ পৰিৱৰ্তে চৰকাৰে বেলট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰক ৷ ইভিএমৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে বিভিন্ন দল-সংগঠনে ৷

ASM Pressmeet guwahati assam etv bharat news
অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল
author img

By

Published : Aug 24, 2020, 9:07 PM IST

গুৱাহাটী,২৪ আগষ্ট: সদ্যগঠিত ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহলৈ আহ্বান অসম সংগ্ৰামী মঞ্চৰ ৷ বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে আঞ্চলিক শক্তিসমূহে আলোচনাৰ মাধ্যমৰে প্ৰতিটো সমষ্টিত এজনকৈ উমৈহতীয়া আঞ্চলিক প্ৰাৰ্থী আগবঢ়াওক ৷ বিজেপিক পৰাভূত কৰাৰ নামত আঞ্চলিক শক্তিসমূহ বহুধা বিভক্ত নহৈ প্ৰতিটো সমষ্টিত ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে থিয় হওঁক ৷ সোমবাৰে গুৱাহাটী মহানগৰীত এক সংবাদমেল অনুষ্ঠিত কৰি এই আহ্বান জনাই অসম সংগ্ৰামী মঞ্চই ৷

আনহাতে, দেশৰ নিৰ্বাচনৰ ক্ষেত্ৰত ইভিএম ব্যৱস্থাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম সংগ্ৰামী মঞ্চই ৷ মঞ্চৰ স্পষ্ট মত, 21 ৰ নিৰ্বাচনত ইভিএমৰ পৰিৱৰ্তে চৰকাৰে বেলট ব্যৱস্থাৰ প্ৰৱৰ্তন কৰক ৷ ইভিএমৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে বিভিন্ন দল-সংগঠনে ৷ নিৰ্বাচন আয়োগৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠানেহে নিৰ্বাচন চলাইছে বুলি সংবাদমেলখনত অভিযোগ উত্থাপন কৰে অসম সংগ্ৰামী মঞ্চই ৷

বিশ্বৰ প্ৰায় 31খন দেশৰ ভিতৰত মাত্ৰ চাৰিখন দেশেহে ইভিএম ব্যৱহাৰ কৰিছে বুলিও মন্তব্য কৰে মঞ্চই ৷ 2018 চনত তেলেংগানা, মধ্যপ্ৰদেশ, কেৰালা, ছত্তিশগড়, ৰাজস্থান আদিত ইভিএমৰ বিৰুদ্ধে সন্দেহৰ আঙুলি উঠিছিল ৷ আমেৰিকা, ইংলেণ্ডৰ দৰে ৰাষ্ট্ৰই বেলটৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত কৰে বুলি মন্তব্য আগবঢ়াই মঞ্চৰ সভাপতি অদীপ কুমাৰ ফুকনে ৷ ফুকনৰ অভিযোগ অনুসৰি, ইভিএমক শাসকগোষ্ঠীয়ে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰে ৷ লগতে ইয়াক হেক কৰিবও পাৰি ৷ এই ব্যৱস্থা অসাংবিধানিক বুলি অভিযোগ উত্থাপিত হৈ অহাৰ পিছতো ভাৰত চৰকাৰ আৰু নিৰ্বাচনী আয়োগে ইভিএম ব্যৱস্থাৰ পক্ষত থিয় দিয়াটো সন্দেহজনক বিষয় ৷

অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

আনহাতে শাসকীয় বিজেপি দলৰ প্ৰতিও তীব্ৰ বাক্যবান নিক্ষেপ কৰে অসম সংগ্ৰামী মঞ্চৰ নেতা অদীপ কুমাৰ ফুকনে ৷ 2021 ত সৰ্বা চৰকাৰে বেলটৰ জৰিয়তে 30 খন আসন লাভ কৰি দেখুৱাওঁক ৷ উল্লেখ্য যে, অসম সংগ্ৰামী মঞ্চই পৰৱৰ্তী নিৰ্বাচনত 40 টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ চিন্তা কৰিছে বুলি মন্তব্য আগবঢ়ালে সংগ্ৰামী মঞ্চৰ নেতা অদীপ কুমাৰ ফুকনে ৷

লগতে চাওকঃ কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ক'ভিড পজিটিভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.