ETV Bharat / state

Power tariff hike in Assam: গৰমত জনতাক আৰু অধিক গৰম কৰিছে এপিডিচিএলে : ৰাণা গোস্বামী - Increase in electricity charges in Assam

বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ তেওঁ কয় যে বিগত সময়চোৱাত এ পি ডি চি এলে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ শোধাইছে (Power tariff hike in Assam) ৷

Power tariff hike in Assam
বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ শোধাইছে:ৰাণা গোস্বামী
author img

By

Published : Jun 2, 2023, 10:55 PM IST

বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাণা গোস্বামীৰ

গুৱাহাটী, 2 জুন: উৎকট গৰমে ৰাজ্যবাসীক জ্বলা-কলা খোৱাই থকাৰ সময়তে এ পি ডি চি এলে পুনৰ বৃদ্ধি কৰিলে বিদ্যুৎ মাচুল ৷ পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন (Power tariff hike in Assam) ৷

বিদ্যুৎ মাচুল বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয় যে বিগত কেইবাদিন ধৰি গৰমে স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰি তোলাৰ সময়তে এ পি ডি চি এলে পুনৰ মাচুল বৃদ্ধি কৰি সকলোৰে আৰু বেছি গৰম উঠাই দিছে ৷ তেওঁ লগতে কয় যে বিগত সময়চোৱাত এ পি ডি চি এলে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ শোধাইছে ৷ মে' মাহৰ পৰা পুনৰ প্ৰতি ইউনিটত 30 পইচাৰ পৰা 70 পইচা মাচুল বৃদ্ধি কৰা হৈছে ৷ জনতাক পিছফালৰ পৰা টেটু চেপি মাৰিব বিচাৰিছে চৰকাৰে বুলি মন্তব্য কৰে তেওঁ (APCC Working President Rana Goswami) ৷

তেওঁ কয় যে ৰাজভঁৰাল উদং আৰু চৰকাৰখনে ঋণৰ ওপৰত ঋণ লৈ আছে ৷ এতিয়া চৰকাৰখনে যিকোনো প্ৰকাৰে ৰাইজৰ ওপৰত কৰৰ বোজা জাপি দি নাইবা মাচুল বৃদ্ধি কৰি ৰাজহ সংগ্ৰহৰ বাবে উঠি পৰি লাগিছে ৷ ছটা বিভাগক 36 হাজাৰ কোটি টকা ৰাজহ হিচাপে সংগ্ৰহ কৰাৰ দায়িত্ব দিয়া হৈছে (Rana Goswami Reacts on Power tariff hike in Assam) ৷

আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে কয় যে এইখন চৰকাৰে নিৰ্বাচনৰ সময়ত 30 ইউনিটকৈ বিদ্যুৎ বিনামূলীয়াকৈ দিয়াৰ কথা ঘোষণা কৰিছিল ৷ সেই প্ৰতিশ্ৰুতি ক'ত গ'ল বুলিও তেওঁ প্ৰশ্ন কৰে ৷ তেওঁ বিদ্যুৎ মাচুল বৃদ্ধিৰ তীব্ৰ বিৰোধীতা কৰি ইয়াক বাতিল কৰাৰ বাবে দাবী জনায় (Increase in electricity charges in Assam) ৷

উল্লেখ যে ইন্ধন আৰু শক্তি ক্ৰয়ৰ নামত এ পি ডি চি এলে প্ৰতি ইউনিটত এইবাৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰিলে 30 পইচাৰ পৰা 70 পইচালৈ (Press Meet of Congress Leader Rana Goswami) ৷

লগতে পঢ়ক: Electricity tariff hike in Assam: পুনৰ বৃদ্ধি বিদ্যুৎ মাচুল; যোৰহাটত জাঙুৰ খাই উঠিল দল-সংগঠনৰ লগতে ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.