ETV Bharat / state

Abhijit Sharma on Ranjan Gogoi: 32 দিনৰ ভিতৰত ক্ষমা নুখুজিলে ৰঞ্জন গগৈৰ বিৰুদ্ধে তৰিব মানহানিৰ গোচৰ

author img

By

Published : Jan 11, 2023, 6:51 PM IST

এইবাৰ দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মা ৷ বৰ্তমান ৰাজ্যসভাৰ সাংসদ গগৈৰ বিৰুদ্ধে মানহানি গোচৰ তৰিবলৈ সাজু হৈছে শৰ্মা (Defamation case against former CJI Ranjan Gogoi) ৷ ৰঞ্জন গগৈক 32 দিনৰ ভিতৰত ক্ষমা খুজিবলৈ হুংকাৰ দিলে আভিজিৎ শৰ্মাই ৷ কিন্তু কিয় ক্ষমা খুজিব লাগে ৰঞ্জন গগৈয়ে ? পঢ়ক সবিশেষ...

ৰঞ্জন গগৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ
Abhijit Sharma on Ranjan Gogoi

ৰঞ্জন গগৈৰ বিৰুদ্ধে ক্ষোভ আভিজিৎ শৰ্মাৰ

গুৱাহাটী, ১১ জানুৱাৰী: দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মা ৷ প্ৰাক্তন মুখ্য ন্যায়ধীশ ৰঞ্জন গগৈৰ Justice for the judges নামৰ কিতাপখনত আভিজিৎ শৰ্মাৰ নাম উল্লেখ কৰাক লৈ অসস্তুষ্টি প্ৰকাশ শৰ্মাৰ । আভিজিৎ শৰ্মাৰ বাবেই প্ৰতীক হাজেলাক মধ্য প্ৰদেশলৈ বদলি কৰাৰ কথা উল্লেখ আছে কিতাপখনত (Book by Former CJI Ranjan Gogoi) ।

সেয়ে ৩২ দিনৰ ভিতৰত ৰঞ্জন গগৈক ক্ষমা খোজাৰ দাবী জনায় আভিজিৎ শৰ্মাই । অন্যথা ৰঞ্জন গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিয়ে এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে (Defamation case against former CJI Ranjan Gogoi) । লগতে প্লে’কাৰ্ড লৈ গীতানগৰস্থিত ৰঞ্জন গগৈৰ ঘৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও মন্তব্য কৰে শৰ্মাই ।

উল্লেখ্য যে, অন্ত পৰা নাই এন আৰ চিত সংঘটিত কেলেংকাৰীৰ বিতৰ্ক ৷ এন আৰ চিত ৩ হাজাৰ কোটিৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ । মধ্যপ্ৰাচ্যত ৰচনা হৈছিল দুৰ্নীতিৰ খচৰা ৷ এই বিস্ফোৰণ অভিযোগ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মাৰ (Scam in NRC)। এন আৰ চিৰ নামত কেৱল অপাৰেটৰ নিযুক্তি আৰু জেনেৰেটৰ ক্ৰয়তেই বিয়াগোম কেলেংকাৰী সংঘটিত হোৱা নাছিল, প্লাষ্টিকৰ ফ’ল্ডাৰ ক্ৰয়ৰ নামতো সংঘটিত হৈছিল শ শ কোটিৰ দুৰ্নীতি ৷ এই বিস্ফোৰক অভিযোগ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শৰ্মাৰ (Abhijit Sharma on NRC scam) ৷

বুধবাৰে গুৱাহাটীৰ গৌৰী সদনত সংবাদমেল আয়োজন কৰি শৰ্মাই কয় যে, NRC ত কেগৰ প্ৰতিবেদনতকৈও ভয়াৱহ কেলেংকাৰী হৈছে । কেগে কোৱাৰ দৰে এয়া কেৱল ২৬০ কোটি টকাৰ কেলেংকাৰী নহয় । ৩ হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে NRC ত । আভিজিৎ শৰ্মাৰ অভিযোগ মতে, প্লাষ্টিকৰ ফ'ল্ডাৰ ক্ৰয়ৰ নামত ৮০ কোটি টকাৰ আত্মসাৎ কৰিছে কেপ্টেইন হাজেলাই (NRC scam in Assam) ।

