গুৱাহাটী,৪ জানুৱাৰী : অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ কৰ্মচাৰীসকল এইবাৰ প্ৰতিবাদত বহিল (Asam Sahitya Sabha employees protest)। ৪ মাহে বন্ধ হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰীসকলে । সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কৰ্মচাৰীসকলে । শেহতীয়াভাৱে ছেপ্টেম্বৰ মাহৰ পৰা অসম সাহিত্য সভাত কৰ্মৰত কৰ্মচাৰীসকলৰ বন্ধ হৈ আছে দৰমহা ।
সোমবাৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ মূল দুৱাৰৰ সন্মুখত প্ৰতিবাদত বহে কৰ্মচাৰীসকল । কৰ্মচাৰীসকলে দুদিনীয়াকৈ কৰ্মবিৰতি পালন কৰাৰ লগতে গ্ৰন্থমেলাত থকা অসম সাহিত্য সভাৰ বিপনীখনো বন্ধ ৰাখে । কৰ্মচাৰীসকলে চাৰি মাহ দৰমহা নোপোৱাৰ লগতে কৰ্মচাৰীসকলৰ মাহিলী দৰমহাৰ পৰা কৰ্তন কৰা ইপিএফ আৰু ই.এছ.আইৰ ধন শেহতীয়াভাৱে ৫ মাহ জমা দিয়া নাই সাহিত্য সভা কৰ্তৃপক্ষই । ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কৰ্মচাৰীসকল ।
সেয়েহে মাঘ বিহুৰ পূৰ্বে দৰমহা মোকলাই দিয়াৰ দাবী জনাইছে কৰ্মচাৰীসকলে । কৰ্মচাৰীসকলে অসম সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকলৈ কৰ্মচাৰীসকলৰ সমস্যা সম্পৰ্কে দুখনকৈ পত্ৰ প্ৰেৰণৰ পাছতো কোনো উত্তৰ নোপোৱাত ক্ষোভ প্ৰকাশ কৰিছে কৰ্মচাৰীসকলে ।
লগতে পঢ়ক :চিপিআই(এম) ৰ শোণিতপুৰ জিলাৰ ২৩ সংখ্যক সন্মিলন সম্পন্ন