গুৱাহাটী, ১৬ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজান অধিৱেশনলৈ মাজত আৰু মাত্ৰ দুটা দিন। অহা ১৯ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ উজনিৰ চহৰখনত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনতে ছাত্ৰ সংগঠনটোৰ সংবিধান সংশোধিত হোৱাৰ লগতে নেতৃত্বৰ সলনি ঘটিব। সেয়ে, সংগঠনটোৰ বাবে এই অধিৱেশনৰ গুৰুত্ব বহু বেছি। সংগঠনটোৰ এক শীৰ্ষ সূত্ৰই ই টি ভিক জনোৱা মতে, এই অধিৱেশনতে সংশোধিত ৰূপত সংবিধান গৃহীত হোৱাৰ পিছতে নতুন কেন্দ্ৰীয় সমিতি গঠিত হ'ব। ইতিমধ্যে আছুৰ উদ্যোগত অসম জাতীয় পৰিষদ নামৰ ৰাজনৈতিক দল গঠিত হোৱাৰ পিছত সন্থাৰ সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে অৰাজনৈতিক মঞ্চ এৰি নতুন ৰাজনৈতিক দলত যোগ দিয়াৰ সম্ভাৱনা আছে বুলি চৰ্চিত হৈছে।
যদি সেয়া হয়, তেতিয়াহ'লে ছাত্ৰ সংগঠনটোৰ সভাপতি আৰু সম্পাদক হিচাপে কোন কোন স্থলাভিষিক্ত হ'ব সেয়া এই মূহুৰ্তত ডাঙৰ প্ৰশ্ন। ছাত্ৰ সংগঠনটোৰ সূত্ৰটোৱে জনোৱা মতে, এইবাৰৰ অধিৱেশনৰ প্ৰতিনিধি সভাত উজনিৰ দুজন ক্ৰমে শংকৰ বৰুৱা আৰু উদ্দীপ্ত গগৈ, উত্তৰ অসমৰ প্ৰজ্ঞান ভূঞা, নামনি তথা মধ্য অসমৰ ক্ৰমে দিব্যজ্যোতি মেধি, প্ৰকাশ দাস আৰু উৎপল শৰ্মাৰ নাম বিবেচনালৈ অহাৰ সম্ভাৱনা আছে। ইয়াৰে উজনি অসমৰ ডিব্ৰুগড় আছুৰ নেতা শংকৰ বৰুৱা সভাপতি আৰু উদ্দীপ্ত গগৈ সাধাৰণ সম্পাদক পদৰ দাবিদাৰ। প্ৰজ্ঞান ভূঞাও সাধাৰণ সম্পাদক পদৰে দাবীদাৰ।
আনহাতে, সভাপতি আৰু সম্পাদক পদৰ প্ৰাৰ্থী হিচাপে হিচাপে মধ্য অসমৰ পৰা নাম উচ্চাৰিত হৈছে ক্ৰমে প্ৰকাশ দাস, দিব্যজ্যোতি মেধি আৰু উৎপল শৰ্মাৰ। মনকৰিবলগীয়া যে, নতুনকৈ চৰ্চিত নামবোৰ প্ৰাসংগিক হৈ পৰিব বৰ্তমানৰ নেতৃত্বই তেওঁলোকৰ পদবীসমূহ এৰিলেহে। উদাহৰণস্বৰূপে ইতিমধ্যে উজনিৰ পৰা প্ৰতিনিধিত্ব কৰা লুৰিণজ্যোতি গগৈয়ে সম্পাদকৰ পদ এৰিলে আৰু নতুনকৈ যদি সভাপতিৰ আসনলৈ নিৰ্বাচিত নহয়, তেতিয়াহে ডিব্ৰুগড়ৰ প্ৰাৰ্থী দুগৰাকীয়ে আকাংক্ষিত আসনলৈ প্ৰক্ষেপিত হ'ব। একেদৰে, নামনিক প্ৰতিনিধিত্ব কৰি থকা দীপাংক নাথে সভাপতিৰ আসন এৰিলেহে প্ৰকাশ দাস, দিব্যজ্যোতি মেধি বা উৎপল শৰ্মাৰ নাম উচ্চাৰিত হোৱাৰ প্ৰসংগ থাকিব।
কিন্তু তাৰ মাজতে সূত্ৰটোৱে জনোৱা মতে, বৰ্তমানৰ নেতৃত্বৰ পৰিৱৰ্তন হ'লে সভাপতিৰ পদত উজনিৰ উদ্দীপ্ত গগৈ আৰু সাধাৰণ সম্পাদকৰ আসনত শেহতীয়াকৈ কামৰূপ জিলা সমিতিৰ পৰা কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হোৱা দিব্যজ্যোতি মেধি অধিষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিনিধি সভাত চূড়ান্ত হ'বলগীয়া এই সিদ্ধান্তৰ আঁৰত থাকিব সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ পৰোক্ষ সহযোগিতা ।
লগতে পঢ়ক:মৰিগাঁৱত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন