ETV Bharat / state

SLAC-ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীৰ APSCত ভাল ফলাফল - প্ৰশিক্ষণ

ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা পৰিষদে প্ৰশিক্ষণ প্ৰদান কৰা শিক্ষাৰ্থীৰ ভাল ফলাফল অসম লোকসেৱা আয়োগত । ২০১৮ বৰ্ষত পৰিষদে প্ৰশিক্ষণ দিয়া ১৪০ গৰাকীৰ ভিতৰত ৪৫ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হয় । ২০১৭ চনত প্ৰশিক্ষণ লাভ কৰা ৩৪ জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ।

SLACত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষাৰ্থীৰ সুন্দৰ ফলাফল APSCত

author img

By

Published : Dec 27, 2020, 8:47 PM IST

গুৱাহাটী , ২৭ ডিচেম্বৰ : শেহতীয়াকৈ ঘোষণা কৰা হ’ল অসম লোকসেৱা আয়োগৰ ১৩৫ টা পদৰ ফলাফল । এই ফলাফলত ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদে (SLAC) প্ৰশিক্ষণ প্ৰদান কৰা ছাত্ৰ ছাত্ৰীসকলে চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয় । ২০১৮ বৰ্ষত পৰিষদে প্ৰশিক্ষণ দিয়া ১৪০ গৰাকীৰ ভিতৰত ৪৫ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হয় ।

উল্লেখ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশত সদস্য সচিব লক্ষ্য কোঁৱৰে ২০১৭ চনৰ পৰাই এই শিক্ষাৰ বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে ৰাজ্যত ৷ ২০১৭ চনত এই প্ৰশিক্ষণ লাভ কৰা ৩৪ জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল । ক্ৰমাগতভাৱে উপদেষ্টা পৰিষদে তৃতীয়বাৰৰ বাবে আৰম্ভ কৰা এইবাৰৰ প্ৰশিক্ষণত প্ৰায় ১০০০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল ।

ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে সংবাদ মাধ্য়মক জানিবলৈ দিয়া মতে, আগন্তুক দিনত এ পি এছ চি, ইউ পি এছ চিৰ লগতে উপদেষ্টা পৰিষদে বেংক, এছ এছ চিৰো প্ৰশিক্ষণৰ দিহা কৰিব । এ পি এছ চিত উত্তীৰ্ণ প্ৰাৰ্থী সকলে সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি বিৰোধী স্থিতিক আদৰণি জনোৱাৰ লগতে যুৱ প্ৰজন্মৰ এ পি এছ চিৰ প্ৰতি মনোভাৱ ইতিবাচক হোবা বুলি মন্তব্য কৰে ।

এইবাৰৰ অসম লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফলত ছাত্ৰ আৰু যুৱকল্যাণ উপদেষ্টা পৰিষদে প্ৰশিক্ষণ প্ৰদান কৰা কংকনজ্যোতি শইকীয়াই এ চি এছৰ প্ৰথম স্থান দখল কৰাৰ সমান্তৰালভাৱে জিন্তু শৰ্মাই দ্বিতীয স্থান আৰু নিমাশ্ৰী ডাউকাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :সন্তোষ হোজাই হত্য়াকাণ্ডৰ নতুন মোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.