লগতে পঢ়ক: CAG Report on NRC: কেগৰ প্ৰতিবেদনত এন আৰ চিৰ বিয়াগোম কেলেংকাৰীৰ তথ্য

এইবাৰ এই দুৰ্নীতিত নাম সাঙোৰ খাইছে প্ৰলয় শীল আৰু আৰমান শ্বেখ নামৰ দুজন ব্যক্তিৰ নাম ৷ মুৰছিদাবাদৰ পৰা হোৱা যোগাযোগৰ পাছত মধ্যপ্ৰাচ্যত দুৰ্নীতিৰ ব্লুপ্ৰিন্ট ৰচনা কৰা হৈছিল বুলি সংবাদমেলত প্ৰকাশ কৰে আভিজিৎ শৰ্মাই ৷ কেনেদৰে এই লেনদেন হৈছিল সেয়াও বিৱৰি ক’লে এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে । তেওঁ কয় যে, প্লাষ্টিকৰ ফোল্ডাৰ ক্ৰয়ৰ পৰাই আৰম্ভ হৈছিল এন আৰ চিৰ দুৰ্নীতি ৷ ৫ টকাৰ ফোল্ডাৰ ২৫ টকাত ক্ৰয় কৰি পাতনি মেলা হৈছিল এই দুৰ্নীতিৰ ৷ ইয়াৰ দালাল আছিল প্ৰলয় শীল (Assam NRC news)।

তেওঁ লগতে কয়, ‘‘এন আৰ চিৰ নামত লুণ্ঠন চলোৱা ব্যক্তি আজি বিদেশৰ বাসিন্দা ৷ ইপিনে ৮০ লাখ বাংলাদেশীৰ নাম NRC ত অন্তৰ্ভুক্ত কৰাৰ বাবে হাজেলাৰ হৈ ৮০ লাখ মানুহৰ প্ৰত্যেকজনৰ বিপৰীতে ১০০০ টকাকৈ লৈছিল আৰমান শ্বেখে’’ । ভঙাগড়ৰ ফ্ল'ৰ মীলতে সমগ্ৰ ধনৰ লেনদেন হৈছিল বুলিও সংবাদমেলত বিষ্ফোৰক অভিযোগ কৰে শৰ্মাই ।

এইদৰেই এন আৰ চিৰ আন এক অপ্ৰকাশিত অধ্যায় মুকলি কৰিলে এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে ৷ চফ্টৱেৰ দুৰ্নীতি সৈতে অভিজিৎ ভূঞা নামৰ এজন আমেৰিকাত থকা ব্যক্তি জড়িত হৈ আছে । অভিজিৎ ভূঞাই আমেৰিকাৰ পৰা এই দুৰ্নীতিত সহায় কৰিছিল বুলি আভিজিৎ শৰ্মাই উল্লেখ কৰে ।

ইয়াৰ পূৰ্বে কেগৰ প্ৰতিবেদনতো এন আৰ চিৰ নামত সংঘটিত দুৰ্নীতিৰ দস্তাবেজ প্ৰকাশ পাইছিল ৷ কিন্তু ৰহস্যজনকভাৱে এই দুৰ্নীতি সন্দৰ্ভত এতিয়াও কোনো ব্যৱস্থা লোৱা নাই অসম চৰকাৰে ৷ পৰৱৰ্তী সময়ত এন আৰ চি কেলেকাৰীৰ আৰু কি কি নতুন তথ্য পোহৰলৈ আহে বা চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা লয় সেয়া লক্ষ্য়ণীয় হ’ব ৷

লগতে পঢ়ক: NRC issue: এন আৰ চি কেলেংকাৰীত দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ জড়িত থকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.