ETV Bharat / state

Parshuram Kund Festival 2023: পৰশুৰাম কুণ্ড মেলাৰ দৰ্শনাৰ্থীৰ বাবে ৱেবছাইট মুকলি

author img

By

Published : Jan 7, 2023, 9:34 PM IST

১২ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ অৰুণাচলত অনুষ্ঠিত হ’ব পৰশুৰাম কুণ্ড মহোৎসৱ ৷ এই মহোৎসৱৰ বাবে ইতিমধ্যে ৰাজ্যখনত ব্যাপক আয়োজন কৰা হৈছে ৷ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ভাৰ্চুৱেলী মুকলি কৰে পৰশুৰাম কুণ্ড মহোৎসৱৰ অফিচিয়েল ৱেবছাইটটো(Parshuram Kund Festival 2023) ৷

Parshuram Kund Festival 2023
পৰশুৰাম কুণ্ডৰ মেলাৰ দৰ্শনাৰ্থীৰ বাবে ৱেবছাইট মুকলি

তেজপুৰ, ৭ জানুৱাৰী: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে আজি ভাৰ্চুৱেলী পৰশুৰাম কুণ্ড মহোৎসৱৰ ৱেবছাইটটো মুকলি কৰে(Parshuram Kund Festival official website launch) ৷ তেওঁ মহোৎসৱৰ ৱেবছাইটৰ লগতে ল'গ' আৰু লোহিত জিলা প্ৰশাসনে সংকলিত কৰা প্ৰচাৰমূলক ভিডিঅ'টোও মুকলি কৰে । ৱেবছাইটটোৱে পৰশুৰাম কুণ্ড মহোৎসৱলৈ যাবলৈ অহা দৰ্শনাৰ্থী তথা তীৰ্থযাত্ৰীসকলক সকলো তথ্য আৰু লজিষ্টিক সহায় আগবঢ়াব ৷ দৰ্শনাৰ্থীসকলে অফিচিয়েল ৱেবছাইট www.parshuram-kund.in লগ ইন কৰি কুণ্ডৰ সমগ্ৰ তথ্য লাভ কৰিবলৈ সক্ষম হ’ব ৷

  • Shimmery aqua blue water at Parshuram Kund and the holy shrine remind of sage Parshuram.

    Come feel vibrations of this iconic place, be part of Parshuram Kund Festival, the Kumbh of Northeast, from January 12-16. 1/2 pic.twitter.com/GDNF9SE4Ur

    — Pema Khandu པདྨ་མཁའ་འགྲོ་། (@PemaKhanduBJP) January 7, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উত্তৰ-পূৱৰ কুম্ভ হিচাপেও পৰিচিত এই মহোৎসৱ চলিত বৰ্ষৰ ১২ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব(Parshuram Kund Festival 2023) । দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে অনলাইন আৰু অফলাইন উভয় দিশত কৰা বিশদ ব্যৱস্থা আৰু আগবঢ়োৱা সেৱাৰ বাবে লোহিত জিলা প্ৰশাসনৰ শলাগ লয় অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷ তেওঁ এইবাৰ উৎসৱৰ সময়ত প্ৰায় ১.৫ লাখ তীৰ্থযাত্ৰী দৰ্শনৰ বাবে অহাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে । তেওঁ লোহিত জিলা প্ৰশাসনে মহোৎসৱখন সুচাৰুৰূপে পৰিচালিত কৰাৰ বাবে পথ সংযোগ আৰু অন্যান্য সা-সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী ভাৱে কাম কৰাৰ কথা সদৰী কৰে ।

তেওঁ মহোৎসৱৰ প্ৰচাৰ তথা আয়োজনৰ বাবে নিয়োজিত হৈ থকা বিষয়াসকলৰ প্ৰশংসা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে আজি মুকলি কৰা এই মহোৎসৱৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰশাসনে পাঁচদিনীয়া এই উৎসৱটো দক্ষতাৰে পৰিচালনা কৰাৰ লগতে পৰ্যটকৰ বাবে উন্নত ভ্ৰমণ আৰু থকাৰ অভিজ্ঞতা সুনিশ্চিত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে । আজি মুকলি কৰা এই মহোৎসৱৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে প্ৰশাসনে পাঁচদিনীয়া এই উৎসৱটো দক্ষতাৰে পৰিচালনা কৰিবলৈ সক্ষম হ’ব আৰু পৰ্যটকৰ বাবে উন্নত ভ্ৰমণ আৰু থকাৰ অভিজ্ঞতা সুনিশ্চিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে, পৰশুৰাম কুণ্ডৰ পবিত্ৰ পানীত ডুব দিলে সকলো পাপ ধুই পেলোৱা হয় বুলি বিশ্বাস কৰা হয় । প্ৰতি বছৰে হেজাৰ হেজাৰ ভক্তই তেজুৰ পৰশুৰামৰ পবিত্ৰ মন্দিৰ দৰ্শন কৰে । কেন্দ্ৰীয় চৰকাৰৰ প্ৰাছাদ আঁচনিৰ অধীনত লোহিত নদীৰ পাৰৰ কুণ্ডস্থানত বিগত দুবছৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে ব্যাপক পৰিৱৰ্তন ঘটিছে । এইবাৰো কুণ্ডলৈ অগণন ভক্তৰ আগমনৰ সম্ভাৱনা থকাত সেই অনুসৰি প্ৰয়োজনীয় সা-সুবিধাৰ ব্যৱস্থা কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত গৈ উৎসৱৰ প্ৰচাৰ চলাই সকলোকে ‘আজীৱন অভিজ্ঞতা’ৰ বাবে ‘আমেজিং অৰুণাচল’লৈ আহিবলৈ আহ্বান জনায় । মন কৰিবলগীয়া যে খাণ্ডুৰ প্ৰায় ২.৫৮ লাখ ফ’ল’ৱাৰ আছে কেৱল টুইটাৰত । ভাৰ্চুৱেল অনুষ্ঠানটোত অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন, সাংসদ তাপিৰ গাও, অঞ্জৱৰ বিধায়ক দাসংলু পুল আৰু চেয়াৰমেন এ পি এম ডি এণ্ড টি চি ডাঃ মহেশ চাইৰ লগতে লোহিত জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Meghalaya Assembly Polls: মেঘালয়ৰ নিৰ্বাচন: তৃণমূল কংগ্ৰেছৰ ৫২ গৰাকী প্ৰাৰ্থী তালিকা ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.