ETV Bharat / state

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ মূখ্যমন্ত্ৰী সোণোৱালৰ - 'ৰিপাব্লিক টিভি'

দেশৰ আগশাৰীৰ সংবাদ গোষ্ঠী 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বুধবাৰে পুৱা গোস্বামীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। এই ঘটনাক গৰিহণা দিছে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো।

অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ মূখ্যমন্ত্ৰী সোণোৱালৰ

author img

By

Published : Nov 4, 2020, 8:07 PM IST

গুৱাহাটী, ৪ অক্টোবৰ: বিশিষ্ট সাংবাদিক, 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে অতি দুৰ্ব্যৱহাৰ কৰা আৰু গ্ৰেপ্তাৰ কাৰ্য কঠোৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ নামত মুম্বাই আৰক্ষীয়ে যি নিৰ্যাতন চলালে সেয়া অমানৱীয় আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি এক ভাবুকি।

  • A Black Day for Indian demoracy.

    I strongly condemn the assault on senior journalist #ArnabGoswami by Mumbai police. Vendetta politics should be stopped and freedom of press should be maintained in Maharashtra by releasing Mr Goswami immediately.

    — Sarbananda Sonowal (@sarbanandsonwal) November 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, ৰাজ্যৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো অৰ্ণৱ গোস্বামীৰ ওপৰত হোৱা আক্ৰোশমূলক আচৰণক গৰিহণা দিছে। তেওঁ কয় যে, এটা পুৰণি গোচৰত মুম্বাই আৰক্ষীয়ে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰি নিজৰে স্বৰূপ উদঙাই দিছে। আজি দুয়োগৰাকী নেতাই টুইটযোগে সাংবাদিকগৰাকীক মোকলাই দিবলৈ দাবী জনায়। সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো সাংবাদিক অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ ঘটনাক গৰিহণা দি মোকলাই দিবলৈ দাবী জনাইছে । উল্লেখ্য যে, বুধবাৰে পুৱা মুম্বাই আৰক্ষীৰ চি আই ডি শাখাই ২০১৮ চনৰ এটা আত্মহত্যাৰ গোচৰত অৰ্ণৱ গোস্বামীক মুম্বাইস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে।

  • .@republic Editor-in-Chief Arnab Goswami physically assaulted & arrested by Mumbai police is nothing but muzzling freedom of press by the vindictive M'rashtra govt. Strongly condemn this shameless politically motivated Mumbai police action. It's like Emergency days in Maharashtra

    — Himanta Biswa Sarma (@himantabiswa) November 4, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

২০১৮ চনত আত্মহননৰ পথ বাচি লোৱা আলিবাগৰ অনভয় নায়কৰ আত্মহত্যাৰ টোকাত উল্লেখ আছিল অৰ্ণৱ গোস্বামীৰ নাম। অনভয় নায়কৰ মাতৃয়েও আত্মহত্যা কৰিছিল। অৰ্ণৱ গোস্বামীসহ আন দুজন লোকে ৫.৪০কোটি টকা নায়কক দিবলৈ বাকী আছে বুলি আত্মহত্যাৰ টোকাত লিখা হৈছিল। এই সন্দৰ্ভত নায়কৰ কন্যাই আলিবাগ থানাত গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদকগৰাকীক গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ টি আৰ পিৰ গোচৰতো নাম সাঙোৰ খাইছিল বিশিষ্ট সাংবাদিকগৰাকীৰ।

লগতে পঢ়ক:বিজেপিৰ পৰা এইবাৰ অধিক আসন বিচাৰিব অগপইঃ অতুল বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.