ETV Bharat / state

Friendship Car Rally 2023: চুবুৰীয়া তিনি ৰাষ্ট্ৰক সামৰি বি আই বি এন ফ্ৰেইণ্ডশ্বিপ কাৰ ৰেলীৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 10:15 AM IST

চতুর্থবাৰৰ বাবে এছিয়ান কাৰ ৰেলী আয়োজন কৰিছে এন ই এফ আই টিয়ে ৷ দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্য, পর্যটন, সংস্কৃতি আদি খণ্ডত উত্তৰ-পূব ভাৰতৰ সম্পৰ্কে প্ৰচাৰ কৰাৰ প্ৰয়াসেৰে এই কাৰ ৰেলী ৷

Friendship Car Rally 2023
দক্ষিণ পূব এছিয়াত জিলিকিব উত্তৰ-পূৱ ভাৰত সংস্কৃতি

গুৱাহাটী, 26 ছেপ্টেম্বৰ: নর্থ-ইষ্ট ফেডাৰেচন অন ইন্টাৰনেশ্যনেল ট্ৰেড সংগঠন চমুকৈ এন ই এফ আই টিয়ে চতুর্থ বাৰৰ বাবে আয়োজন কৰিছে এছিয়ান কাৰ ৰেলীৰ । দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ সৈতে বাণিজ্য, পর্যটন, সংস্কৃতি আদি খণ্ডত উত্তৰ-পূব ভাৰতৰ সম্পৰ্কে প্ৰচাৰ কৰাৰ প্ৰয়াসেৰে এই কাৰ ৰেলী আয়োজন কৰা হৈছে ৷

সোমবাৰে ইণ্ডিয়া ক্লাবত এন ই এফ আই টিৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদমেলত এইকথা সদৰী কৰে এন ই এফ আই টিৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই । তেওঁ সমগ্ৰ কাৰ ৰেলীটোৰ সন্দৰ্ভত কয়, ‘‘ভূটান, নেপাল আৰু বাংলাদেশক সামৰি আয়োজন কৰা কাৰ ৰেলী এইবাৰ নামাকৰণ কৰা হৈছে ‘বি আই বি এন ফ্ৰেইণ্ডশ্বীপ কাৰ ৰেলী 2023’ । অহা 28 ছেপ্টেম্বৰত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত পুৱা 7 বজাত ফ্লে’গ অফ হ'ব ৷ এই কাৰ ৰেলী গুৱাহাটীৰ পৰা গেলেফুৰ দাদগিৰি ভূ-বন্দৰেদি ভূটানত প্রৱেশ কৰিব । তাৰ পৰা ভূটানৰ ৰাজধানী থিম্ফু-ফুন্টচিলিং হৈ জয়গাঁও ভূ-বন্দৰেদি 30 ছেপ্টেম্বৰত ভাৰতত প্রৱেশ কৰিব ।’’

পহিলা অক্টোবৰৰ পুৱা কাৰ ৰেলী শিলিগুৰিৰ পৰা নেপালৰ কাকৰবিট্টাৰ পানী টেংকি ভূ-বন্দৰেদি নেপালত সোমাব । তাৰ পৰা মিথিলা হৈ কাঠমাণ্ডু পাবগৈ এই বি আই বি এন কাৰ ৰেলী । নেপাল পৰিক্রমা সামৰি অহা 6 অক্টোবৰত শিলিগুৰিত উপস্থিত হ'ব । 7 অক্টোবৰত এই কাৰ ৰেলী তুৰা হৈ বাংলাদেশত প্ৰৱেশ কৰি ঢাকাত উপস্থিত হ'ব গৈ । তাৰ পৰা উভতি ছিলেট হৈ 9 অক্টোবৰ দিনা সন্ধিয়া কাৰ ৰেলীৰ ফ্লেগ ডাউন অনুষ্ঠা গুৱাহাটীত অনুষ্ঠিত হ'ব । যাত্রা কালত নেফিটৰ এই আন্তর্জাতিক কাৰ ৰেলীয়ে প্রায় 3,000 কিঃমি পথ পৰিক্রমা কৰিব । সংবাদমেলত এই কথা জানিবলৈ দিয়ে এন ই এফ আই টিৰ সাধাৰণ সম্পাদকে ৷

ইফালে যাত্রাকালত ভূটান, নেপাল আৰু বাংলাদেশৰ কেইবাখনো চেম্বার্ছ অৱ কমাৰ্চৰ সৈতে নেফিটৰ প্ৰতিনিধি দলৰ মাজত আঃন্তৰ্জাতিক সহযোগিতা সন্দৰ্ভত বুজাবুজিব চুক্তি স্বাক্ষৰ হ'ব । এইবাৰ 6 খন গাড়ী আৰু 24 জন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰিব । এইবাৰ বি আই বি এন আন্তর্জাতিক কাৰ ৰেলীৰ নেতৃত্বত থাকিব গুৱাহাটী আই আই টিৰ অৱসৰপ্রাপ্ত অধ্যাপক ড৹ অনুপ গগৈ আৰু নেফিটৰ সাধাৰণ সম্পাদক মৃণাল হাটখোৱাই । কাৰ ৰেলীৰ টেকনিকেল সমন্বয়কৰ দায়িত্বত ৰবি আগৰৱাল আৰু ব্যৱস্থাপনাৰ দায়িত্বও থাকিব হিতেন হাটখোৱা ।

উল্লেখ্য যে, পূৰ্বে 2018 চনত নেফিট সংগঠনে গুৱাহাটীৰ পৰা ম্যানমাৰ-থাইলেও হৈ লাওচৰ ৰাজধানী ভিয়েনতিয়েন আৰু তাৰ পৰা গুৱাহাটীলৈ এছিয়ান কাৰ ৰেলী অনুষ্ঠিত কৰিছিল । তাদুপৰি 2012 আৰু 2016 চনতো গুৱাহাটীৰ পৰা বেংককলৈয়ো এছিয়ান কাৰ ৰেলীৰ আয়োজন কৰিছিল ।

লগতে পঢ়ক:Extra power supply to Assam: অসমলৈ ১৭৯ মেগাৱাট বিদ্যুৎ শক্তি ক্ৰয়ৰ বাবে যোগানৰ অনুমতি কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.