ETV Bharat / state

মালিগাঁৱত উত্তৰ-পূৱৰ বৈচিত্ৰময় সংস্কৃতিৰ ছবি অংকন

author img

By

Published : Mar 6, 2020, 5:06 PM IST

Updated : Mar 6, 2020, 5:23 PM IST

গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে থলুৱা সংস্কৃতিক চিত্ৰৰ মাধ্যমেৰে জীয়াই ৰখাৰ অনন্য প্ৰয়াস গ্ৰহণ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ । দেৱালত চিত্ৰ অংকনেৰে এই প্ৰচেষ্টাক সাকাৰ ৰূপ দিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ৷ ইয়াৰ জৰিয়তে থলুৱা শিল্পীসকলৰ কৰ্মৰাজীক বাহিৰলৈ অনাৰ চেষ্টা চলাইছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ৷

Art on culture of north east on wall at maligaon kamrup metro assam etv bharat news
গুৱাহাটী মহানগৰীৰ সৌন্দৰ্য বৰ্ধন

গুৱাহাটী,5 মাৰ্চঃ চিত্ৰৰ মাধ্যমৰে উত্তৰ-পূৱৰ বৈচিত্ৰময় সৌন্দৰ্য উদ্ভাসিত কৰি ৰখাৰ পদক্ষেপ হাতত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ কলা-সংস্কৃতি চিত্ৰৰ মাধ্যমেৰে ৰাইজৰ মাজত তুলি ধৰাৰ প্ৰয়াস কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । সৌন্দৰ্য বৰ্ধন তথা থলুৱা সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে এই প্ৰচেষ্টা হাতত লৈছে ৰে'ল বিভাগে ।

সেইসূত্ৰে মহানগৰীৰ মালিগাঁও চাটেলগেটত বিভিন্ন চিত্ৰ অংকন কৰা হৈছে । ৰে'লৱেৰ অধীনষ্ঠ ৰে'ল উৰণীয়া সেঁতু আৰু ক’পাৰটিভৰ বাহিৰৰ বেৰত উত্তৰ-পূৱৰ কলা-সংস্কৃতি অংকন কৰা হৈছে । ইফালে এই ছবিসমূহ অংকনৰ বাবে অঞ্চলটোৰ থলুৱা শিল্পীসকলক দায়িত্ব দিয়া হয় । থলুৱা সংস্কৃতি জাগ্ৰত কৰি ৰখাৰ লগতে শিল্পীসকলক এখন মঞ্চ দিয়াৰো এয়া এক প্ৰয়াস গ্ৰহণ ৰে'ল বিভাগৰ । উল্লেখ্য যে,ৰে'লৱেৰ পৰিসৰসমূহ চাফ-চিকুণ আৰু সৌন্দৰ্যবৰ্ধনৰ বাবে এনেধৰণৰ কেইবাটায়ো পদক্ষেপ হাতত লৈছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । ইতিমধ্যে কামাখ্যা ষ্টেচন,গুৱাহাটী ৰে'ল ষ্টেচনত সম্পূৰ্ণ হৈছে সৌন্দৰ্যবৰ্ধনৰ কাম ৷

মহানগৰীত দেৱাল অংকন

লগতে চাওকঃযোৰহাটৰ ৰাজপথত প্ৰতিবাদ অংগনবাড়ী কৰ্মীৰ

Last Updated : Mar 6, 2020, 5:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.